দূৰত্বত আবদ্ধ অনুভৱ
কুঞ্জলতা টাইদ
বহুদিন ধৰি তোমাৰ লগত কথা হোৱা নাই,
তথাপিও প্ৰতিটো মুহূৰ্তত তোমাকেই অনুভৱ কৰোঁ।
শব্দবোৰ যেন থমকি ৰৈছে,
আৰু মনটোৱে কেৱল তোমাৰ খবৰ বিচাৰি ফুৰিছে।
সকালে চকু মেলিলেই প্ৰথমে মনত পৰে তোমাৰ কথা,
ৰাতি শুবলৈ গ’লেও শেষ চিন্তাটো তুমি।
এই দুদিনৰ নীৰৱতাই
হৃদয়খনত এচাম অজানা শূন্যতা এৰি গৈছে।
ফোনখন বাৰে বাৰে হাতত লওঁ,
হয়তো তোমাৰ এটি বাৰ্তা আহিব বুলি।
প্ৰতিটো সৰু শব্দত চমকি উঠোঁ,
হয়তো তুমি মোক মনত পেলাইছা বুলি।
দূৰত্বই হয়তো আমাক অলপ আঁতৰাই ৰাখিছে,
কিন্তু অনুভৱবোৰক কেতিয়াও বন্দী কৰিব পৰা নাই।
কাৰণ মোৰ হৃদয়ৰ প্ৰতিটো স্পন্দনত
এতিয়াও কেৱল তোমাৰেই নাম লিখা আছে।
এই অপেক্ষা, এই নীৰৱতা,
এই অকলশৰীয়া অনুভৱবোৰৰ মাজতো
এটা বিশ্বাস জীয়াই আছে—
তুমি আকৌ আহিবা, আগৰ দৰে কথা পাতিবা।
আৰু তেতিয়া এই দুদিনৰ নীৰৱতাও
এটি মিঠা স্মৃতি হৈ ৰ'ব,
য'ত দূৰত্ব আছিল,
কিন্তু প্ৰেম কেতিয়াও কমি যোৱা নাছিল।।

0 Comments