মিচিং জনগোষ্ঠীৰ ধৰ্মীয় পৰিচয়ত দঃঞি-পঃল বিশ্বাসৰ ভূমিকা,মিতালী শইকীয়া

মিচিং জনগোষ্ঠীৰ ধৰ্মীয় পৰিচয়ত দঃঞি-পঃল বিশ্বাসৰ ভূমিকা,মিতালী শইকীয়া

মিচিং জনগোষ্ঠীৰ ধৰ্মীয় পৰিচয়ত দঃঞি-পঃল বিশ্বাসৰ ভূমিকা

মিতালী শইকীয়া

মিচিং সকল অসমৰ অন্যতম খিলঞ্জীয়া জনজাতি। তেওঁলোক মূলতঃ মংগোলীয় নৃগোষ্ঠীৰ অন্তর্গত। ঐতিহাসিকভাৱে তেওঁলোক অৰুণাচল প্রদেশ বিশেষকৈ আবৰ আৰু মিচিমি পাহাৰত বসবাস কৰিছিল। পৰৱর্তী সময়ত অসমৰ  সমভূমিলৈ স্থানান্তৰণ কৰি ব্রহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ পাৰত বসবাস কৰিবলৈ লয়। সম্প্রতি অসমৰ তিনিচুকীয়া, ডিব্রুগড়, ধেমাজি, লক্ষীমপুৰ,যোৰহাট, শিৱসাগৰ  আৰু গোলাঘাট জিলাত মিচিং জনজাতিৰ লোকৰ বসতি লক্ষ্য কৰিব পাৰি।

মিচিংসকল পৰম্পৰাগতভাবে স্বকীয় কৃষ্টি-সংস্কৃতি, উৎসৱ-অনুষ্ঠান, ধর্মীয় বিশ্বাস আদিৰে  সমৃদ্ধ জনজাতি। তেওঁলোকৰ পৰম্পৰাগত ধর্মীয় বিশ্বাস আৰু আচাৰ- অনুষ্ঠান 'আত্মাবাদ’ৰ ওপৰত  ভিত্তি কৰি গঢ় লৈ উঠিছে। 'আত্মাবাদ’ হৈছে বস্তু, স্থান আৰু জীৱৰ সকলোৰে এক সুকীয়া আধ্যাত্মিক সত্ত্বা আছে বুলি বিশ্বাস কৰা এক মতবাদ। অর্থাৎ প্ৰাকৃতিক জগতৰ সকলো উপাদান যেনে- নদ-নদী, পাহাৰ,উদ্ভিদ, প্ৰাণী, শিল আদি  সকলোতে আত্মা বা জীৱনী শক্তি আছে বুলি বিশ্বাস কৰে আৰু বহুতো জনগোষ্ঠীৰ দৰে বর্তমানেও মিচিংসকলে এনে নির্জীৱ উপাদানবোৰক সজীৱ সত্তা হিচাপে ধাৰণা কৰি পূজা কৰি আহিছে।

