জেউৰা-খুঁটিৰ কবিতা,কাৰ্চাং তাকাৰ,সাপ্তাহিক জনমভূমি

 
জেউৰা-খুঁটিৰ কবিতা,কাৰ্চাং তাকাৰ,সাপ্তাহিক জনমভূমি

জেউৰা-খুঁটিৰ কবিতা

-কাৰ্চাং তাকাৰ,৬০০২০৭৬৮৮৬


ঘৰৰ পিছফালে থকা বাৰীৰ জেউৰা শুকান হৈ ৰৈ থাকে অকলশৰীয়াকৈ

জেউৰাবোৰ পিতাইলৈ ৰৈ থাকে—দুশ ছয়ডাল হাড় বৃদ্ধ হোৱা খবৰত,হয়তো জানে কলা চুলি বগা হোৱাৰ।


মানুহেনো কিমানদিনলৈ  হিচাপ কৰিব এই মাটি,এই ঘৰ,এই সীমা-মহাভাৰত!

কোনোবা এটা দিনত এই হাবি,এই ঘৰ এৰি বাষ্প হৈ আকাশলৈ উৰিবই লাগিব


মানুহে মানুহৰ বাবে এই জেউৰা—খুঁটিয়ে চিনিব জানোঁ পাৰিব?

আকাশ ভেদি মহাকাশলৈ যোৱা যানৰ দৰে যিদিনা উৰিব।


এই শৰীৰ,এই জেউৰা—ক’তেনো উলমিব জীৱন্তৰ শেষান্তৰত?


Post a Comment

0 Comments