সময়ৰ সুখ,

ৰশ্মিজ্যোতি নৰহ

সময়ৰ সুখবোৰ সৰু সৰু ক্ষণ,                         

 কেতিয়াবা হাঁহিৰ, কেতিয়াবা মৰমৰ,                       

 জীৱনৰ ব্যস্ততাৰ মাজত সেই ক্ষণবোৰেই হৈ পৰে

আটাইতকৈ আপোন।আপোনজনৰ এষাৰ মিঠা কথাত,

 অজানিতে ওলাই অহা এটি হাঁহিত, 

মনৰ কথা বুজি পোৱা কোনোবা এজনৰ 

নীৰৱ উপস্থিতিতো সুখ বিচাৰি পাওঁ।

কেতিয়াবা বৰষুণৰ টোপালত,   

কেতিয়াবা সেউজীয়া পথাৰৰ মাজত,

কেতিয়াবা নীলা আকাশখন চাই 

  মনটোৱে নিজেই শান্তি বিচাৰি লয়।

সময়ৰ সোঁতত বহু কথা হেৰাই যায়,

বহু মানুহ দূৰলৈ আঁতৰি যায়,

তথাপিও কিছুমান মধুৰ স্মৃতি

মনৰ কোণত সদায় জীয়াই থাকে।

জীৱন যে সদায় একে নাথাকে,

সুখৰ পিছত দুখ, দুখৰ পিছত সুখ;

সেয়ে পোৱা সুখবোৰক সাঁচি ৰাখোঁ,

নহলে সময় পাৰ হৈ গলে

সেই ক্ষণবোৰ মাথোঁ স্মৃতি হৈ ৰয়।

 

সুখ মানে সদায় ডাঙৰ কিবা এটা নহয়,

সুখ মানে কেতিয়াবা নিৰ্ভয়ে হাঁহিব পৰা,

নিজৰ আপোন মানুহবোৰক কাষত পোৱা,

আৰু সকলো হেৰুৱাৰ মাজতো

আশাৰে আকৌ আগুৱাই যাব পৰা।

 

সময়ৰ সুখবোৰ ক্ষণস্থায়ী হলেও,

তাৰ অনুভৱবোৰ বৰ গভীৰ;

জীৱনটো যিমানেই কঠিন নহওক,

সৰু সৰু সুখবোৰ আঁকোৱালি লৈ

মই প্ৰতিটো পুৱা নতুন আশাৰে জীয়াব বিচাৰোঁ।