আজি কালি মনটো কিয় জানো মৰি থাকে
✍️শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ
শিক্ষা:এম ,এ (অসমীয়া বিভাগ)
আজি কালি মনটো কিয়নো মাৰি থাকে,
দুখ নাই, বেদনা নাই, তথাপি নীৰৱ হৈ থাকে।
হাঁহিৰ মাজতো কিবা যেন হেৰাই যায়,
অকলে থাকিলে মনটো কিয়নো মাৰি যায়।
লগৰীয়াৰ সৈতে ওলাই গ'লে,
হাঁহি-ধেমালিৰে সময়বোৰ গ'লে,
কথাৰ মাজত মনটো উজলি উঠে,
নীৰৱতাৰ ছাঁ বোৰ দূৰলৈ গুচি যায়।
কিন্তু যেতিয়া অকলে থাকোঁ,
নিস্তব্ধ হয় চৌপাশ,
নিজৰ সৈতে নিজেই কথা পাতোঁ,
কোনো দুখৰ কথা মনত নাথাকে,
তথাপি কিয়নো মনটো মাৰি থাকে।
নাই কোনো অভিযোগ,
নাই কোনো অভিমান,
তথাপি কিয় জানো মনটোৱে
আজি কালি প্ৰায়ে মনটো মাৰি থাকে।
হয়তো মনটোৱে বিচাৰে
আপোন মানুহৰ মৰমৰ মাত,
কিছু হাঁহি, কিছু সান্নিধ্য,
কিছু নিৰ্ভৰযোগ্য হাত।
সেয়ে এই নীৰৱতাক
দুখ বুলি নকওঁ মই,
ই মাথোঁ মনৰ এটি ঢৌ—
আহে, যায়, ৰৈ নাথাকে কেতিয়াও।
আকৌ কোনোবা পুৱাই
হাঁহিৰে ভৰিব মন,
এই বিশ্বাস বুকুত লৈ
আগুৱাই যাম প্ৰতিক্ষণ।

0 Comments