ল’ৰালিৰ স্মৃতিৰ সঁফুৰা,অমিলতা টায়ে মিলি

 ল’ৰালিৰ স্মৃতিৰ সঁফুৰা

অমিলতা টায়ে মিলি 

ল’ৰালিৰ স্মৃতিৰ সঁফুৰা,অমিলতা টায়ে মিলি


কোনেনো স্মৃতি ৰোমন্থনৰ পৰা হাত সাৰিব পাৰিছে ভাল লগা  সময়বোৰ হয়তো সকলো সময়ত ঘুৰি নাহে ৷কিন্তু ভাল মানুহ ; ভালপোৱা মানুহক লগ পালে সম্পৰ্কবোৰ চিৰদিনৰ বাবে অমৰ হৈ থকা স্মৃতিবোৰ জাগি উঠে ৷একালৰ ছাত্ৰ জীৱনৰ  বন্ধু-বান্ধবী আজৰি পৰত লগ পোৱাই সৰগীয় সুখ আনে ৷ল’ৰালিৰ পৰা কৈশোৰৰ সময়চোৱাত ৰ’দ বৰষুণৰ পাৰ্থক্য বিচাৰি নাপায় ৷ৰ’দ কি ; বৰষুণ কি তাৰ উম উপলব্ধি কৰিবলৈ আজৰি নাপায় ৷ৰ’দত উমলিয়ো ভালপায় বৰষুণত তিতিবুৰিয়ো আমেজ পায় ৷সেই সময় আটাইতকৈ সুখৰ সময় ৷ল’ৰালিতে স্কুললৈ যোৱাৰ পৰত  বৰষুণ  আহিলে  মা-দেউতাৰ মৰমৰ আৰু  সহজতে পোৱা সূলভ মূল্যৰ ছাতি  কচুপাত বা ভীমকলৰ পাত ৷ দাদা বা খুড়াহঁতে পিন্ধা পুৰণা লংপেণ্টৰ কাপোৰেৰে তৈয়াৰ কৰা নীলা ৰঙৰ বা খাকী ৰঙৰ মোনা চিলাই দিছিল মায়ে ৷তাতে ফলি কিতাপ বহী সোমোৱাই লৈ স্কুল গৈছিলোঁ ৷কেতিয়াবা দেখা পাওঁ লগৰ ল’ৰাৰ হাফপেণ্টৰ বুটাম ছিঙি যোৱাত বুটাম সোমোৱা ফুটাত  বকলেচ মাৰি যোৱা কেতিয়াবা মৰাপাটৰ ৰছীৰে বন্ধা ৷তথাপিও কাৰোৰে আপত্তি নাছিল । স্কুললৈ যাবলৈ মৰাপাটৰ বস্তা কঢ়িয়াই লৈ গৈছিলোঁ ৷ওজৰআপত্তি তুলিবলৈ থলেই নাই ৷সেই সময়ৰ পৰিবেশৰ সৈতে আমি খাপ খাই চলিছিলোঁ ৷তাতো জীৱনৰ জীয়াই থকাৰ জীৱন সংগ্ৰাম কৰাৰ মাদকতা আছিল ৷আষাৰ শাওণ মাহৰ ভৰদুপৰীয়া বৰদেউতা খুঢ়া মামাহঁতৰ বাৰীত টলৌটলৌকৈ ঘূৰি ফুৰাৰ আনন্দ কাৰো সতে তুলনা কৰিব নোৱাৰি ৷কেঁচা  আমৰ আঠাই দিয়া আইডেণ্টিপিকেচন  মাৰ্ক ; পকা আম  ; লেটেকু ; বগা কুলা জামু ; কঠাঁল  মধুৰিআম ; বৰলৰ বাহঁবোৰে ৰিঙিয়াই মাতা বোৰ এতিয়াও বহুতৰে স্মৃতিৰ পটত দোলা দি থাকে ৷

Impact Career Tutorial

যাক কোনেও নুই কৰিব নোৱাৰি ৷শৈশৱত পথাৰত বোকামাটিত খচি ভুঁই ৰোৱা কামে এতিয়াও নাকৰ আগতে কেঁচা মাটিৰ সুগন্ধি পোৱা যেন অনুভৱ হয় ৷শৈশৱৰ ধেমালি বৃদ্ধাকালৰ হাঁহিৰ খোৰাক আনে ৷একুঁকি সাধুকথাৰ দৰে সন্তানক বা নাতি নাতিনীৰ আগত প্ৰকাশ কৰিবলৈ পালে মনত প্ৰশান্তিৰ ভাৱে আঁৱৰি ধৰে ৷তেতিয়া অকণমান হলেও বেমাৰৰ অনুভৱৰ পৰাও ৰেহাই পোৱা যেন হয় ৷গৰমৰ দিনত পিৰালিত ঢাৰি পাৰি আইতাই শুনোৱা সাধুকথাৰ কুঁকি ককাই গলকেকাৰ মাৰি তেওঁৰ অস্তিত্ব সোঁৱৰাই দিয়া সেইবোৰ আজি কোনোবা কাহিনীৰ দৰে লাগে ৷আজি আমি আমাৰ সন্তানক ব্যস্ততাৰ অজুহাতত ককা আইতাৰ মৰমৰ বুলনিৰ পৰা নিলগাই ৰাখিছোঁ ৷অকলশৰীয়াকৈ জুইশলা বাকচটোৰ  সদৃশ ফ্লেটত বৃদ্ধা মা দেউতাক তেওঁলোকে আমাৰ পৰা পাব লগা প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছোঁ ৷ককা আইতাহঁতে সন্তানৰ বংশধৰক চাবলৈ আশাপালি খিৰিকীৰ ফাঁকেৰে দূৰণিলৈ চাই ৰয় ৷জানোচা কোনোবা দিনা সন্তানে হাঁহিৰ খোৰাক আনন্দৰ সঁফুৰা আনেই বা ৷বিশাল আট্টালিকাবোৰ তেওঁলোকৰ বাবে বন্ধ কুঠৰীটোৰ দৰে হয় ৷তেতিয়াই সোঁৱৰণ কৰে ল’ৰালিৰ অগণিত স্মৃতিৰ সঁফুৰা ৷


Post a Comment

0 Comments