মিচিং জনজাতিৰ ধৰ্মীয় বিশ্বাস ব্যৱস্থাত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ ধাৰণা, আত্মাৰ বিষয়ে ধাৰণা এই সকলোবোৰ 'আত্মাবাদ’ মতবাদৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। মিচিংসকলে বিশ্বাস কৰে যে বিশ্বব্ৰহ্মাণ্ড আৰু ইয়াৰ সজীৱ আৰু নিৰ্জীৱ উপাদানবোৰৰ সৃষ্টিকৰ্তা হৈছে চেঃদি (Se:di) আৰু মে:ল (Me:lo)। তেওঁলোকৰ মতে, চেঃদি আৰু মে:ল সৰ্বশক্তিমান, সৰ্বব্যাপী আৰু সৰ্বজ্ঞানী।বিশ্বব্ৰহ্মাণ্ড আৰু ইয়াৰ সকলো বস্তুৰ অস্তিত্বৰ আগতে চেঃদি নামৰ এক অতিপ্ৰাকৃতিক শক্তি শূন্যতাৰ পৰা ওলাই আহিছিল আৰু এই শূন্যতাক 'কেঃয়ুম’ বুলি কোৱা হয় যাৰ অৰ্থ অসীম আন্ধাৰ। তাৰ পিছত মেঃল নামৰ আন এটা সত্ত্বাৰ সৃষ্টি হ’ল আৰু চেঃদি আৰু মে:লৰ দৈহিক মিলনৰ পৰা, আৰু দ:ঞি (সূৰ্য্য) আৰু প:ল (চন্দ্ৰ)কে ধৰি তাৰ পিছত মে:ল নামৰ আন এটা সত্তাৰ সৃষ্টি হ’ল, আৰু চেঃদি আৰু মে:লৰ দৈহিক মিলনৰ পৰা দঃঞিঃ(সূৰ্য) আৰু পঃলঃ(চন্দ্ৰ)কে ধৰি পৃথিৱী আৰু আকাশৰ সকলো বস্তু আৰু সত্ত্বাৰ জন্ম হয়। বিশ্বাস কৰা হয় যে, চেঃদিৰ চুলিখিনি পৃথিৱীৰ গছ-গছনিলৈ, চকুলো বৰষুণ আৰু পানীলৈ, হাড়বোৰ শিললৈ আৰু দুই নয়ন যুগল দঃঞি (সূৰ্য) আৰু পঃল (চন্দ্ৰ)লৈ ৰূপান্তৰিত হ’ল।কিন্তু বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ পিছত চেঃদি আৰু মে:ল অস্তিত্বহীন হৈ থাকিল আৰু সেয়েহে চেঃদিৰ চকু দুটাৰ প্ৰকাশ দঃঞি আৰু পঃলক আইন আৰু সত্যৰ ৰক্ষক হিচাপে গণ্য কৰি আহিছে। এই প্ৰসংগত ভেৰিয়াৰ এলউইনৰ মন্তব্য দিছিল যে - “It is the eye of the world, he is a important to man as eye is to the body. It watches everything...... Above all, he is the lord of truth and an oath taken on his name is most binding of all".

মিচিংসকলে নিজকে চন্দ্ৰ-সূৰ্যৰ বংশধৰ বুলি পৰিচয় দিয়ে আৰু চন্দ্ৰক তেওঁলোকৰ পিতৃ আৰু সূৰ্যক মাতৃ বুলি গণ্য কৰে। সূৰ্য আৰু চন্দ্ৰই পৃথিৱীত থকা মানৱ জাতিকে ধৰি সকলো জীৱিত আৰু নিৰ্জীৱ উপাদানবোৰ চোৱাচিতা কৰা দায়িত্ব বহন কৰে বুলি তেওঁলোকে অতীতৰে পৰা মানি আহিছে। দঃঞি আৰু পঃলৰ জন্মৰ সন্দৰ্ভত মিচিংসকলৰ মাজত দুটা বিশ্বাসৰ প্ৰচলন আছে। প্ৰথমটো হ’ল দঃঞি আৰু পঃল আছিল পেদং আ:নে ( Pedong a:ne')ৰ যমজ পুত্ৰ আৰু অধিক জনপ্ৰিয় দ্বিতীয়টো বিশ্বাস হ’ল যে দঃঞি আৰু পঃলয়ে নাৰী আৰু পুৰুষক প্ৰতিনিধিত্ব কৰা লৌকিক সত্ত্বা আৰু তেওঁলোক চেঃদি-মেঃলৰ প্ৰত্যক্ষ বংশধৰ আছিল। বৰ্তমান সময়তো বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহ দঃঞি আৰু পঃলৰ নাম উচ্চাৰণেৰে আৰম্ভ কৰে আৰু তেওঁলোকক আশীৰ্বাদ বিচাৰি আমন্ত্ৰণ জনায়। 

