দুচকুৰ ভাষা
-নিজৰা কলিতা,দৰং জিলা
তুমিনো বুজিবা কি ,
মোৰ দুচকুৰ ভাষা।।
তোমাৰ লগত কটোৱা সময়বোৰ
আছিল জানা মোৰ বাবে
ধুনীয়া স্মৃতিৰ গাঁথা।।
দূৰে দূৰে থাকিও যেন তুমি
মোৰ কাষতে থাকা।।
পাহৰিব নোৱাৰোঁ তোমাক।
নাজানো ভালপোৱা মানে কি ,
নুবুজো প্ৰেম মানে কি ?
তথাপিও তোমাক বিচাৰোঁ প্ৰতিপলে
প্ৰতিক্ষণে।।
হেঁপাহ জাগি উঠে তোমাক সদায় লগ পাবলৈ ,
কিন্তু তুমি চোন মোৰ মনৰ বহু আঁতৰত।
ভালপাওঁ বুলি ক'ব নোৱাৰিম ,
কিন্তু সদায় ভাললগাকৈ চাব পাৰিম।।

0 Comments