মা-দেউতা মোৰ বহুত মৰমৰ,ৰশ্মিজ্যোতি নৰহ

  

মা-দেউতা মোৰ বহুত মৰমৰ,ৰশ্মিজ্যোতি নৰহ


মা-দেউতা মোৰ বহুত মৰমৰ 

✍️ ৰশ্মিজ্যোতি নৰহ


মা-দেউতা নহ'লে ক'তনো থাকিব  

মোৰ এই সৰু পৃথিৱীখন,  

তেওঁলোকৰ মৰমতে জীপাল হৈ উঠে  

মোৰ প্ৰতিটো পুৱা-সন্ধিয়াৰ ক্ষণ।


সৰুৰে পৰা দেউতাই মোক  

কেতিয়াও আতৰি থাকিবলৈ নিদিলে  

মোৰ প্ৰতিটো খোজতে  

মৰমৰ ছাঁ হৈ কাষত ৰ'লেহি।


মই ওচৰ ক'ৰবালৈ ওলাই গ'লে মা-দেউতাক কয় যাওঁ  

ভাত নোখোৱাকৈ ৰয় দিবা, দেউতা খোৱা সময়ত মোক  

ফোন কৰি মাতিবই ভাত খাব হৈছে বুলি মই ধৰি যাওঁ।  

সচাঁকৈ সেই মৰমবোৰ নিভাঁজ।


একেলগে বহি ভাত নাখালে  

মই যেন ভাত খাব মন নাযায় ,

মা-দেউতাৰ কাষত বহি ভাত খালে 

ভাতৰ যেন সোৱাদ থাকে,  

লগতে মোৰ মনটোৱে শান্তি পায় থাকে।


ক'ৰবাত থাকিব গ'লেও মই বেলেগৰ ঘৰত থাকিব নোৱাৰোঁ,

সন্ধিয়া হ'লেই ঘৰখনলৈ মনত পৰে,  

মোৰ চকুৰ কোনত পানী জমে  

মা-দেউতাৰ মৰমে বুকুখন ভৰাই তোলে।


আজি মই ডাঙৰ হৈ আহিছোঁ  

জীৱনেও নতুন বাট দেখুৱাইছে।  

কিন্তু......

 মনটোৱেই আজিও সেই সৰু ছোৱালীৰ দৰে  

মা-দেউতাৰ কাষতেই থাকিব বিচাৰিছে।


মা-দেউতা, তোমালোকক এৰি.....  

মই বাৰু কেনেকৈ থাকিব পাৰিম?  

জীৱনে যদি মোক দূৰলৈ লৈ যায়  

তথাপিও মনটো তোমালোকৰ কাষতেই ৰাখিম।


যিমানেই দূৰলৈ যাওঁ মই  

মনটো সদায় ঘৰতে ৰৈ যায়,  

মা-দেউতাৰ মৰমৰ বান্ধোনে  

মোক প্ৰতিদিনে আকৌ ঘৰলৈ মাতি যায়।


মা-দেউতা তোমালোকেই মোৰ  

জীৱনৰ আটাইতকৈ মৰমৰ ঠাই,  

তোমালোকৰ অবিহনে এই জীৱনটো  

মই কল্পনাও কৰিব নোৱাৰোঁ,  

তোমালোকেই মোৰ পৃথিৱী।  

তোমালোকেই মোৰ জীয়াই থকাৰ  

আটাইতকৈ ধুনীয়া ঠাই।

মা-দেউতা মোৰ বহুত মৰমৰ,ৰশ্মিজ্যোতি নৰহ

Post a Comment

0 Comments