আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনী, ৰশ্মিজ্যোতি নৰহ

 

আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনী  ✍️শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ

আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনী

✍ৰশ্মিজ্যোতি নৰহ


আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনী—

সেইজনী মই আছিলোঁ,

ভিৰৰ মাজতো নিজকে হেৰুৱাই

কাৰোবাৰ দৰে হ’ব নিবিচাৰিলোঁ।

একমাত্ৰ মা-দেউতাৰ বাবে।


আনে যেতিয়া ৰূপ সজাবলৈ

মুখত ৰং সানিছিল,

মই মোৰ সৰল মিচিকিয়া হাঁহিটোতেই

নিজৰ সৌন্দৰ্য বিচাৰিছিলোঁ।


মই মেকাপৰ বিৰোধী নাছিলোঁ,

বিৰোধী আছিলোঁ মাথোঁ—

আনক দেখি নিজকে সলনি কৰাৰ,

নিজৰ পৰিচয়টো আনৰ মাজত

হেৰুৱাই পেলোৱাৰ।


কোনোবাই যদি মোক সোধে

“তুমি কিয় আনৰ দৰে নহ’লা?”

মই মাত্ৰ মিচিকিয়া হাঁহি মাৰি কওঁ

“কাৰণ মই আন কোনোবা হ’বলৈ

জন্ম লোৱা নাছিলোঁ;

মইতো কেৱল

মই হৈ থাকিবলৈহে জন্ম লৈছিলোঁ।”


মই জানোঁ,

সকলোৰে পছন্দৰ মানুহ

হ’ব নোৱাৰোঁ মই;

কিন্তু নিজৰ ওচৰত

মই যেন কেতিয়াও পৰাজিত নহওঁ।


আনে যি বাট বাছি লয়,

সেই বাটেৰে খোজ দিয়াটো সহজ;

কিন্তু নিজৰ বাবে

এটা নতুন বাট সৃষ্টি কৰাটো

সেইটোৱেই মোৰ সাহস।


মোৰ সৰলতাক যদি কোনোবাই

দুৰ্বলতা বুলি ভাবে,

ভাবক।

মোৰ নীৰৱতাক যদি কোনোবাই

অপূৰ্ণতা বুলি ভাবে,

ভাবক।


কাৰণ মই জানোঁ

মই কাৰো নকল নহয়,

কাৰো ছাঁ নহয়,

কাৰো দৰে হোৱাৰ প্ৰতিযোগিতাতো

মই কেতিয়াও নাছিলোঁ।


মই মইয়েই

মোৰ মিচিকিয়া হাঁহি, মোৰ সৰলতা,

মোৰ সপোন, মোৰ বাট।

আনে যোৱা বাটেৰে নোযোৱা

সেই ছোৱালীজনী

আজিও নিজৰ দৰেই আছে

আৰু নিজৰ দৰে হৈ থকাটোৱেই

তাইৰ আটাইতকৈ ডাঙৰ গৌৰৱ।

Post a Comment

0 Comments