ষ্ফটিক,কাৰ্চাং তাকাৰ

 ষ্ফটিক

-কাৰ্চাং তাকাৰ





সাৰে আছিলোঁ

তৰা হৈ 

এন্ধাৰৰ কলাক

পোহৰাবলৈ

বাট চাওঁতে চাওঁতে

তোমাৰে ডিঙিত টোপনিৰে গুটিমালা

এতিয়া নকবা মই কুকুৰীকণা

ৰাতি একোৱেই নেদেখোঁ বুলি॥


Post a Comment

0 Comments