অন্তনিৰীক্ষণ,নিজৰা কলিতা

 অন্তনিৰীক্ষণ 

নিজৰা কলিতা
Selfdiscovery,Selflove
জিৰ এই পৃথিৱী খনত নিজক বুজি পোৱাটো জৰুৰী। কিয়নো , এটা সময়ত আনক ভালপাওঁতে , আনক বুজিবলৈ‌ চেষ্টা কৰোঁতে , আনক সময় দিওঁতে আমি নিজক ক'ৰবাত যেন হেৰাই পেলাওঁ। নিজৰ অস্তিত্বক আমি আনৰ মাজত বিলীন কৰি দিওঁ। যাৰ বাবে সেই ঠাই , সেই মানুহৰ ওচৰত আমি কষ্ট পাওঁ। কিন্তু কেতিয়াওঁ সেই বিষাক্ত পৰিৱেশৰ পৰা ওলাই আহিব নোৱাৰোঁ। কাৰণ আমাৰ সাহস নাই। গোটেই সাহস খিনি আনৰ বাবে যুঁজ দিওঁতে শেষ হৈ গ'ল। কেৱল নিজৰ বাবে বাকী থাকিল চকুপানী। এদিন চকুপানীও ওলোৱা বন্ধ হয়। হৃদয় শিল হৈ যায়। কোনেও চুব নোৱাৰা হৈ যায়। কোনেও দুখ দিব নোৱাৰে। কোনোবাই কিবা বেয়াকৈ ক'লেও‌ যেন একো অনুভৱ হয়। কেৱল নিজক ভালপাবলৈ আৰম্ভণি কৰি দিওঁ আমি। হয় , এটা সময়ত এনেকুৱা হয়। এইখিনি সময়ৰ পৰাই আমি নিজক বুজিব আৰম্ভ কৰোঁ। নিজক সুখী কৰিব আৰম্ভণি কৰোঁ। আমি এনেকৈ নিজক ভালপাব লাগিব , যাতে কোনেও আমাক চুব নোৱাৰে , কেৱল দূৰৰ পৰা চাবহে পাৰে।

 জীৱনত যেতিয়া আপোন মানুহৰ অবিহনে অকলে জীয়াই থাকিবলৈ শিকিব , তেতিয়াই জীৱনৰ মূল্য গম পাব...!একেজন  মানুহৰ পৰাই যেতিয়া জীৱনত বিশ্বাসঘাটকতা , মিছলীয়া , স্বাৰ্থপৰ , সুবিধাবাদী , ব্যৱহাৰকাৰী , এইবোৰ শব্দৰ শিক্ষা পাবা , বেলেগকৈ আৰু আন কাৰোৰে পৰা শিকিব প্ৰয়োজন নাই। এজনৰ পৰাই যথেষ্ট হয়। সেইজন আন কোনো নহয় ,সেইজন আপোনাৰ একেবাৰে কাষৰ হৃদয়ত একোণত সাঁচি ৰখা আপোন মানুহেই হয়।এনেকুৱা কিছুমান মানুহ আছে , যিয়ে আনৰ জীৱনত বহুত ধৰণৰ আবেগিক নাটক কৰিব পাৰে আৰু সেইখন নাটকত ধুনীয়া অভিনয় কৰিব জানে।কাৰোবাৰ লগত একেলগে থকাটো সহজ হয় , কিন্তু সংগ্ৰামৰ সময়খিনিত একেলগে থাকি দায়িত্ব পালন কৰাটো বহুত কঠিন। মানুহে যেতিয়াই তেতিয়াই ক'বহে পাৰে লগত আছোঁ সদায় , কিন্তু বাস্তৱত কোনো লগত নাথাকে। বাস্তৱ জীৱনটো বহুত কঠিন হয় আমি ভবাতকৈ। কোনোবাই‌ নিজক লুকাই সুখী হয় , কোনোবাই আকৌ নাটক কৰি সুখী হয় , কোনোবাই আকৌ সচাঁকৈ সুখী হয়। জীৱনটো‌ এখন নাটকৰ দৰে। আমি এতিয়া অভিনয় কৰি আছোঁ।‌ভগৱানে‌ যিদিনা নাটকৰ যৱনিকা পেলাব , তেতিয়া আমাৰো নাটকৰ অন্ত পৰিব। সেইবাবে যি কেইদিন আমি আছোঁ জীয়াই , ভালদৰে , সুখেৰে ভাল চিন্তা চৰ্চা কৰি জীয়াই থাকিব লাগে। উশাহটো‌ বন্ধ হোৱাৰ লগে লগে জীৱনটো‌ শেষ। এবাৰ গ'লে ঘূৰি নাহে।‌ গতিকে অলপ জীৱনটোক লৈ আমি সাৱধান হ'ব ‌লাগে। ভাল কাম কৰি যাব লাগে সদায়। বেয়া কামটো সকলোৱে কৰে। গতিকে সকলো‌ ভাবি চিন্তি আগবাঢ়িব লাগে।


নিজৰা কলিতা 

দৰং জিলা

Post a Comment

0 Comments