বসন্তৰ শেষ বেলিকা,অজয় পগাগ

বসন্তৰ শেষ বেলিকা,অজয় পগাগ

 বসন্তৰ শেষ বেলিকা

অজয় পগাগ

মই যেন তোমাৰ সেই জোপা গছৰ ডাল
যত বসন্তত নীৰৱে সেউজীয়া সপোনে আঁকে।
তুমি অহাৰ আগলৈকে মোৰ উদং ডাল 
এজোপা গছৰ ছাঁ আছিল, কিন্তু আশ্ৰয় নাছিল,
ডাল আছিল, কিন্তু ফুল আৰু পাত নাছিল।
তোমাক দেখিলেই যেন বুকুৰ ভিতৰৰ ডালবোৰ
নতুন পাতে মূৰ দাঙে, আৰু বুকুৰ নিৰ্জনতাত
কুলি কেতেকীৰ প্ৰথম মাত গীতৰ সুৰ হৈ পৰে।
নাজানো তোমাৰ সৈতে মোৰ কিহৰ সম্পৰ্ক তুমি বসন্ত নে বসন্তৰ প্ৰথম কুঁহিপাত, নে বহু দিনৰ পৰা এজোপাৰ শিপাত লুকাই থকা মোৰ বুকুৰ মাজৰ কোনোবা পুৰণি পৰিচয়। সেয়া জানো তুমি কাষত থাকিলে মোৰ বুকুখন সেউজীয়া হৈ পৰে,
আৰু তুমি আঁতৰি গ’লে এটি এটি কৰি মোৰ বুকুৰ পাতবোৰ সৰি পৰে।
হয়তো তুমি আহিলেহে এদিন মই মোৰ এই শুকান জীৱনৰ অৰ্থটো বুজি পাম। হয়তো আজি সকলো বতাহৰ সুৰ সলনি হৈছে আকাশখনত বসন্তৰ শেষ ৰ’দৰ পোহৰ আহিছে, কিন্তু বুকুৰ এজোপাৰ প্ৰতিটো ডালত আজিও পাত আৰু কিছু ফুলপাহ নীৰৱে হাঁহি আছে।
তুমি যাবলৈ সাজু, মই একো ক’ব নোৱাৰিছো, এজোপা গছ হৈ জানো মই তোমাক সুধিব পাৰো বসন্ত, তুমি আৰু অলপ ৰ’বা নেকি?” তুমি এখোজ এখোজকৈ আঁতৰি গৈ আছা।
আৰু মই স্থিৰ কিয়নো শিপাবোৰে মাটিৰ সৈতে মোক বান্ধি ৰাখিছে, আৰু হৃদয়ে তোমাৰ লগত। হয়তো তুমি এবাৰলৈ পিছলৈ ঘূৰি চোৱা, তোমাৰ সেই চাৱনিত মোৰ হাজাৰটা প্ৰশ্ন থাকিব তুমি উভতি আহিবা নে মই অপেক্ষা কৰিম? নে তুমি মোক পাহৰি যাবা?
কিন্তু কোনো কথাই নাই মাথোঁ যোৱাৰ আগতে মোৰ ডালবোৰলৈ চাই হয়তো তুমি বুজিছা বুকুত যিমান ফুল দেখিছা প্ৰতিটো ফুলৰ মাজত এটি এটি তোমাৰ নাম লুকাই আছে। লাহে লাহে তুমি তোমাৰ বাটেৰে আঁতৰি গৈ মোৰ দৃষ্টিৰ পৰা হেৰাই যোৱা মুহূৰ্ততে মোৰ ডালৰ পৰা এটি শুকান পাত সৰি পৰিছে। হয়তো বুজিছোঁ সম্পৰ্কবোৰ ভাঙি দিয়া কাম সদায় মানুহে নকৰে, নিয়তি আৰু সময়ো কৰে। বতাহ বলিয়েই আছে, ফুলবোৰ সৰি পৰিছে, বুকুৰ আকাশত সন্ধিয়া নামি আহিছে। কিন্তু মই? সেই একে ঠাইতে আজিও ৰৈ আছোঁ, তোমাৰ শেষ চাৱনিটো এটি পুৰণি পোহৰৰ দৰে মোৰ বুকুৰ ডালত সাঁচি থৈছোঁ।
ঋতু সলনি হ’ব, বসন্ত গুচি যাব, শীত আহিব, বৰষুণ আহিব, আকৌ বসন্ত নামিব, কিন্তু মোৰ বেলেগে কোনো নতুন কুঁহিপাত মেলিব নে? কাৰণ মোৰ শিপাই এতিয়াও বিশ্বাস কৰে এদিন তুমি আকৌ আহিবা। আৰু যদি তুমি নাহা...
তেন্তে কোনোবা এদিন মই হয়তো এই গছজোপা দৰে শুকাই যাব, পাতবোৰ সৰি ফুলবোৰৰ স্মৃতিও মাটিত মিলি যাব।
কিন্তু শেষ মুহূৰ্তলৈকে মোৰ বুকুৰ এটি ডাল তোমাৰ আদৰণিৰ বাটটোৰ ফালে মেলি থাকিব যেন তোমাক শেষবাৰৰ বাবে এটি কথা ক’ব, তুমিতো মোক এৰি গুচি যোৱা নাছিলা... তুমি মাথোঁ তোমাৰ বসন্তক লৈ গৈছিলা। আৰু মই—তোমাৰ অপেক্ষাত আজিও সেই একেজোপা গছ হৈ ৰৈ আছোঁ।” বসন্ত আকৌ আহিব, ফুল আকৌ ফুলিব— কিন্তু তুমি নথকা প্ৰতিটো বসন্ত মোৰ বাবে কেতিয়াও সেউজীয়া বসন্ত নহ’ব।

Post a Comment

0 Comments