মাপনী,প্ৰীতি পাদুন

মাপনী


 মাপনী

-প্ৰীতি পাদুন

খঙত কোৱা কিছুমান কথা,

আজিও মনত কাঁইট হৈ ৰয়।

"কথা নাপাতিবা" বুলি কৈছিলোঁ,

কিন্তু মনটোৱে তোমাকেই বিচাৰি ফুৰে।

তোমাৰ এটা ফোন,

তোমাৰ এটা "কি কৰিছা?" —

দিনটোৰ সকলো অভিমান শেষ পেলায়।


চাৰিদিনৰ নীৰৱতাই মোক শিকালে

মইও যে কাৰোবাক ইমান ভাল পাব পাৰোঁ 

সেইটো কেতিয়াবা দূৰত্বইহে বুজাই দিয়ে।


যদি কেতিয়াবা মোৰ কথাই

তোমাৰ মনত  কষ্ট দিছে,

জানিবা—

সেইবোৰ খঙৰ শব্দ আছিল,

হৃদয়ৰ নহয়।


আজিও মনটোৱে একেটা কথা কে কয় 

তোমাৰ লগত অলপ কথা পাতিলেই,

মোৰ দিনটো ভাল লাগে।

Post a Comment

0 Comments