মিচিং সমাজৰ পুৰ্নমিলন উৎসৱ পঃৰাগ
-ভাইগেশ্বৰ পগাগ
পৃথিৱীত জীয়াই থকা প্ৰতিটো মানৱ জাতিয়ে উৎসৱ পালন কৰে । ইয়াৰ মূল কাৰণ হৈছে আনন্দ প্ৰকাশ কৰিবলৈ, ধৰ্মীয় বিশ্বাস অটুট ৰাখিবলৈ, সামাজিক সম্প্ৰীতি বৃদ্ধি কৰিবলৈ আৰু কৰ্মব্যস্ত জীৱনৰ পৰা বিৰতি লৈ নতুন উদ্যম পাবলৈ। উৎসৱে পৰিয়াল-পৰিজন আৰু সমাজক একত্ৰিত কৰে, যিয়ে একলগে আনন্দ ভাগ কৰি মনৰ ক্লান্তি দূৰ কৰে।
উৎসৱ পালনৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:
১। উৎসৱে মানুহৰ মাজত মিলাপ্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধ গঢ়ি তোলে।
২। লোক-সংস্কৃতি, পৰম্পৰা আৰু প্ৰাচীন ৰীতি-নীতিসমূহ নতুন প্ৰজন্মলৈ আগবঢ়াই নিবলৈ উৎসৱ পালন কৰা হয়, যেনে—বিহু, আলি-আঃয়ে-লৃগাং, চ:লুং,পঃৰাগ আদি।
৩। দেৱ-দেৱীৰ পূজা-অৰ্চনা, ৰাম-ৰাৱণৰ যুদ্ধ বা বিভিন্ন পৌৰাণিক কাহিনীৰ স্মৰণত (যেনে- দিৱালী, হোলী) উৎসৱ উদযাপিত হয়।
৪। শস্য চপোৱাৰ সময়ত (ভোগালী বিহু বা পোংগাল) ভাল উৎপাদনৰ বাবে প্ৰকৃতি বা সৃষ্টিকৰ্তাক ধন্যবাদ জনাবলৈ উৎসৱ পালন কৰা হয়।
৫। নিত্য-নৈমিত্তিক জীৱনৰ একঘেয়ামী দূৰ কৰি মনলৈ নতুন আশা আৰু উৎসাহ কঢ়িয়াই অনা।
মূলত, মানুহৰ সামাজিক জীৱনক আনন্দময় আৰু অৰ্থপূৰ্ণ কৰি ৰাখিবলৈ উৎসৱ অপৰিহাৰ্য।
অসম এখন নানান জাতি উপ-জাতিৰে ভৰা ৰাজ্য । বাৰে-ৰহণীয়া কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ সোণৰ অসম । নানা জাতি-জনজাতিৰে ভৰা সোণৰ অসম খনৰ বাৰে-ৰহণীয়া কলা, কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ ৰাজ্য। এই ৰাজ্যৰ এটা জাতি হৈছে মিচিং জনজাতি ।অসম-অৰুণাচলত থকা মিচিং সকল অসমৰ দ্বিতীয় বৃহৎ জনজাতি ৰূপে জনা যায়। মিচিং সকল নিজকে দঃঞি পঃলৰ সন্তান আব তানিৰ বংশধৰ বুলি নিজকে চিনাকি দিয়ে। আব তানিক তেওঁলোকৰ প্ৰথম মানৱ পিতৃ বুলি বিশ্বাস কৰে।আব তানিৰ সন্তান সকল হৈছে-আদী,মিচিং,আপাতানি, নিচি,অকাঁ,হিলচ্ মিৰি,টাগিন আৰু গালং সকল।আব তানিৰ সন্তান সকলক তানি গ্ৰুপ বুলি কোৱা হয়।সিহঁতৰ কোৱা ভাষাক তানি আগম বোলা হয়।
অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মিচিং সকল নিজকে “মিচিং” বুলিহে পৰিচয় দিয়ে।যদিও অনা-মিচিং সকলে আগেয়ে তেওঁলোকক “মিৰি” বুলি অভিহিত কৰিছিল।এই “মিৰি” শব্দটো কৰ পৰা আৰু কেনেকৈ উৎপত্তি হৈছে তাক সঠিকভাৱে কব পৰা নাযায়।এই সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মতামত পোষণ কৰিছে।“মিৰি” নামৰ উৎপত্তিৰ প্ৰসংগত জাতিটোৰ অগ্ৰণী পণ্ডিত স্বৰ্গীয় ডাঃনোমল চন্দ্ৰ পেগু, তৰুণ চন্দ্ৰ পামেগাম,আগম মিগাং নাহেন্দ্ৰ পাদুন আদি ব্যক্তিসকলে কব খোজে যে মিচিং সকলৰ পুৰুহিত বুজোৱা “মিৰৃ” শব্দ পৰাই “মিৰি” নামটো উৎপত্তি হৈছে।“মিৰৃ” শব্দই অসমীয়া মানুহৰ মুখত উচ্চাৰণৰ বিকৃতি ঘটি “মিৰি” হয়। বৰ্তমান অসম-অৰুণাচল প্ৰদেশত বসবাস কৰি থকা মিচিং সমাজত কেবাটাও ফৈদ বা খেল আছে। সেই খেল বা ফৈদবোৰ হৈছে- দৌলু, পাগৰ, চাঃয়াং, মঃয়িং, ডাম্বুক,অয়ান, চামুগুৰিয়া চমুৱাং, বাংকুৱাল, তেমেৰা আদি। মিচিং সমাজত অসমীয়া হিন্দু সমাজৰ ধৰে উচ্চ-নীচ কোনো ভেদা-ভেদ নাই।সকলোৱে সমান।
মিচিং সমাজ গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰে নিয়ন্ত্ৰিত। যেনে প্ৰতিটো মিচিং গাঁৱত দঃলুং কৌবাং থাকে। এই দঃলুং কৗবাঙৰ দ্বাৰা গাওঁবোৰ পৰিচালনা কৰা হয়। গাঁৱৰ উৎসৱ পাৰ্বণ উৎযাপন কৰা, নকৰা সকলো দায়িত্ব দঃলুং কৗবাঙৰ দ্বাৰা কৰা হয়।
মিচিং সকলৰ কেবাটাও নিজা উৎসৱ আছে।তাৰে এটা হ’ল “পঃৰাগ”উৎসৱ।পঃৰাগ মিচিং সমাজত প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে উদ্যাপন কৰা এক ধৰ্মীয় অনুষ্ঠান।সেই উৎসৱ,খেতি চপোৱাৰ পিছৰ আজৰি সময়ত অথবা নৰা-চিগা সময়ত অনুষ্ঠিত কৰা হয় কাৰণে অনা-মিচিং সকলে এই উৎসৱক নৰা-চিগা বিহু বুলিও কোৱা হয়। পঃৰাগ উৎসৱ ঘাইকৈ ডেকা-গাভৰু সকলৰ দ্বাৰা উৎযাপিত কৰা এটা বিশেষ উৎসৱ । সেই কাৰণে ইয়াক “য়াঃমে-মৃম্বৃৰ দনাম” বুলিও কব পৰা যায়। মাঘ-ফাগুন মাহত আহু-বাও খেতিত নমাৰ পূৰ্বে পঃৰাগ উৎসৱ পালন কৰা হয়।
গাৱঁত পঃৰাগ উৎসৱ পতাৰ বিষয়ে বহু দিনৰ আগৰ পৰাই চিন্তা-চৰ্চা চলে।
