নৈখন সলনি নোহোৱা হ’লে  কাৰ্চাং তাকাৰ


 নৈখন সলনি নোহোৱা হ’লে

কাৰ্চাং তাকাৰ


শুনিছিলোঁ। এই বাটেদি কোনোকালে ৰঙানৈ উভতি নহাৰ

এতিয়া ওৰেটো নিশা ঘৰালত থকা হাঁহ-কুকুৰাৰ বাবে শিয়ালীলৈ কোনেও জাগি নাথাকে


দেখিছো শুনিছোঁ বুজিছোঁ-জগত পৰিৱৰ্তনৰ কথা

মথাউৰিৰ কাষেদি পাৰ হ’লেও নেদেখো সেউজীয়া ৰংমিলিৰ সেউজ হাঁহি


কোনোবা এটা সময়ত  পিতাইৰ উৰুখা পঁজালৈ উভতি আহিলে নেদেখোঁ—

একালৰ বৰমাৰ সেন্ধুৰীয়া হাঁহি,নুশুনো—এই ৰহেদৈ-মুদৈ বিলৰ গৰৈ, পুঠি, খলিহনা মাছৰ কথা ।


অ’ মোৰ উৰুখা পঁজাৰ মানুহ, কুশলে আছেনে?

কেতিয়াবা কেতিয়াবা পশ্চিমৰ পৰা এজাক বতাহ আহিলে সলনি হোৱা যেন লাগেনে এই দুনীয়াক

অৱশ্যে সলনি হ’ল—মানুহৰ আন্তৰিকতাৰ সঁচা মনবোৰ।


অকণমান ৰৈ, আধুনিকতাৰ বতাহ জাঁকত  পঁজাটোৰ খেৰৰ লেচেৰিবোৰ গণোঁতে

লাহে লাহে ঐতিহ্যৰ পৰা পশ্চিম বতাহত ডুব যোৱা বেলিৰ বিষণ্ণতা পাওঁ—বৃদ্ধ প্ৰজাতিৰ।


মই আচম্বিত হৈ ঈশ্বৰৰ ওচৰত ভিক্ষা মাগোঁ  বাৰে বাৰে —হে প্ৰভু ইয়াত দুজোঁপা বৰগছ আছে।

এটা বৰগছ গ’ল,আনটো  বৰগছক ছাঁ দিবলৈ দিয়া।

এটা বৰগছে ছাঁ দি গ’ল অনন্ত ধামলৈ,

আনটো বৰগছক আমাৰ ছাঁত জিৰাবলৈকে পানী দি জীয়াই ৰাখা।


হাতৰ মুঠিত লাহে লাহে ধৰিব শিকিছোঁহে—

আন্তৰিকতা,কৃতজ্ঞতা আৰু ভালপোৱাক

ব্যক্তিগত -সামাজিকভাৱে।

ঘৰৰ ওখ ওখ চিৰিত খোঁজ এতিয়াও অতি বিন্দুত্ব।


তথাপিও যেন সমাজৰ ছবিখন ধুনীয়া—

য’ত য’ত ৰং নাই তাত ৰং দি সুন্দৰ কৰিব বিচাৰোঁ

আন্তৰিকতা,অহিংসাৰ।