বন্ধকত থকা সপোনবোৰ উদ্ধাৰৰ বাবে তিনিআলিত ৰৈ থাকে এজাক মানুহ
হৰেন কপ্তাক
পুৱাৰ এচেৰেঙা ৰ’দৰ হাঁহি
ব্যস্ত বাহনৰ আহ-যাহ
সপোন এমুঠিৰ সন্ধানত
নিতৌ থিয় হয় তিনিআলিত
এজাক মানুহ
সৰু সপোনবোৰতেই
সিহঁতে জীৱন বিচাৰি পায়
পিছে সিহঁত দেখা সপোনবোৰো
আনৰ হাতৰ মুঠিত থাকে
সপোনবোৰ ৰ’দ, বৰষুণৰ গাৰুৰ তলত থাকে
কেঁচা ঘামৰ বিনিময় হলেহে
সপোনবোৰ বাহিৰলৈ ওলাই আহে
গাৰ ছালবোৰ ৰ’দত গলি
চামৰালৈ পৰিণত হয় মানে
সৰু সপোন এটিৰ জন্ম হয়
আবেলিৰ ৰান্ধনি বেলি
লাহে লাহে পশ্চিম সাগৰত ডুব গ’ল
সপোন বিচাৰি ফুৰা মানুহবোৰো
ঘৰমুৱা পক্ষী হৈ উৰি গ’ল
সপোন বিচাৰি ফুৰা মানুহবোৰ
কালি য’ত আজিও তাতেই
কাৰণ সিহঁতৰ সপোন বন্ধকত আছে।

0 Comments