ৰেলৰ বাটেৰে শ্বিলঙলৈ,অজয় পগাগ
▫অজয় পগাগ
(লেখাটো প্ৰেৰণ কৰিছে অজয় পগাগে)
ভ্ৰমণ মানেই মোৰ বাবে ৰেল। ভ্ৰমণৰ কথা ওলালেই মোৰ মনত প্ৰথমে আহে ৰেলৰ কথা। ৰেলত যাত্ৰা কৰিলে কম খৰচতে বহু দূৰলৈ যাব পাৰি।
হয়তো সেইবাবেই ৰেল মোৰ দৰে সাধাৰণ মানুহৰ আটাইতকৈ আপোন যাত্ৰাসংগী। ধন-সম্পত্তি বেছি নাই, কিন্তু পৃথিৱীখন অলপ ওচৰৰ পৰা চাবলৈ মনটো সদায় ধনী।
ৰেলৰ ডবাত বহিলে কেতিয়াবা এনে লাগে—দেশখনৰ প্ৰকৃত ছবিখন যেন ইয়াতেই দেখা যায়।
কোনোবাই ঘৰলৈ উভতিছে, কোনোবাই কামৰ সন্ধানত গৈছে, কোনোবাই সন্তানক চিকিৎসালয়লৈ লৈ গৈছে, কোনোবাই আকৌ বহুদিনৰ মূৰত আপোন মানুহ এজনক লগ পাবলৈ গৈছে, আকৌ ভিক্ষাৰী, তৃতীয় লিঙ্গৰ মানুহৰ লগত সৰু সুৰা বেপাৰী।
দুখীয়া মানুহৰ পৰা মধ্যবিত্তলৈকে—সকলোকে কঢ়িয়াই নিয়া ৰেলখন আচলতে এখন চলন্ত পৃথিৱী।
আৰু সেই পৃথিৱীখনত মোৰ এটা সৰু দুৰ্বলতাও আছে। দান-বৰঙণি বিচৰা মানুহ দেখিলে সহজে ‘না’ ক’ব নোৱাৰোঁ। কিন্তু নিজৰে জেপ কেতিয়াবা খালী হৈ থাকে, তথাপি কাৰোবাক সহায় কৰাৰ ইচ্ছাটো খালী নহয়। ফলত ভ্ৰমণৰ বাজেটৰ হিচাপ কেতিয়াবা ৰেলৰ টিকটতকৈও আগতেই খেলিমেলি হৈ যায়।বহুদিনৰ পৰা মনত এটা ইচ্ছা আছিল—শ্বিলং যাম।
শেষত এদিন সিদ্ধান্ত ল'লো। কিন্তু সমস্যা এটা আছিল। শ্বিলঙলৈ ৰেল নাযায়।
ৰেলত অভ্যস্ত মানুহ এজনৰ বাবে কথাটো অলপ দুখৰ। যাবলৈ ৰেল আছে, আহিবলৈ ৰেল আছে, কিন্তু যি ঠাইখনলৈ মন গৈছে—সেই ঠাইখনলৈ ৰেলেই নাযায়! শেষত এফালে Sumo আৰু আনফালে Taxi.