পঃৰাগ উৎসৱ আয়োজন কৰিবলৈ বহু পৰিমাণ অৰ্থৰ আৱশ্যক হয়। সেই কাৰণে দুই তিনি বছৰ আগৰপৰাই ডেকা-গাভৰু সকলে “মাইনং’’ (সাময়িক হাজিৰা) আৰু বিহুত হুঁচৰি গাই পুঁজি সংগ্ৰহ কৰা আৰম্ভ কৰে। উৎসৱৰ সময়ত অগণন আলহী-অতিথিৰ আগমন ঘটে কাৰনে বহু পৰিমাণৰ খাদ্য-পানীয়ৰ আয়োজন কৰিবলগীয়া হয়।পঃৰাগ উৎসৱত খৰচৰ পৰিমাণ অত্যধিক হয়।আগতে পঃৰাগ উৎসৱ পালন কৰিবলৈ বাঁহ, খেৰ, পাত-পচলা আদিৰে সৰলভাৱে মণ্ডপ আৰু মূল মঞ্চ নিৰ্মাণ কৰা হৈছিল ৷ আজি কালি দেখাক দেখি জাগ ২/৩ লাখ টকা খৰচ কৰি জমকতাৰে ব্যয়বহুল মঞ্চ সাজি পঃৰাগ উৎসৱ পালন কৰা দেখা গৈছে। এই সংস্কৃতি ভাল হৈছে নাই কাললৈ হৈছে পাঠক সমাজক বিবেচনা কৰিবলৈ এৰি দিলো।
আগৰ দিনত মিবুৰ দ্বাৰা পঃৰাগ উৎসৱ পৰিচালনা কৰিছিল।আজি কালি মিবু পাবলৈ নাই। মিবুৰ পৰিৱৰ্তে গণতান্ত্ৰিক পদ্ধতিৰে গঠন কৰা এখন দঃলুং কৌবাং দ্ধাৰা উৎসৱ উৎযাপন কৰা হয়। য়ামে-মৃমবৃৰ(ডেকা-গাভৰু) দ্বাৰা পৰিচালনা কমিটি গঠন কৰা হয়। পৰিচালনা কমিটিত কিছুমান বিষয়ববীয়া থাকে। যেনে-মিগম বৰা,বৰপুৱাৰী,ডেকা বৰা,তিৰি বৰা,উদৰ বৰা(ধন ভৰালী),পাটগিৰি,বৰাণী,মিনম বৰা,নামনতি,তামুলী,ঢুলীয়া,তালিয়া,বাৰৃগ,য়াঃমে টেকেলাং,মিঃয়ুম টেকেলাং আৰু পৃকচাই বৰা, আদি বহু বিষয়ববীয়া থাকে।সকলো বিষয়ববীয়া বাছনি কৰাৰ পাছতে উৎসৱৰ দিন বাৰ নিৰ্ধাৰণ কৰা হয় ।ৰাইজৰ সিদ্ধান্ত মৰ্মে কোনখন গাৱঁক “মিনম”(অতিথি) হিচাপে নিমন্ত্ৰণ কৰা হব,-এই বিষয়ে বিতংকৈ আলোচনা কৰা হয়।“মিনম” মানে পঃৰাগ উৎসৱলৈ নিমন্ত্ৰণ কৰি অনা অতিথি।সভাৰ সিদ্ধান্ত মৰ্মে সকলো দায়িত্ব ভাৰ অৰ্পণ কৰা হয়।সকলো বিষয়ববীয়াই নিজৰ নিজৰ দায়িত্ব পাল কৰা দেখা যায়।
পঃৰাগ উৎসৱৰ কাৰণে মুৰং অকুম বা মুৰং ঘৰ অতি আৱশ্যক হয়।মুৰংঘৰ মিচিং সমাজৰ অভিন্ন অংগ। মুৰংঘৰৰ অবিহনে পঃৰাগ উৎসৱ উৎযাপন কৰিবলৈ কল্পনাই কৰিব নোৱাৰি।
