The Real Happiness
অজয় পগাগ
নদীবোৰে সাগৰলৈ বৈ আহে,
বৈ আহে এটাৰ পাছত আন এটা ঢৌ হৈ
তথাপিও সাগৰ কেতিয়াও অশান্ত নহয়,
নিজৰ সীমাতে সাগৰ গভীৰতাৰে নীৰৱ হৈ ৰয়।
কেতিয়াবা জীৱনলৈ কামনা আৰু আহিব বাসনা,
এজনে সুখৰ সপোন আনজনে বোৱাব দুখৰ বতাহ।
কিন্তু তুমি সাগৰ হোৱা আৰু প্ৰতিটো ঢৌৰ সৈতে
কেতিয়াও তুমি নিজকে হেৰুৱাই নিদিবা।
সংসাৰত কোনোৱেই নাই যে এইটো পালেই সি সুখী
কিন্তু সকলোৰে সুখ কেতিয়াও পূৰ্ণটো নহয়,
এটা ইচ্ছা পূৰ হ’লেই আন এটা ইচ্ছাৰ দুৱাৰ বিচাৰে।
শান্তি এনে বস্তুটো নহয় বাহিৰৰ পৃথিৱীৰ পৰা কিনিম। তোমাৰ সুখ শান্তি সেই অনুভৱ যেতিয়া অন্তৰে কব,
জীৱনত যি আছে, সেয়াই মোৰ যথেষ্ট।
কামনা কৰক, কিন্তু কামনাৰ বলি হবলৈ নহয়,
সপোন জীয়াই ৰাখক, কিন্তু সেই সপোনৰ বাবে
নিজৰ মনৰ শান্তিক বিক্ৰী কৰিবটো নোৱাৰোঁ।
নদী যিমানে সাগৰত মিলিব, সাগৰো ইমানেই গভীৰ,
মানুহে যিমানেই নিজৰ মনৰ ভিতৰৰ শান্তি পূৰ্ণ,
সিমানেই বাহিৰৰ পৃথিৱীৰ অভাৱবোৰ পূৰণ হ'ব।
প্ৰকৃত সকলো সুখ সকলো পোৱাৰ নামটো নহয়—
সকলো নোপোৱাৰ পাছতো নিজৰ মনক
তুমি সদায় শান্ত সন্তুষ্ট কৰি ৰাখিব পৰাৰ নাম।

0 Comments