ঐতিহাসিকভাৱে দঃঞি আৰু পঃল ধৰ্মৰ সংগঠিত ৰূপত পৰিচয়ৰ উন্মেষ ঘটিছিল ১৯৭০ চনত । যেতিয়া ইয়াক পুনৰুজ্জীৱিতকৰণ আৰু প্ৰতিষ্ঠানিতকৰণৰ বাবে অৰুণাচল প্ৰদেশত দূৰদৰ্শী খিলঞ্জীয়া নেতাসকলে, বিশেষকৈ টালম ৰুকবোৱে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছিল। ১৯৬০ চনত আধুনিকতাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ , খ্ৰীষ্টান আৰু হিন্দু ধৰ্মৰ প্ৰসাৰ আৰু ধৰ্মান্তৰকৰণৰ প্ৰচেষ্টাৰ ফলত অৰুণাচল প্ৰদেশৰ আদি জনজাতিসকলৰ  পৰম্পৰাগত ধৰ্মীয় বিশ্বাস, আচাৰ-অনুষ্ঠানসমূহ সময়ৰ সোঁতত বিলুপ্ত হৈ যোৱাৰ অৱকাশ ঘটিছিল। সেয়েহে তেওঁলোকে থলুৱা সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা আৰু বিশ্বাসৰ সংৰক্ষণ আৰু বিশেষকৈ দঃঞি আৰু পঃল ধৰ্মীয় বিশ্বাসৰ পুনৰুজ্জীৱিতকৰণ, প্ৰতিষ্ঠাকৰণ আৰু প্ৰচাৰৰ উদ্দেশ্যে দঃঞি-পঃলবাদ (Do:nyi-po:loism) ৰূপে এক সংগঠিত পন্থাৰ উন্মেষ ঘটায়। তদুপৰি দঃঞি- পঃল ধৰ্মীয় বিশ্বাস সমাজত প্ৰচলন হ্ৰাস হৈ অহাৰ বাবে কেৱল অন্য ধৰ্মৰ প্ৰভাৱে জড়িত নাছিল, লগতে লোকপিয়ল সমীক্ষাত খিলঞ্জীয়া ধৰ্মক স্বীকৃতিৰ অভাৱ, বৃহৎ আৰু সংগঠিত স্বৰূপৰ অভাৱ,লিখিত সাহিত্যৰ অভাৱ, পৰম্পৰাগত ধৰ্মীয় বিশ্বাসক সংৰক্ষণৰ সচেতনতাৰ অভাৱ আদি দৰে অন্য কাৰণো জড়িত হৈ আছে। দঃঞি- পঃলবাদ সমাজত প্ৰচাৰৰ পদক্ষেপ স্বৰূপে ১৯৮৬ চনৰ ভিতৰত তিনিটা প্ৰধান সাংস্কৃতিক সংগঠন ক্ৰমে, তানি জাগৃতি ফাউণ্ডেশ্যন, দঃঞি- পঃল যুৱ ফেডাৰেচন আৰু দঃঞি-পঃল য়েলাম কেবাং প্ৰতিষ্ঠা কৰে। ৩১ ডিচেম্বৰ, অৰ্থাৎ যিদিনা দঃঞি- পঃল য়েলাম কেবাং প্ৰতিষ্ঠা কৰা হৈছিল সেই দিনটো বছৰি দঃঞি-পঃল দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে টালম ৰুকবোৰ নেতৃত্বত মন্দিৰ আৰু প্ৰাৰ্থনাগৃহ (Gangíng)স্থাপন, ধৰ্মীয় সাহিত্য আৰু প্ৰাৰ্থনা গীতৰ সংগ্ৰহ আৰু প্ৰকাশৰ দৰে কাৰ্যসূচীও তেওঁলোকে হাতত লৈছিল।

