অপেক্ষাৰ মূল্য,ৰশ্মিজ্যোতি নৰহ।

 

অপেক্ষাৰ মূল্য  ৰশ্মিজ্যোতি নৰহ।

অপেক্ষাৰ মূল্য

ৰশ্মিজ্যোতি নৰহ।


ভুল বুজাবুজিৰ এন্ধাৰত

আমাৰ বন্ধুত্ব এদিন

নীৰৱ হৈ পৰিল।

কথাবোৰ থমকি ৰ'ল,

হাঁহিবোৰ হেৰাই গ'ল,

আৰু দুয়োৰে মাজত

এখন অদৃশ্য দেৱাল গঢ় লৈ উঠিল।


তথাপি—

মোৰ মনটোৱে আজিও

সেই দেৱালখনৰ সিপাৰে

তোমাকেই বিচাৰি থাকে।


দিন পাৰ হয়,

ঋতু সলনি হয়,

সময়ে বহু কথা পাহৰাই নিয়ে,

কিন্তু তোমাক লৈ থকা

এটা সৰু আশা

আজিও মোৰ ভিতৰত

নীৰৱে জীয়াই থাকে।


মই আজিও অপেক্ষা কৰি আছোঁ

তুমি উভতি আহিবা বুলি নহয়,

বৰং এদিন

তুমি বুজিবা বুলি

যে তোমাৰ বাবে

কোনোবাই কিমান দিন

নিৰৱে অপেক্ষা কৰিছিল।


হয়তো তুমি নাজানা,

অপেক্ষাৰো এটা মূল্য থাকে,

প্ৰতিটো অপেক্ষাৰ আঁৰত

থাকে অযুত অনুভৱ,

অসংখ্য নোকোৱা কথা

আৰু হেৰাই যাবলৈ নিদিয়া

এটা সম্পৰ্কৰ শেষ আশাটি।


তুমি হয়তো

মোৰ অপেক্ষাক দুৰ্বলতা বুলি ভাবিলা,

মোৰ নীৰৱতাক পাহৰি যোৱা বুলি বুজিলা;

কিন্তু তুমি নুবুজিলা

মই নীৰৱ আছিলোঁ

কাৰণ বন্ধুত্বটো

মোৰ বাবে এতিয়াও মূল্যৱান আছিল।


আজিও যদি তুমি নাহা,

মই হয়তো অপেক্ষাৰ পৰা

এদিন আঁতৰি যাম;

কিন্তু সেইদিনা

মোৰ মনটোৱে এটা কথা জানিব

মই বন্ধুত্বটো হেৰুৱাব বিচৰা নাছিলোঁ,

মই মাথোঁ

তোমাৰ বুজাবুজিৰ অপেক্ষাত আছিলোঁ।


কিছুমান অপেক্ষা শেষ হয়

মানুহজন উভতি অহাত নহয়

মানুহজনে বুজি নোপোৱাৰ

বেদনাত।

Post a Comment

0 Comments