কোনে Sumoত যাব, কোনে Taxiত যাব—এই সৰু কথাটোৱেই ডাঙৰ বিতৰ্কৰ ৰূপ ল’লে।
ভ্ৰমণ আৰম্ভ হোৱাৰ আগতেই আমাৰ মাজত এনে এখন আলোচনা চলিল যেন আমি শ্বিলঙলৈ নহয়, সংসদলৈহে গৈ আছোঁ। অৱশেষত সিদ্ধান্ত হ’ল আৰু
যাত্ৰা আৰম্ভ হ’ল।
শ্বিলং — বৰষুণৰ মাজত অলপ ৰোমাঞ্চ:-
শ্বিলঙলৈ যোৱা পথটো নিজেই যেন এখন উপন্যাস।
এটা এটাকৈ পাহাৰ উঠি গৈ থাকোঁতে সমতলখন পিছফালে সৰি গ’ল। ৰাস্তাবোৰ কেতিয়াবা সৰু, কেতিয়াবা পাক খাই নামি গৈছে, আকৌ হঠাৎ ওপৰলৈ উঠিছে। গাড়ীৰ খিৰিকীৰ বাহিৰত কুঁৱলী, সেউজীয়া পাহাৰ আৰু বৰষুণৰ সৰু সৰু টোপাল।
মোৰ কাষত বহি থকা মানুহজনৰ লগত মাজে মাজে কথা হৈছিল। আকৌ কেতিয়াবা দুয়ো মনে মনে বাহিৰলৈ চাই আছিলোঁ। কিছুমান যাত্ৰাত কথা ক’বলৈ শব্দৰ প্ৰয়োজন নহয়। পাহাৰৰ বতাহ, প্ৰকৃতিৰ গোন্ধ আৰু কাষত বহি থকা আপোন মানুহ এজন—এইকেইটাই যথেষ্ট।
কিন্তু শ্বিলঙত উপস্থিত হোৱাৰ পাছত মোৰ শৰীৰে ৰোমাঞ্চৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে।
একা-বেঁকা পাহাৰীয়া ৰাস্তাৰ ফলত মূৰটো বিষাবলৈ ধৰিলে। শৰীৰ ভাগৰুৱা হৈ পৰিল। ফলত শ্বিলং গৈ প্ৰথম কামটোৱেই হ’ল— শুই থকা যি মই ভাল পাওঁ।
যি ঠাইখন চাবলৈ গৈছিলোঁ, সেই ঠাইখনত গৈ প্ৰথম দিনাখন ঠাইখনেই নেদেখিলোঁ!
শ্বিলঙৰ চহৰ, বৰষুণ আৰু আকাশলংঘী দাম:-
দ্বিতীয় দিনা অলপ সুস্থ হৈ বাহিৰলৈ ওলাই গ’লোঁ।
শ্বিলঙৰ মানুহবোৰৰ চাল-চলন, পোছাক-পৰিচ্ছদ আৰু চহৰখনৰ পৰিৱেশত কিবা এটা বিদেশী অনুভৱ আছিল। কেতিয়াবা এনে লাগিছিল যেন উত্তৰ-পূবৰ মাজতে কোনো কোৰিয়ান চিনেমাৰ দৃশ্যত সোমাই পৰিছোঁ। কিন্তু শ্বিলঙৰ বৰষুণ আৰু তাৰ মানুহৰ কোনো ঠিকনা নাই। এতিয়া ৰ’দ, পাঁচ মিনিট পাছত বৰষুণ। সেয়ে ছাতিটো তাত যেন মানুহৰ শৰীৰৰ এটা অংগ—লগত লৈ ফুৰিবই লাগে।
শ্বিলঙৰ আন এটা বিশেষত্ব আছিল—দাম।
হোটেলৰ দাম, বস্তুৰ দাম—সকলো যেন পাহাৰৰ ওপৰলৈ উঠি যোৱা ৰাস্তাৰ দৰে ওপৰলৈ উঠি গৈছে।
সম্ভৱতঃ পৰ্যটন বেছি হোৱা বাবেই এনে হৈছে।
পৰ্যটক যিমান বাঢ়ে, দামো যেন সিমানেই পাহাৰ বগায়। শেষত বুজিলোঁ—শ্বিলং চাবলৈ মন যায়, কিন্তু শ্বিলঙত বেছি দিন থাকিবলৈ জেপৰো সাহস লাগে।
গুৱাহাটী — Homestay, বৰষুণ আৰু জনাটো:-
শ্বিলঙৰ পৰা ঘূৰি গুৱাহাটী আহি যেন আকৌ বাস্তৱ পৃথিৱীত ভৰি দিলোঁ। Homestayত থাকিলোঁ।
