কোন কাৰ আপোন
শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ।
কোন কাৰ আপোন—
এই প্ৰশ্নটোৱে আজিও
মোৰ মনৰ দুৱাৰত
নিৰৱে টোকৰ মাৰে।
যাক এদিন
নিজতকৈও আপোন বুলি ভাবিছিলোঁ,
যাৰ হাঁহিত
মোৰ দিনবোৰ পোহৰাই উঠিছিল,
যাৰ নীৰৱতাতো
মই বিচাৰি পাইছিলোঁ
অসংখ্য নোকোৱা কথা
আজি সেইজনেই
মোৰ বাবে অচিনাকি।
ভুল বুজাবুজিৰ
এটি সৰু বীজে
এদিন গঢ়ি তুলিলে
দূৰত্বৰ এখন বিশাল বননি,
মই বাৰে বাৰে
সেই বননিৰ মাজেৰে
উভতি যাব বিচাৰিলোঁ,
কিন্তু সিফালৰ পৰা
এবাৰো মাত নাহিল।
তথাপি মই অপেক্ষা কৰিলোঁ
হয়তো এদিন
স্মৃতিবোৰে তেওঁক সোঁৱৰাব,
হয়তো এদিন
অভিমানবোৰ গলি যাব,
হয়তো এদিন
তেওঁ বুজিব
মোৰ নীৰৱতাৰ আঁৰত
কিমান শব্দ লুকাই আছিল।
কিন্তু সকলো অপেক্ষাৰ
এটা উত্তৰ নাথাকে;
কিছুমান অপেক্ষা
মাথোঁ শিকাই যায়,
আপোন বুলি ভাবিলেই
কোনোবা আপোন হৈ নাযায়।
সম্পৰ্ক কেৱল
এজনৰ মৰমেৰে নাথাকে,
দুয়োটা হৃদয়ৰ
একে দিশে খোজৰ প্ৰয়োজন হয়।
আজি সেয়ে
মই কোনো অভিযোগ নকৰোঁ।
মাথোঁ নিজকে সুধো—
কোন কাৰ আপোন?
হয়তো আপোন সেইজনেই,
যিয়ে দূৰত্বতো
তোমাক পাহৰি নাযায়,
ভুল বুজাবুজিৰ মাজতো
তোমাৰ কথাখিনি শুনিবলৈ
এবাৰ থমকি ৰয়।
আৰু যিজনে
তোমাৰ অপেক্ষাৰ মূল্য নুবুজে,
তেওঁ আপোন আছিল নে নাই
তাৰ উত্তৰ
সময়ে এদিন দি যাব।
মই মাথোঁ
স্মৃতিবোৰ বুকুত লৈ
আগুৱাই যাম;
কাৰণ সকলো হেৰুওৱাৰ পাছতো
এটা কথা শিকিলোঁ।
মানুহ হেৰাই যাব পাৰে,
সম্পৰ্ক সলনি হ'ব পাৰে,
কিন্তু সঁচা মৰমে
কেতিয়াও নিজৰ অস্তিত্ব হেৰুৱাই নেপেলায়।


0 Comments