আদী-মিচিং সমাজৰ বাবে মঃচুপ বা মুৰংঘৰ পবিত্ৰ স্থল। কিছু কিছু গাঁৱত মঃচুপ বা মুৰংঘৰ নোহোৱা কৈয়ো মুকলি পথাৰত অস্থায়ী ৰভা সাজি পঃৰাগ উদযাপন কৰে। সময়ৰ গতিত আধুনিক সমাজখনেও কিছু কিছু লোক বিশ্বাস তথা সমাজ ব্যৱস্থাবোৰ সাল-সলনি কৰিবলৈ বাধ্য হৈছে। আজি কালি বাঁহ বেটেৰে সজোৱা মৃৰংঘৰৰ সলনি মৃৰংঘৰবোৰ পকী হৈছে। এই বুলি সমাজ ব্যবস্থা খনকেই সলনি কৰাটো উচিৎ নহয়। কাৰণ সেই আমাৰ আজু-ককাহঁতৰ গঢ়ি থৈ দিয়া সমাজ ব্যবস্থা খনে হে আজি আমাৰ জাতিৰ চিনাকি । এতিয়া আহিছো পঃৰাগ উৎসৱৰ মূল বিষয় লৈ।
উৎসৱৰ প্ৰথম দিনটোক “পঃৰাগ দাঃগাং” বা “অৃঃচাং” বোলা হয়।অৃঃচাঙৰ দিনৰ ভাগত ঘাইকৈ দুটা কাম অনুষ্ঠিত কৰা হয়। যেনে-(১)মুৰংঘৰলৈ মিবু,সাতোলা,মিগম বৰা আৰু বৰপুৱাৰীক আদৰি অনা হয়।তেনেকৈ ডেকা বৰা,তিৰি বৰাৰ সৈতে অন্যান্য বিষয়ববীয়া সকলক মূল মঞ্চ লৈ আদৰি অনা হয়।
২।নিমন্ত্ৰণ কৰা অতিথি সকলক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিচৰ কাৰ্যসূচী হল মিনম( অতিথি আদৰণি) য়ামৰৃক চুনাম। মিনম সকলক ঢোল-তালেৰে নাচি-ভাগি সন্মানেৰে আদৰি অনা হয়। অতিথি সকলক আদৰি অনাৰ পিছৰ পৰাই পঃৰাগ থলিৰ পৰিবেশ আনন্দ মুখৰ হৈ পৰে।
৩। পঃৰাগৰ মূল কাৰ্যসূচী আৰম্ভ হয় মাজনিশাৰ পৰা। পঃদন সকলে পঃবৰত মাঙ্গলিক কাৰ্য্যৰে আপং ভৰোৱা হয়। পঃবৰ হৈছে পঃৰ আপং ছেকা সজুলি। পঃবৰত আপং ভৰোৱা কাৰ্য্য সমাপন কৰাৰ অন্তত গুমৰাগ চঃমানেৰে মঃচুপ বা মুৰংঘৰটো পাঁচবাৰ ঘুৰিব লাগে। ইয়াকে পঃনুং নুঃনাম বোলে। ইয়াৰ পিছত আচি কান্নাম বা পানী ঢলা কাৰ্য্য আৰম্ভ হয়। পঃবৰত ঢালিব লগা পানীখিনি অপুষ্পিতা (এঁৱা)চাৰিজনী ছোৱালীয়ে জ্যেষ্ঠ গাভৰুৰ সহযোগত তুলি অনা হয়।এনেদৰে অপুষ্পিতা ছোৱালীয়ে তুলি অনা পানীক মিবু গম্পাগ পমচি বোলা হয়। মিগম বৰা আৰু বৰপুৱাৰীয়ে পানী ঢালি কাৰ্য্য শুভ আৰম্ভ কৰে।“আচি কাননাম” সময়ত সকলোৱে দঃঞি-পঃল,কাৰ্চিং কাৰ্তাং,গুঃমৃন-চঃয়িন আদি দেৱতাসকলৰ ইদ্দেশ্যে সমস্বৰে প্ৰাৰ্থনা জনায়। এই সমবেত প্ৰাৰ্থনাক “ৰৌঃবাদ লৃগলা পেনাম” বোলে। মিচিং জনবিশ্বাস মতে পঃবৰ তাঃচুক প্ৰথম টোপাল “ পঃৰৃগ” কুকুৰা ডাক নিদিয়া আগতেই তলত পাতি থোৱা পাত্ৰত পৰিব লাগে বুলি বিশ্বাস কৰে। ঠাই বিশেষে কিছু নিয়ম বেলেগ বেলেগ হোৱা দেখা যায়।
উৎসৱৰ দ্বিতীয় দিনটো অতি আকৰ্ষকণীয় দিন বুলি মনা হয়। এই দিনটোৰ উল্লেখযোগ্য কাৰ্যক্ৰমণিকা হল-
