মিছাৰ ভিৰত সত্য
✍️শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ।
আলিমুৰ বালি গাওঁ, বেবেজীয়া
শিক্ষা:-এম এ (অসমীয়া বিভাগ)
আজি কালি মানুহক অলপ ভয় লাগে,
মুখৰ হাঁহিৰ আঁৰত
কিমান যে অচিনাকি মুখ লুকাই থাকে।
সন্মুখত মৰমৰ কথা কোৱা মানুহেই
পিছফালে গৈ
কথাবোৰ কিয়নো সলাই পেলায়?
ভয় লাগে সেই মানুহবোৰক,
যিসকলে সঁচা কথাটো নুশুনাকৈ
নিজৰ মতে গল্প সাজি লয়,
এবাৰো নোসোধে—
“সঁচাকৈ কথাটো কি আছিল?”
“তুমি কিয় এনেকুৱা কৰিলে?”
কাৰোবাৰ বিষয়ে কোৱাৰ আগতে
এবাৰ মানুহজনক সুধি লোৱা,
হয়তো তোমাৰ শুনা কথাটো
সম্পূৰ্ণ সত্য ন'হব পাৰে।
এটা কথাৰ এফাল শুনি
এজন মানুহক বিচাৰ কৰাটো
কিমান সহজ,
কিন্তু সেই ভুল কথাটোৰ বোজা
কিমান গধুৰ—
সেয়া কেৱল ভুক্তভোগীয়েহে জানে।
মই বেয়া পাওঁ
সেই মিছা ব্যাখ্যাবোৰ,
য’ত সত্যটো জনাৰ আগতেই
ৰায় দি দিয়া হয়।
কাৰণ শব্দবোৰ কেতিয়াবা
কেৱল শব্দ হৈ নাথাকে,
কাৰোবাৰ মনত
গভীৰ দাগ এৰি যায়।
মই ডাঙৰ একো নিবিচাৰোঁ,
মাথোঁ এটা কথা বিচাৰোঁ—
যদি ক’বলগীয়া থাকে,
আগতে সত্যটো জানি লোৱা।
যদি সন্দেহ থাকে,
মানুহজনক সুধি লোৱা।
আৰু যদি নাজানা,
তেন্তে নোকোৱাই ভাল।
কাৰণ মানুহৰ জীৱনৰ
সকলো কাহিনী বাহিৰৰ পৰা দেখা নাযায়,
কিছুমান সত্য
মাত্ৰ সেই মানুহজনৰ বুকুত থাকে।
আৰু কেতিয়াবা
এটি ভুল বুজাবুজিয়েই
এটা সঁচা সম্পৰ্কক
চিৰদিনৰ বাবে দূৰ কৰি দিয়ে।
সেয়ে এতিয়া
মই মানুহক নহয়,
মানুহৰ কথাক ভয় কৰোঁ—
মুখৰ আগত মিঠা,
পিছফালে বিষাক্ত হোৱা সেই কথাবোৰক।
সঁচা জানিব খোজা যদি
আনৰ পৰা নহয়,
আগতে মানুহজনক সুধি লোৱা
কাৰণ সত্য শুনিবলৈ
সাহস লাগে,
কিন্তু মিছা কথা ক’বলৈ
মাত্ৰ শব্দই যথেষ্ট।

0 Comments