অৰুণাচল প্ৰদেশত আৰম্ভ হোৱা এই দঃঞি- পঃলবাদ পন্থা লাহে লাহে অসমৰ মিচিং জনজাতিৰ মাজতো বিয়পি পৰিল। মিচিংসকলৰ মাজত ১৯৯০ চনত Gangíng প্ৰাৰ্থনাগৃহ আৰু ১৯৯৬ চনত অসমৰ জোনাইত প্ৰথমবাৰৰ দঃঞি-পঃল য়েলাম কেবাং গঠনে এই পন্থাৰ প্ৰসাৰৰ গতি বৃদ্ধি কৰিছিল। ২০০৩ চনত দঃঞি-পঃল য়েলাম কেবাঙৰ অসম শাখা গঠন হয়। এনে সংগঠনৰ প্ৰচেষ্টাতে মিচিং বসতিপ্ৰধান অঞ্চল যেনে চিলাপথাৰ, ধেমাজি, গোগামুখ, লখিমপুৰ, মাজুলী আদি ঠাইলৈ দঃঞি-পঃলবাদ পন্থাৰ শাখা সম্প্ৰসাৰণ হয়। এনেদৰে শেহতীয়া দশকবোৰত অৰুণাচল প্ৰদেশৰ লগতে অসমৰ মিচিং জনগোষ্ঠীৰ মাজত দঃঞি-পঃলবাদ এক নতুন আৰু স্বাধীন পন্থাৰ ৰূপত গঢ় লৈ উঠিছে।

দঃঞি-পঃল মিচিং জনগোষ্ঠীৰ মাজত ধৰ্মীয় বিশ্বাস ৰূপে প্ৰচলিত হৈ অহাৰ লগতে মিচিং জনজীৱনৰ স্বকীয়তা , ঐক্য-সংহতি, নৈতিকতা - মূল্যবোধ আদি বৰ্তাই ৰখাতো মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

১. সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ - দঃঞি-পঃল ধৰ্মীয় বিশ্বাস আৰু আত্মাবাদ মতবাদৰ প্ৰচলনে মিচিং জনজাতিক এক স্বকীয় পৰিচয় প্ৰদান কৰিছে।

২. পৰিৱেশগত ভাৰসাম্য আৰু বহনক্ষমতা - নদ-নদী,গছ-গছনি, অৰণ্য, পাহাৰ-পৰ্বত প্ৰকৃতিৰ সকলো উপাদানতে আত্মাই বাস কৰে বুলি থকা বিশ্বাস আৰু প্ৰকৃতিক পূজা-পাতল কৰা পৰম্পৰাই পৰিৱেশৰ সৈতে শোষণমূলকৰ বিপৰীতে সম্প্ৰীতিমূলক সম্পৰ্ক গঢ়ি তুলিছে।

৩. সংহতি স্থাপন - বিভিন্ন পূজা-পাতল, উৎসৱ-পাৰ্বণ, অনুষ্ঠান একেলগে পালনে সংহতি আৰু ভ্ৰাতৃত্ত্ববোধ স্থাপন কৰে।

৪. নৈতিক নিৰ্দেশনা - দঃঞি-পঃলয়ে মানুহৰ  অসৎ কৰ্মৰ প্ৰতি দৃষ্টি ৰাখে বুলি থকা বিশ্বাস কৰে আৰু ভয়তে মানুহক সৎ কৰ্ম কৰিবলৈ অনুপ্ৰাণিত কৰে যিয়ে নৈতিক জীৱনৰ প্ৰসাৰ ঘটায়। তেওঁলোকৰ নামত লোৱা শপতক পবিত্ৰ বুলি গণ্য কৰা হয়।

মিচিং জনজাতিৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা ধৰ্মীয় বিশ্বাসসমূহ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগতে সাঙোৰ খাই আছে। দঃঞি-পঃল তেওঁলোকৰ বাবে কেৱল ধৰ্মীয় বিশ্বাসে নহয়, তেওঁলোকৰ দৈনন্দিন জীৱনৰ পথপ্ৰদৰ্শক স্বৰূপ, যিয়ে তেওঁলোকৰ মাজত ঐক্য-সংহতি, সম্প্ৰীতি, নৈতিকতা আৰু মূল্যবোধ বৰ্তাই ৰখাৰ লগতে প্ৰকৃতিৰ সৈতেও বহনক্ষম সম্পৰ্ক গঢ়ি তুলিছে। যুগসাপেক্ষ ধৰ্মীয় পৰিৱৰ্তনসমূহ গ্ৰহণ কৰিও মিচিং জনজাতিসকলে তেওঁলোকৰ আত্মাবাদী বিশ্বাস-পৰম্পৰা, আচাৰ-অনুষ্ঠানক চিৰকাল সুৰক্ষিত আৰু জীৱন্ত কৰি ৰাখিছে।

Post a Comment

0 Comments