মিচিং মোৰ পৰিচয়
শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ
আলিমুৰ বালি গাঁও, বেবেজীয়া
শিক্ষা: এম.এ. (অসমীয়া বিভাগ)
মই মিচিং—
লুইতৰ পাৰৰ সেউজীয়া সুৰ,
পথাৰৰ বুকুত গজি উঠা
এটি সৰল জীৱনৰ
মৰমভৰা মিঠা অনুভৱ।
মোৰ শিৰেই শিৰেই বৈ থাকে
পূৰ্বপুৰুষৰ তেজৰ চিন,
মোৰ প্ৰতিটো উশাহত জীয়াই থাকে
মোৰ জাতি, মোৰ মাটি,
মোৰ আপোন ভাষাৰ মিঠা সুৰ।
আলি-আয়ে-লৃগাঙৰ বতৰত
গুমৰাগৰ তালে তালে
উদুলি-মুদুলি হয় মন,
ঢোলৰ গুমগুম শব্দত
বাজি উঠে ঐনিতমৰ গান।
মিচিং সাজ-পোছাকৰ
প্ৰতিটো সূতাত বোৱা থাকে
পূৰ্বপুৰুষৰ সোঁৱৰণীৰ ,
ৰঙে ৰঙে জিলিকি উঠে
আমাৰ সংস্কৃতিৰ পৰিচয়।
সোৱণশিৰীৰ ঢৌৱে
যেতিয়া গাঁৱৰ কথা কয়,
সেউজীয়া ধাননিয়ে
যেতিয়া মাটিৰ গোন্ধ বিলায়,
তেতিয়া বুকুত গুঞ্জৰি উঠে
এটি আপোন সুৰ।
মই মিচিং—
এই মোৰ গৌৰৱ,
এই মোৰ শিপা,
এই মোৰ পৰিচয়।
সময় সলনি হ’ব,
নতুন পৃথিৱী আহিব,
তথাপি মোৰ শিপা নেহেৰাব,
মোৰ ভাষাৰ সুৰ নীৰৱ নহ’ব।
য’তেই থাকোঁ,
যিমান দূৰেই যাওঁ,
সযতনে সাবটি ৰাখিম
মোৰ ভাষা, মোৰ সংস্কৃতি,
মোৰ মানুহৰ অকৃত্ৰিম মৰম।
পৰিচয় কেৱল এটা নাম নহয়
পৰিচয় মানে শিপা,
পৰিচয় মানে ইতিহাস,
পৰিচয় মানে সংস্কৃতি।
যুগ সলনি হ’লেও
মোৰ বুকুত জ্বলি থাকিব
শিপাৰ চিৰন্তন পোহৰ।
মই মিচিং
মিচিং মোৰ পৰিচয়।

0 Comments