যাত্ৰাতেই হেৰুৱালোঁ,শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ।

 
যাত্ৰাতেই হেৰুৱালোঁ,শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ।

যাত্ৰাতেই হেৰুৱালোঁ

শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ।


লক্ষ্যই উমানেই নাপালে

মই কেতিয়া ভাগৰি পৰিলোঁ,

সপোনৰ বাটত খোজ দিওঁতে

নিজকেই ক’ত হেৰুৱালোঁ।


বাটটো আছিল দীঘলীয়া,

আশাবোৰ আছিল অসীম,

এদিন সফল হ’ম বুলি

হৃদয়ত বান্ধিছিলোঁ সপোন ৰঙীন।


ৰ’দ আহিল, বৰষুণ আহিল,

বহু ধুমুহা পাৰ কৰিলোঁ,

লক্ষ্যৰ পিছে দৌৰি দৌৰি

নিজৰ হাঁহিটোৱেই পাহৰিলোঁ।


আজি ৰৈ ভাবোঁ

লক্ষ্যটো এতিয়াও দূৰত,

কিন্তু মই যেন

নিজৰ পৰাই বহু দূৰলৈ গ’লোঁ।


হয়তো জীৱন মানেই

কেৱল লক্ষ্যত উপনীত হোৱা নহয়,

কেতিয়াবা বাটৰ মাজতো

নিজক আকৌ বিচাৰি ল’ব লাগে।


সেয়ে আজি

অলপ থমকি ৰ’ম,

হেৰুৱা নিজক বিচাৰি ল’ম

লক্ষ্য হয়তো অলপ পলমকৈ আহিব,

কিন্তু নিজক আৰু হেৰুৱাব নোখোজোঁ।

Post a Comment

0 Comments