খুৰুং ধাৰাবাহিক ,শীতৰ কুৱঁলী- কাৰ্চাং তাকাৰ



শীতৰ কুৱঁলী(১)

পুৱাৰ ৰ’দত ঘৰত থকা ঘন-চিৰিকাহঁতে নাচিব জানো,নাই এতিয়া নাই আপুনিওঁ নাই  মুঠতে ঘৰৰ পদুলিত বহি শীতৰ জাৰতে ৰ’দৰ তাপ লৈ মুৰাত বহা আইতাও নাই।আৰু ইফালে তুমি এতিয়ালৈকে  এতিয়ালৈকে তুমি বিচনাতেই পৰি আছা!চোৱা চোৱা ৰজনীহঁত কাণ্ডত নাঙল লৈ পথাৰত হাল বাই আছে এইবুলি ক’লে নয়নৰ মাকে নয়নক।মাকৰ কথাত, নয়ন-অ’ মা আৰু অলপ শুব দিয়কছোন,এনেই পৰীক্ষাৰ আগৰ পৰা পৰীক্ষা পৰীক্ষা বুলি শুব দিয়া নাছিলা—আজি আৰু অলপ শুম অ’ মা।—তহ! তহ! তোমাৰ পৰীক্ষা,নয়নৰ কথাত মাকে ক’লে।অ’ মা বুজাছোন যোৱাৰাতিও পৰীক্ষা বুলি,গোটেই ৰাতিটোছোন প্ৰশ্নোত্তৰবোৰ মনত ৰাখোতেই গ’ল।এইবুলি নয়নে মাক ক’লে। এনেতে মা’কে পাকঘৰৰ পৰা কাম-কাজ কৰি চিঞৰৰ  মাতষাৰ দিয়ে-হ’ব হ’ব! বাৰু পাৰিলে তুমি সোনকালে উঠিবা  মই তোমাৰ  নবীন খুৰাৰ ঘৰলৈকে যাম। হ’ব মা,যোৱা যোৱা মোক শুৱ দিয়া -এইবুলি মাকক ক’য়।

মাকে ক’য়  হাতত পিয়লাত পানী লৈ যায়।এইখিনি সময়তে ঘৰৰ পদূলিতে দোকমোকালি ৰ’দ,এই কুঁৱলীৰ মাজেৰে পোহৰৰ আচ্ছাদন আৰু এই আচ্ছাদন সকলোতে পোৱা নাযায় এইবোৰ দৃশ্য কেৱল গাঁৱবোৰতে দেখিবলৈ পোৱা যায়।

       এনেহেন ফোন কল ৰিং ৰিং বাজি উঠে।প্ৰায় চাৰি-পাঁচবাৰতকৈ বেছি বাজি উঠিছিল।নয়ননে এধই বাজি উঠা ফনৰ কথা ,কোনেবা কৰিছে তাৰ উমান পোৱাই নাছিল। কাৰণ গোটেই ৰাতি ছেমিষ্টাৰৰ পৰীক্ষাৰ প্ৰস্তুতি।নিয়মমতে ছেমিষ্টাৰ পৰীক্ষা ছমাহ অনুসৰি হ’ব লাগে কিন্তু নামতহে ,ছমাহৰ আগতেই অনুষ্ঠিত কৰে এইয়া কলেজত পঢ়ি থকাসকলেহে জানে-পৰীক্ষাৰ কথা।

লাহে লাহে এই কলয়ডীয়ৰ বিচ্ছুৰিত পোহৰ খিৰিকীৰ মুখেৰে সোমাই আহিলে আৰু এই বৰ্ণালীৰ ৰঙে নয়ন কপালখন স্পৰ্শ কৰিলে।পোহৰৰ এনে গৰম স্পৰ্শত নয়ন সাৰ পালে।সাৰ পাইয়ে মোবাইলত থকা থকা সময়ৰ মেনুখন ছাই উচপ খাই উঠে, মোবাইটো চোৱাৰ পৰত সময় দেখি কপালত চকু উঠিল নয়নৰ সময়-১২ টা ৩০।

কাৰণ নয়ন ন’বজাৰ  আগত উঠিব লাগিছিল কিন্তু যিয়ে ঠাণ্ডা এই ঠাণ্ডাত  কম্বল আৰু টোপনিয়ে লগ নেৰাৰ কাৰণে দেৰিলৈকে শুৱলগীয়া হয়।ইফালে মোবাইলত চাৰিটা মিছকল।


Post a Comment

0 Comments