ভাগৰি পৰোঁ কেতিয়াবা

ৰশ্মিজ্যোতি নৰহ।

শিক্ষা:- এম এ.


ভাগৰি পৰোঁ কেতিয়াবা,

নিজৰেই মনত সন্দেহ জাগে,

“মই পাৰিম নেকি?”—এই প্ৰশ্নই

আত্মবিশ্বাসক জোকাৰি তোলে।

“Sometimes I Feel Tired” is a heartfelt Assamese poem by Smt. Rashmijyoti Norah, exploring the emotional struggles, self-doubt, changing relationships, and uncertainties that are part of life. The poem beautifully expresses those moments when we question our abilities, lose confidence, feel stuck because of circumstances, or experience the gradual distance of people and relationships that once meant everything to us.  However, the poem does not portray tiredness as failure. Instead, it reminds us that feeling exhausted or taking a pause is a natural part of the journey. Sometimes, we simply need to stop for a while, understand ourselves, regain our strength, and prepare to move forward again.  With its emotional depth and hopeful message, the poem encourages readers to believe in themselves even during difficult times. It reminds us that setbacks are temporary and that every pause can become an opportunity for self-discovery, renewed confidence, and new dreams.  **Author:** Smt. Rashmijyoti Norah **Qualification:** M.A.
আসন সীমিত আজিয়েই যোগাযোগ কৰক


ভাগৰি পৰোঁ কেতিয়াবা,

ভাগ্যৰ আঁৰত থমকি ৰওঁ,

সপোনবোৰে আগবাঢ়িবলৈ ক’লেও,

ভাগ্যই হাঁহি কয়—“এতিয়াও হোৱা নাই সময়।”


ভাগৰি পৰোঁ কেতিয়াবা,

সময়ৰ গতিত হেৰাই যাওঁ,

যি মৰম চিৰদিন বাচি থাকিব বুলি ভাবিছিলোঁ,

সেই মৰমেই সময়ৰ সোঁতত

অলপ অলপকৈ হেৰাই যায়।


ভাগৰি পৰোঁ কেতিয়াবা,

যি সম্পৰ্কবোৰ হৃদয়ৰ চেতনাত জড়িত আছিল,

সেইবোৰেই এদিন অচিনাকি হৈ পৰে,

মৰমৰ মাজতো অজানিতে

দূৰত্বৰ সৃষ্টি হয়।


তথাপি…

এই ভাগৰি পৰা মুহূৰ্তবোৰেই

মোক শক্তিশালী কৰি তোলে।

কাৰণ ভাগৰি পৰা মানে—

পৰাজয় মানি লোৱা নহয়,

লৰচৰ হৈ যোৱা নহয়;

কেৱল কিছু সময়ৰ বাবে

থমকি ৰোৱা।


আকৌ উঠিবলৈ,

আকৌ আগুৱাবলৈ,

আকৌ সপোন দেখিবলৈ—

কিছু সময় নিজকে

নিজৰ মাজতে বিচাৰি লোৱা।