আধুনিকতাৰ যুগ!!!
বিপিন টায়ে(ধেমাজি)
মাতৃভাষা ক'বলৈ লাজ লগা হ'ল
নুফুটাকৈ হ'লেও ইংৰাজীত ক'বলৈ
এতিয়া ভাললগা হ'ল।
আই পিতাই এৰি মামি পাপা পালেগৈ
মেখেলা চাদৰ এৰি নাইটিহে পিন্ধেগৈ।
সামাজিক মাধ্যমত নাচি বাগি দিবলৈ
বোৱাৰীৰো সময়ে সময়
কিন্তু যেতিয়া বেমাৰী শাহুৱেকক
কামত সহায় কৰিবলৈ সময় হয়
তেতিয়াহে সাংঘাতিক ব্যস্ত ইহঁতৰ।
বিয়া পাতিও সেন্দুৰ ল'বলৈ বৰ এলাহ
বিবাহিত পুৰুষেও ঘৰত এজনী থাকিও
বাহিৰৰ জগতত যেন চিনেমাৰ হে নায়ক।
কাক কি ক'ব?
কাৰ কি চাব?
পিছে ইয়াকে কই বোলে আধুনিকতাৰ যুগ।

0 Comments