(১)“এঃক মান্নাম বা য়ৗগমান মান্নাম” অৰ্থাত গাহৰি উছৰ্গাৰ কাৰ্য্য আৰম্ভ হয়। কেদে নাঃনৗ,দঃঞি পঃল,কাৰ্চিং-কাৰ্তাং,গুঃমৃন-চঃয়িন আদি সৃষ্টিকৰ্তা দেৱ-দেৱী সকলকৰ নামত পাঁচটা গাহৰি,তাৰে এটা য়েকচক(চেঁউৰী)লগতে পাঁচটা কুকুৰা উছৰ্গা কৰা হয়।এই উছৰ্গা পৰ্বৰ সময়ত পানীৰে ধোৱাই থোৱা গাহৰি বোৰৰ গালৈ মূল বিষয়ববীয়া জনে (অৃঃৰগৃং জনে) চাউল ছটিয়াই দিয়াৰ লগে লগে মিবু আৰু সমৱেত ৰাইজে ৰৌঃবাদলা পেনাম কৰে।অন্য বিষয়ববীয়াসকলে গাহৰি ডিঙিত চেপা মাৰি ধৰে আৰু গাহৰিবোৰৰ বুকুত কটাৰীৰে অলপ ৰেপি সেই তাইতে চেপেটা জোঙা বাঁহ এচটা বুকুৰ ভিতৰলৈ ভেদ কৰি দিয়া হয়। এই বাঁহ চটাক কঃপৃদ বা চেঃপৃদ বোলে। উছৰ্গিত গাহৰিৰ কলিজাৰে অভিজ্ঞজনে গাঁৱৰ শুভ-অশুভৰ বিষয়ে মঙ্গল চোৱা হয়। গাহৰিৰ কলিজাত ৰাইজৰ কি কি হব পাৰে,তাৰ চিহ্ন থকা বুলি বিশ্বাস কৰা হয়।তাকেই “আইন তাগিৰ কাঃনাম” বোলে।
(২)জুঃনৗ মিনম য়ামৰৃকচুনাম (জী-জুৱাই আদৰি অনা পৰ্ব) আৰু পঞ্জীয়ণ কৰা।জুঃনৌ মেঃনৗ হৈছে গাঁৱৰ জীয়ৰী। গাঁৱৰ পৰা বিয়া উলিয়াই দিয়া জীয়ৰী সকলক সন্মানেৰে আদৰি অনা হয় আৰু জী-জোৱাঁই সকলৰ উদ্দেশ্যে আয়োজন কৰা ভোজ-ভাতৰ অনুষ্ঠান। সকলো জুঃনৗ মিনমে দুই যোৰাকৈ ডেকা-গাভৰু লগত লৈ অনা নিয়ম। যদি আনিব নোৱাৰে তেতিয়া সমাজৰ নিয়ম অনুসৰি ৰাইজক দণ্ড দিব লাগে।
(৩)জুঃনৗ মৗ:নৗ সকলৰ মাজত গুমৰাগ নৃত্য প্ৰতিযোগিতা হয়। দিনৰ ভাগত এনেদৰেই আবাল-বৃদ্ধ, বনিতা সকলোৱে উৎসৱমুখৰ পৰিৱেশত বুৰ গৈ থাকে ।
(৪)অনান্য নিমন্ত্ৰিত অতিথি সকলক আদৰি অনা আৰু বিদাই দিয়া হয়। জী-জীয়ৰী সকলকৰ উদ্দেশ্যে আয়োজন কৰা ভোজক “দমান তৃমান” বোলে। এই কাৰ্য অতি হৃদয়স্পৰ্শী হয়। এই কাৰ্য্যক্ৰম সকলোৰে হৃদয়ত উলাহৰ ঢল নমায়।গাঁৱৰ সকলো উলিয়াই দিয়া জীয়াৰীক পঃৰাগৰ কেইসপ্তাহ মানৰ আগতেই নিমন্ত্ৰণ জনোৱা হয়। গাঁৱৰ কোনো এজনীও নিমন্ত্রণ কৰোতে জী-জীয়ৰীয়ে যাতে বাদ পৰি নাযায়,তাৰ প্ৰতি বিশেষ বাবে চকু দিয়া হয়। কোনোবা জীয়ৰীয়ে বুঢ়ী হৈ আহিব নোৱাৰিলে,তেওঁৰ পুতেক বা নাতিয়েক আহি পঃৰাগত যোগদান কৰে। পৰিয়ালৰ ককাই-ভাই,বাই-ভনী, পিতৃ-মাতৃৰ সৈতে জীয়ৰীহঁতৰ পুনৰ্মিলন ঘটে।এই দিশৰপৰা চালে পঃৰাগ উৎসৱক পুনৰ্মিলনৰ উৎসৱ বুলিও কব পাৰি।
