নিশাৰ বুকুত হেৰাই যোৱা এটি সপোন
কুঞ্জলতা টাইদ
নিশাৰ আন্ধাৰত যেতিয়া পৃথিৱীখন অলপ নীৰৱ হৈ পৰে,
তেতিয়া মনটোৱেও যেন নিজৰ সৈতে কথা পাতিবলৈ শিকে।
দূৰ আকাশত মেঘৰ আঁৰত লুকাই থকা জোনাক,
চাৰিওফালে বিয়পি পৰা পথাৰৰ সেউজীয়া সুবাস,
আৰু নীৰৱতাক সংগী কৰি আগবাঢ়ি যোৱা এই এটি বাট—
সকলোবোৰেই যেন কোনো অজানিত কবিতা
কেতিয়াবা জীৱনত বহুত মানুহৰ মাজতো
আমি নিজকে অকলশৰীয়া অনুভৱ কৰোঁ,
আকৌ কেতিয়াবা এনে কোনো নীৰৱ সন্ধিয়াত
অকলেই থিয় হৈ থাকিও মনটো ভৰি পৰে
হাজাৰটা অনুভৱেৰে।
এই মুহূৰ্তটোও তেনেকুৱাই—
নাই কোনো হুলস্থূল, নাই কোনো অভিযোগ,
মাথোঁ আকাশখন চাই নীৰৱে ভাবি থকা
সেই সৰু সৰু সপোনবোৰৰ কথা,
যিবোৰ হয়তো এদিন বাস্তৱ হ’ব।
সময় আগবাঢ়ি যাব, বাট সলনি হ’ব,
বহুতো মানুহ আহিব আৰু গুচি যাব,
কিন্তু কিছুমান সন্ধিয়া, কিছুমান অনুভৱ
আৰু কিছুমান নীৰৱ মুহূৰ্ত
সদায় হৃদয়ৰ কোনোবা এটা কোণত
স্মৃতি হৈ জীয়াই থাকিব।
কাৰণ কেতিয়াবা নীৰৱতাইও বহু কথা কয়—
মাথোঁ সেই কথাবোৰ শুনিবলৈ
মনটো অলপ শান্ত হ’ব লাগে।।

0 Comments