সপোনৰ সিপাৰে,কুঞ্জলতা টাইদ

 
সপোনৰ সিপাৰে,কুঞ্জলতা টাইদ

সপোনৰ সিপাৰে

শ্ৰীমতী কুঞ্জলতা টাইদ 


সকলো সপোন দিঠক নহয়,

কিছুমান ৰৈ যায় আঁধাৰৰ কোলাত;

কিছুমান সৰি পৰে সময়ৰ নীৰৱ ঢৌৰ লগত।

আকাশত জ্বলা প্ৰতিটো তৰা হাতেৰে ধৰা নাযায়; 

তথাপিও মানুহে নতুন পুৱাৰ আশাত বাট চাই থাকে।

ভঙা সপোনৰ ছাইৰ মাজতো জন্ম লয় নতুন সাহস; 

হেৰুৱা পথৰ বুকুতেই ফুলি উঠে আশাৰ সুবাস।

জীৱন মানে কেৱল পোৱাই নহয়, কেতিয়াবা হেৰুওৱাৰো নাম; 

কাৰণ প্ৰতিটো ব্যৰ্থতাৰ পিছফালে লুকাই থাকে নতুন প্ৰভাতৰ বাণী।

সেয়ে মন ভাঙি নপৰিবা, সপোন যদি দিঠক নহয়; আজি নোপোৱা সুখৰ পোহৰ কাইলৈ হয়তো তোমাৰেই হ'ব।।

Post a Comment

0 Comments