সৰিয়হৰ হালধীয়া সপোন শ্ৰীমতী কুঞ্জলতা টাইদ

সৰিয়হৰ হালধীয়া সপোন  শ্ৰীমতী কুঞ্জলতা টাইদ

 সৰিয়হৰ হালধীয়া সপোন

 শ্ৰীমতী কুঞ্জলতা টাইদ 


সৰিয়হৰ হালধীয়া পথাৰত,

নীৰৱ আবেলিৰ কোমল ৰ’দত,

সেউজীয়া সাজেৰে তুমি যেন-

প্ৰকৃতিৰ বুকুত আঁকা এখন ছবি।

মূৰৰ ওপৰত নীৰৱ বৃক্ষ,

চাৰিওফালে হালধীয়া ফুলৰ হাঁহি,

বতাহে কাণে কাণে ক’লে যেন-

“এই সৌন্দৰ্য থাকক সদায় এনেকৈয়ে।”

তোমাৰ সৰল হাঁহিটিৰ মাজত,

লুকাই আছে এটি শান্ত আবেলি,

পথাৰখন যেন সপোনৰ দেশ-

য’ত মনটোৱে বিচাৰি পায়

এটি নিৰ্মল সুখৰ ঠিকনা।।

Post a Comment

0 Comments