অৱশেষ
◼সুভদ্ৰা পেগু
প্ৰেমৰ ডায়েৰীখন ধোঁৱাচাঙত তুলি
জ্বলাই দিম অনুভৱৰ জুইকুৰা,
ৰঙচুৱা নোহোৱালৈকে ধোঁৱাৰে উপচাই
হৃদয়খন বান্ধি ৰাখিম স্বাভিমানৰ পিঞ্জৰাত।
সময়বোৰ পাৰ হ'ব,
কাজলি হ'ব ডায়েৰীৰ পাতবোৰ,
ক'লা দাগৰ মাজে মাজে হেৰাই যাব
স্মৃতিবোৰ।
এদিন সেই স্মৃতিৰ শ্মশানলৈ যাম
আৰু পাতবোৰ লুটিয়াই চাম,
তেতিয়াও যদি বাকী থাকে কিবা অৱশেষ,
মই তাক ভালপোৱাৰ নাম দিম।

0 Comments