তৃতীয় দিনটো প্ৰীতি ভোজৰ আয়োজন হয়। মিনম সকলৰ দ্বাৰা গুমৰাগ নৃত্য পদৰ্শন কৰা হয় আৰু ৰং ৰইচ কৰা হয়। সন্ধিয়া ফালে সাতোলা আৰু আমন্ত্ৰিত মিনম সকলক “য়ামলেন-লৃক-কুনাম” অৰ্থাৎ বিদাই কাৰ্য কৰা কৰা।
চতুৰ্থ দিনটো গাঁৱৰ ৰাইজে ৰং ৰইচৰে এসাজ খোৱা-বোৱাৰ কৰা দিন। এই দিনটোত অৃঃৰগৃং আনৗ-আবুয়ে অৰ্থাত মিগম বৰা আৰু বৰপুৱাৰীয়ে নিজৰ ফালৰ পৰা ৰাইজক এটা দতাল গাহৰি মাৰি ভোজ-ভাত খোৱা নিয়ম আছিল।আজি কালি সেই নিয়ম লাহে লাহে নোহোৱা হৈছেগৈ।সেই দিনটোত সকলোৱে মিলি-জুলি ৰং ৰইচ কৰে। সকলোৱে আত্মীয় কুটুমক নিচেই কাষত পাই আত্মহৰা হৈ পৰে।
উৎসৱৰ অন্তত য়ামে মৃমবৃৰ সকলে মিগম বৰা আৰু বৰপুৱাৰীক পূৰ্বতে আদৰি অনাৰ দৰেই ঢোলে তালে ঘৰত আগবঢ়াই থয়গৈ।
চতুৰ্থ দিনা গাঁৱৰ ডেকা গাভৰু সকলোৱে মিলি প্ৰীতি ভোজ ভাত খোৱা হয় আৰু পঃৰাগৰ সময়ত জমা কৰা বয়-বস্তুবোৰক ঘৰে ঘৰে চমজি দিয়া হয়। যিহেতু তিনিদিন ধৰি অতিথি আল-পৈচান কৰোতে খোৱা-বোৱাৰ সময় নাথাকে।সেয়ে চতুৰ্থ দিনা ডেকা গাভৰু সকলোৱে মিলি জুলি একে লগে এসাজ খোৱা হয়।
পঃৰাগ সাধৰণতে তিনি দিনীয়াকৈ উৎযাপন কৰা হয়।কিছু কিছু গাঁৱত পাঁচ দিনীয়াকৈয়ো পালন কৰা দেখা যায়। কিছু কিছু গাৱঁত মিনম নমতাকৈও পঃৰাগ উৎযাপন কৰা হয়। তেনে পঃৰাগক “জুঃনৗ মেঃনৗ পঃৰাগ” বোলা হয়।
পঃৰাগ উৎসৱ সম্প্ৰীতি আৰু সমন্বয়ৰ উৎসৱ। পঃৰাগ উৎসৱে মানুহক ভাল পাবলৈ,ইজনে-সিজনক লগ পাবলৈ, একে লগে কাম কৰিবলৈ আৰু ৰং ৰইচেৰে জীয়াই থাকিবলৈ শিকাই। তেনে উৎসৱ সমূহে সমাজত একতাৰ জড়িডাল ঠনকিয়াল আৰু সুদৃঢ় কৰি ৰাখে। মিচিং জনগোষ্ঠীক পুৰ্ণাঙ্গ জাতি হিচাপে গঢ় দিয়াত পঃৰাগে অপৰিসীম অৰিহণা যোগাই আহিছে।
সহায়ক পুথি-
১।মিচিং সমাজ সংস্কৃতি আৰু পৰম্পৰা-জুৱেল পেগু
২।মিচিং সংস্কৃতিৰ পটভূমি-নাহেন্দ্ৰ পাঃদুন
৩। মিচিং সংস্কৃতিৰ জিলিঙনি-পুৰ্ণানন্দ ভূঁঞা
(বিঃদ্ৰঃ- শালমৰা গাঁৱৰ পঃৰাগ স্মৃতি গ্ৰন্থত প্ৰকাশিত লেখা)

0 Comments