বাহিৰত বৰষুণ। ভিতৰত আমি। ৰান্ধি খাবলৈও বিশেষ উৎসাহ নাই। সেয়ে আধুনিক যুগৰ ভ্ৰমণকাৰীৰ দৰে ফোন উলিয়াই Zomato খুলি খাদ্য অৰ্ডাৰ কৰিলোঁ। বৰষুণ ইমানেই আছিল যে ডেলিভাৰী ল’ৰাজন আহিবনে নাই, সেইটো লৈ সন্দেহ হৈছিল। কিন্তু মানুহজন আহিল।
বৰষুণৰ মাজতো সময়মতে খাদ্য লৈ উপস্থিত হ’ল।
তেওঁৰ সেই সৰু কামটোৱে সেইদিনা মনটো অলপ ভাল কৰি দিলে। কাৰণ কেতিয়াবা ভ্ৰমণৰ ডাঙৰ স্মৃতিবোৰ কোনো প্ৰকৃতি বা পাহাৰৰ পৰা নাহে।
কেতিয়াবা এজন অচিনাকি মানুহৰ সৰু ভাল ব্যৱহাৰৰ পৰাও আহে।
Passport Verification আৰু এখন ঘৰুৱা এসাঁজ:-
তৃতীয় দিনা Passport verificationৰ কাম আছিল।
সোনকালে গৈ কামটো শেষ কৰিবলৈ চেষ্টা কৰিলোঁ। ভাগ্য ভাল—কামটো অলপ সোনকালেই শেষ হ’ল।
তাৰ পাছত গুৱাহাটীলৈ উভতি আহি AYANG INN গেষ্ট হাউচত সন্মানীয় তিলক দলে দেৱৰ লগত বহি প্ৰিয় গাহৰিৰ মাংসৰ খাদ্যৰে এসাঁজ ভালকৈ খালোঁ।
দিনটোৰ ভাগৰ, যাত্ৰাৰ ক্লান্তি—সকলো যেন ভাল খাদ্যৰ সন্মুখত অলপ অলপকৈ হেৰাই গ’ল। ভ্ৰমণৰ মাজত কিছুমান খাদ্য কেৱল খাদ্য হৈ নাথাকে।
সেইবোৰ স্মৃতি হৈ পৰে। পাছত ছয়মাইলৰ Zudio-ত অলপ বজাৰ কৰি তাতেই কিছুমান উপহাৰো পালোঁ।
জীৱনৰ সৰু সৰু আনন্দবোৰ আচলতে এনেকৈয়ে আহে। কোনোবাই কিনি দিয়া বস্তু এটাৰ মূল্যতকৈ—
“তোমাৰ বাবে লৈছোঁ” বুলি কোৱা কথাটোৰ মূল্য বহু বেছি।
Rapido — এটা সৰু ভুল, এটা ডাঙৰ ভয়:-
Zudioৰ পৰা ডাক বিভাগৰে দাদা দিব্যধৰৰ ৰূমলৈ Rapidoত গৈ আছিলোঁ। দিনটোৰ ভাগৰ, যাত্ৰাৰ ক্লান্তি—কেতিয়া যে চকু লাগি গ’ল গমেই নাপালোঁ।
হঠাৎ বাইকৰ পৰা পৰি গ’লোঁ। মুহূৰ্তটো সৰু আছিল, কিন্তু বিপদটো ডাঙৰ হৈ পৰিলেহেঁতেন।
ভাগ্য ভাল আছিল। সেই সময়ত ওচৰে-পাজৰে গাড়ী বা মটৰ বাইকৰ অহা-যোৱা বেছি নাছিল।
অলপ সময়ৰ বাবে মনে ক’লে— “আজিৰ যাত্ৰা ইয়াতেই শেষ হৈ গ’লহেঁতেন।”
সেই মুহূৰ্তটোৱে এটা কথা নতুনকৈ অনুভৱ কৰালে—
ভ্ৰমণে মানুহক কেৱল নতুন ঠাই দেখুৱাই নোৱাৰে; কেতিয়াবা নিজৰ জীৱনটোৰ মূল্যও নতুনকৈ বুজাই দিয়ে। ৰূমত গৈ বইল মাছৰ আঞ্জা নিজে বনাই অলপ বিশ্ৰাম ল’লোঁ। কিন্তু ভ্ৰমণৰ কাহিনী তেতিয়াও শেষ হোৱা নাছিল।ঘৰলৈ উভতি যোৱাটো ইমান সহজ নাছিল।
শিৱসাগৰৰ বানপানীৰ ফলত চৰাইদেউ, শিমলুগুৰি, আমগুৰি, নাজিৰা আদি অঞ্চলৰ ৰেলপথ আৰু ষ্টেচনসমূহ ক্ষতিগ্ৰস্ত হৈছিল।
ফলত বহু ৰেলপথ সলনি কৰা হৈছিল আৰু কিছুমান ৰেল বাতিলো হৈছিল। সেয়ে সন্ধিয়া অনতিপলমে ষ্টেচনলৈ গৈ সুধ-পুছ কৰিলো—“Rajdhani Express কোনটো route-ৰে যাব?”
