মিছা কথাৰে প্ৰতিশোধ ৰশ্মিজ্যোতি নৰহ।

 

মিছা কথাৰে প্ৰতিশোধ  ৰশ্মিজ্যোতি নৰহ।

মিছা কথাৰে প্ৰতিশোধ

ৰশ্মিজ্যোতি নৰহ।


তুমি মিছা কৈছিলা,

মই নীৰৱে শুনিছিলোঁ,

সঁচা বুলি বিশ্বাস কৰি

নিজৰ মনকেই বুজাইছিলোঁ।


তোমাৰ  প্ৰতিটো মিছাই

হৃদয়ত দাগ বহুৱাই গ'ল,

মোৰ সৰল বিশ্বাসবোৰ যেন

এদিনতে সলনি হৈ গ'ল।


 প্ৰতিশোধ ল'বলৈ তোমাৰ দৰে নহওঁ,

মিছাৰ উত্তৰ মিছাৰে দি

নিজক সৰু সজাব নোখোজোঁ।


মোৰ প্ৰতিশোধ হ'ব—

তোমাক পাহৰি আগুৱাই যোৱা,

ভাঙি যোৱা বিশ্বাসবোৰৰ মাজতো

নিজৰ সপোনবোৰ জীয়াই ৰখা।


এদিন তুমি বুজিবা,

মিছাৰে কাকো হৰুৱাব নোৱাৰি;

সঁচাৰ পথত খোজ দিয়া মানুহক

সময়েও কেতিয়াও হৰুৱাব নোৱাৰে।


তোমাৰ মিছা কথাৰ প্ৰতিশোধ

মোৰ কোনো কঠিন শব্দ নহয়,

মোৰ নীৰৱ সফলতাই এদিন

তোমাক সকলো উত্তৰ দিব।

Post a Comment

0 Comments