অশ্ৰু ভৰা জীৱন ,অনিতা কাৰ্ডং

অশ্ৰু ভৰা জীৱন -  অনিতা কাৰ্ডং

অশ্ৰু ভৰা জীৱন

-  অনিতা কাৰ্ডং

অশ্ৰু ভৰা জীৱন,

মোহ মায়াৰে ভৰা এই পৃথিৱী,

হাঁহিৰ আঁৰত লুকাই থাকে

কিমান যে ক'ব নোৱাৰা দুখৰ কাহিনী।


জীৱনটো যেন এখন দীঘলীয়া বাট..

কেতিয়াবা ৰ’দ, কেতিয়াবা বৰষুণ,

আগুৱাই যাব খোজোঁ যদিও

ভাগ্যই টানি ধৰে,

 পিছুৱাই যায় প্ৰতিক্ষণ।


মোহে বান্ধে, মায়াই বাধা দিয়ে

সপোনে আকৌ আশা দেখুৱায়,

কিন্তু কিছুমান সপোন

চকু মেলাৰ আগতেই ভাঙি যায়।


কিমান কথা বুকুত লৈ

নিৰৱে পাৰ হয় ৰাতিবোৰ,

কোনেও নুশুনে হৃদয়ৰ কান্দোন,

কেৱল সাক্ষী হৈ থাকে

নিৰ্জন আকাশখন।


মুক্তিৰ পথ বিচাৰি বিচাৰি

ক্লান্ত হয় এই মন,

তথাপিও জীৱনটো যে  ৰৈ যোৱা নাই 

অশ্ৰুৰ মাজেৰেই

বৈ যায় সময়ৰ নদীখন।


 মই জানো,

দুখো জীৱনৰ এটা অধ্যায়,

কিন্তু মনত আশাৰ ৰেঙনি জিলিকাই

এটি নতুন পুৱাৰ সন্ধানত ওলাব পাৰিনে? 

যি মুক্তিৰ প্ৰাপ্তি পায়।




Post a Comment

0 Comments