মনটো তেতিয়া একেবাৰে সৰু ল’ৰাৰ দৰে আনন্দিত।
ভাবিছিলোঁ— ৰাজধানীত উঠিম, আৰামত যাম, সোনকালে ঘৰ পাম, তাৰ পাছত অফিচত বহিমগৈ।
2-tier ACত গৰমৰ পৰা আঁতৰি শান্তিৰে শুব পাৰিম। কিন্তু ৰেলযাত্ৰাৰ নিজৰ কাহিনী থাকে।
জীৱনে মোৰ পৰিকল্পনাটো শুনি হয়তো অলপ হাঁহিলে। ৰেলখন পলম হ’ল। বহুত পলম।
তথাপি পাছত 2-tier AC ডবাত উঠি মনটো অলপ শান্ত হ’ল।
ৰাজধানীত বুঢ়া মানুহজন আৰু ৰাতিৰ বাদ্যযন্ত্ৰ:-
মোৰ Lower Seatত এজন বুঢ়া মানুহ আৰু তেওঁৰ পৰিয়াল আহাৰ গ্ৰহণ কৰি কিছু কথা-বতৰা পাতি আছিল। অলপ সময় পাছত বুঢ়া মানুহজনক শুভৰাত্ৰি বুলি কৈ তেওঁৰ ল’ৰা, বোৱাৰী আৰু নাতি বেলেগ এখন ডবালৈ গুচি গ’ল।
তেতিয়া ভাবিছিলোঁ—“বুঢ়া মানুহজনক অকলে বেলেগ ডবাত টিকট বুক কিয় কৰিলে?”
কিন্তু ৰাতি টোপনি অহাৰ লগে লগে কথাটোৰ উত্তৰ নিজেই বুজি পালোঁ।
বুঢ়াজনৰ নাকৰ শব্দ আৰু হো... হা... হো... হা...
প্ৰতি পাঁচ-ছয় মিনিটৰ মূৰে মূৰে মুখৰ পৰা ওলোৱা সেই শব্দ। আৰু আনফালে কেঁচুৱাৰ কান্দোন যেন
দুয়োফালে পৃথক পৃথক বাদ্যযন্ত্ৰ।
মোৰ অৱস্থা—চাল্লা, পাঁচ মিনিটো ভালকৈ শুব নোৱাৰিলোঁ! তাৰ ওপৰত ৰেলখন New Missamari Stationত গৈ বহু সময় ৰৈ থাকিল। পাছত অহা Lachit Express আৰু DONYI POLO Express খন ও আগত গুচি গ’ল। মই ভাবিলোঁ—
Indian Railway নে Indian Delayway !
“ৰাজধানী বুলি নামটোহে ৰাজধানী; গতিৰ ক্ষেত্ৰত আজি যেন সকলোৰে পিছত!” ঠিক ৰাজধানী দিল্লীৰ প্ৰদূষণৰ নিচিনা লাহে লাহে ৰেলখন North Lakhimpur Station পালেগৈ। ৰেলৰ পৰা নামোতেই RPF কৰ্মচাৰী এজনে টিকট চাব বিচাৰিলে। মই ভাগৰুৱা হাঁহি এটাৰে ক’লোঁ— “ইমান delay পলম হৈ পাইছোঁহি, আপুনি আকৌ ticket চাব নেকি? কমপ্লেইন-টো
মই আপোনাৰ ওচৰতেই দিওঁ নেকি?” কথাটো অলপ অভিমানৰ আছিল। কিন্তু তাৰ পাছৰ কথোপকথনটো যথেষ্ট ভাল হ’ল। অভিযোগৰ ঠাইত পৰিচয় হ’ল।
অচিনাকি মানুহৰ সৈতে আৰম্ভ হোৱা কথাবতৰা কেতিয়াবা চিনাকিৰে শেষ হয়।
