বন ফৰিঙৰ বাট ,সুনিল পায়েং

 বন ফৰিঙৰ বাট 

-সুনিল পায়েং

বন ফৰিঙৰ বাট


অৰণ্যত ফুলি থকা এজাৰ ফুলৰ কাহিনীৰ দৰে 

বাটৰুৱা  ফৰিঙেও সময়ৰ বাগৰ সলাই 

সাগৰলৈ যায়।


ফৰিঙৰ ঘৰ জালিকটা বেৰৰ দৰে

 ঠিক লেবেজান আত্মা।


নিশাৰ ভাগত শেৱালীৰ সুবাসত ছটফটাই ফুৰা 

লুংলুঙীয়া বাটত বাট হেৰাই জোনাকী পৰুৱাক সখি পাতি 

জীৱনৰ গান গায়।


ৰূপহী সোণোৱালী অৰণ্যৰ সেন্দুৰীয়া বাটত

পদে পদে ফৰিঙে ফাণ্ড পাতি বাটৰ ৰখীয়া পাতে কাক? 

ফুল ফুলি সৰি পৰিল ডাৱৰ গুচি ফৰকাল হল

চৌপাশে গুঞ্জৰিত ফৰিঙৰ গান।


বৰণ সলোৱা ফৰিঙৰ মেৰপাকৰ মায়াত 

খোজ দি আকাশ চোৱা নহল ।

Post a Comment

0 Comments