সেই RPF কৰ্মচাৰীজনৰ সৈতেও তেনেকুৱাই হ’ল।উত্তৰ লখিমপুৰত প্ৰধান ডাকঘৰত অলপ জিৰণি ল’লোঁ। Passport verificationৰ বাবে আকৌ Annexure Hৰ প্ৰয়োজন হ’ল। পোষ্ট মাষ্টৰৰ পৰা সেইখন লৈ অফিচৰে দাদা বুলি ক’ব পৰা ষ্টাফ প্ৰহ্লাদ দাৰ ঘৰত বৌৱে ৰন্ধা মুৰ্গী আৰু মাছৰে এসাঁজ ভাত খালোঁ। সেই এসাঁজ খাই যেন আকৌ ঘৰলৈ অহাৰ দৰে লাগিল। ভ্ৰমণত বাহিৰৰ হোটেলত খোৱা খাদ্যৰ নিজৰ এটা সোৱাদ থাকে। কিন্তু চিনাকি মানুহৰ ঘৰত ৰন্ধি খোৱা খাদ্যৰ সোৱাদ বেলেগ। কাৰণ তাত কেৱল খাদ্য নাথাকে— ঘৰৰ উম ঘৰৰ মৰম থাকে।কথা আছিল তিনিচুকীয়ালৈ যাওঁতে অফিচৰ Mail গাড়ীখন পাম। কিন্তু গাড়ীখন নাপালোঁ। শেষত বাছত উঠিলোঁ। বাছখনত গৈ নিউ চিচিবৰগাওঁ ষ্টেচনৰ ওচৰত নামি তাৰ পৰা মুৰ্কং চেলেক –লিডু এক্সপ্ৰেছেৰে আকৌ তিনিচুকীয়া অভিমুখে লোকেল ৰেলৰ যাত্ৰা আৰম্ভ হ’ল। ৰেলখনত উঠি কিবা এটা অনুভৱ হ’ল। হিন্দী চিনেমাৰ হিৰো-হিৰোইনে লোকেল ৰেলত যাত্ৰা কৰা দৃশ্যবোৰ মনত পৰিল।খিৰিকীৰ কাষত বহি থকা মানুহ, সৰু সৰু ষ্টেচন, বাহিৰৰ অন্ধকাৰ, মাজে মাজে ষ্টেচনৰ পোহৰ-কাহিনীটো যেন চিনেমাৰ দৃশ্য হৈ গৈছিল। কিন্তু চিনেমাৰ ৰেলৰ দৰে আমাৰ ৰেলখনো সময়মতে নচলিল। আকৌ প্ৰায় তিনি ঘণ্টা পলমকৈ তিনিচুকীয়া জংচন পালোঁগৈ।চাবুৱাত এজন বন্ধুৰ লগত ৰাতি থকাৰ কথা আছিল।
কিন্তু শেষত আমাৰ অফিচ বিল্ডিঙৰ ৰুমত থকা প্ৰশান্ত দাৰ লগত এসাঁজ ভাত খাই তাতেই ৰাতি কটালোঁ। ভ্ৰমণৰ সেই পৰ্যায়ত শৰীৰে ইতিমধ্যে কৈ দিছিল— “এতিয়া মোক অলপ শান্তি দিয়া।” কিন্তু শান্তি বেছি সময় নাথাকিল। ৰাতিপুৱা ৪ বাজিলেই আকৌ উঠিব লাগিল। শদিয়া চপাখোৱালৈ যাব লাগিব। পুৱতি নিশাৰ বাছখনত উঠিলোঁ। বাহিৰত তেতিয়াও ৰাতিৰ শেষ আন্ধাৰ। বাছখন লাহে লাহে আগবাঢ়ি গ’ল। মই চকু দুটা মুদি দিলোঁ।
ভ্ৰমণৰ শেষ অংশটো যেন টোপনি আৰু জাগৰণৰ মাজেৰে পাৰ হৈ গ’ল। ৰাতিপুৱা ৬ বাজত অৱশেষত চপাখোৱা অফিচ পালোঁগৈ।এই ভ্ৰমণে মোক কি দিলে?:-এই ভ্ৰমণটো কোনো বিলাসী ভ্ৰমণ নাছিল, ইয়াত পাঁচতাৰকা হোটেল নাছিল, বিলাসী গাড়ী নাছিল সময়মতে চলা ৰেল নাছিল, আছিল ৰেলৰ দেৰি।আছিল পাহাৰৰ একা-বেঁকা ৰাস্তা, আছিল শ্বিলঙৰ বৰষুণ, আছিল মূৰৰ বিষ, আছিল আকাশলংঘী দাম। আছিল Homestay, Zudio আৰু Zomato,আছিল বৰষুণৰ মাজতো সময়মতে খাদ্য লৈ অহা এজন ডেলিভাৰী ল’ৰাৰ নিষ্ঠা।আছিল Passport Verification. আছিল অফিচৰ ষ্টাফসকলৰ মৰম, আছিল ঘৰুৱা আহাৰ, আছিল অচিনাকি ৰেলযাত্ৰী, আছিল RPF কৰ্মচাৰীৰ সৈতে হোৱা চিনাকি, আছিল Rapidoৰ পৰা পৰি যোৱাৰ ভয়। আছিল বানপানীৰ বাবে সলনি হোৱা ৰেলপথ। আছিল পুৱতি নিশাৰ বাছ। আছিল ভাগৰ।আছিল খং। আছিল হাঁহি, আছিল অলপ ভয়।আছিল বন্ধুত্ব, আছিল ভাল খাদ্য, আছিল ৰেলৰ খিৰিকীৰে পাৰ হৈ যোৱা অগণন অচিনাকি দৃশ্য।আৰু হয়তো আটাইতকৈ ডাঙৰ কথা আছিল মোৰ জীৱনটো।শ্বিলঙত গৈ যিমানেই ৰোমাণ্টিক দৃশ্য বিচাৰিছিলোঁ, শেষত বুজিলোঁ— ৰোমাঞ্চ সদায় পাহাৰৰ কুঁৱলীত নাথাকে। কেতিয়াবা ৰোমাঞ্চ থাকে কাষত বহি থকা মানুহজনৰ নীৰৱতাত। কেতিয়াবা থাকে বৰষুণত ছাতি লৈ খোজ কঢ়াত। কেতিয়াবা থাকে ৰেলৰ খিৰিকীৰে বাহিৰলৈ চাই থকা দুটা চকুত। কেতিয়াবা থাকে এখন পলম কৰা ৰেলত।
কেতিয়াবা থাকে অচিনাকি এজন মানুহৰ সৈতে হোৱা চা-চিনাকিত। আৰু কেতিয়াবা জীৱনৰ মূল্য বুজাই দিয়া এটা ভয়ংকৰ মুহূৰ্ততো। ভ্ৰমণৰ গন্তব্যস্থানটো যিমান গুৰুত্বপূৰ্ণ, তাৰ মাজেৰে পাৰ হৈ অহা মানুহবোৰ আৰু ঘটনাবোৰ তাতকৈও বেছি মূল্যৱান। ভ্ৰমণ শেষ হ’ল। মই আকৌ মোৰ অফিচলৈ উভতি আহিলোঁ। জীৱন আকৌ আগৰ দৰে চলিবলৈ ধৰিলে। কিন্তু মনটোৰ ভিতৰত সেই ৰেলখন এতিয়াও চলি আছে। কেতিয়াবা পাহাৰৰ মাজেৰে।
কেতিয়াবা বৰষুণৰ মাজেৰে। কেতিয়াবা কোনোবা অচিনাকি ষ্টেচনত ৰৈ। আৰু কেতিয়াবা পুৱতি নিশা চাৰিটাত উঠি ঘৰলৈ উভতি অহা এখন বাছৰ খিৰিকীৰ কাষেৰে। শেষত এটাহে ক’ব পাৰি—
ভ্ৰমণৰ গন্তব্যস্থানটো যিমান গুৰুত্বপূৰ্ণ, তাৰ মাজেৰে পাৰ হৈ অহা মানুহ আৰু ঘটনাবোৰ তাতকৈও বেছি মূল্যৱান।
শ্বিলঙলৈ যোৱা সেই যাত্ৰাই মোক কেৱল এখন নতুন চহৰ দেখুৱাই নগ’ল— মোক মোৰ নিজৰ জীৱনটোক অলপ বেছি ওচৰৰ পৰা চাবলৈ শিকাই গ’ল।
আৰু সেইবাবেই— ৰেলখন যিমানেই পলম নকৰক কিয়, জীৱনৰ যাত্ৰাখন চলি থাকক—
সুস্থ শৰীৰে, শান্ত মনেৰে, অচিনাকি মানুহৰ মৰম লৈ,
নতুন কাহিনী বুকুত লৈ পৰৱৰ্তী ষ্টেচনৰ অপেক্ষাৰে।

0 Comments