থাকি যোৱা ছোৱালীজনী - নীহাৰিকা আৰু আৰোহী
নীহাৰিকা নামৰ এজনী ছোৱালী আছিল। তাই মুখেৰে নিজৰ কষ্ট ক'ব নোৱাৰিছিল।
তাইৰ কষ্টবোৰ সৰ সৰকৈ মুখেৰে নোলাইছিল।
সেইবাবে তাইৰ কষ্টবোৰ কবিতা হৈছিল, গল্প হৈছিল, প্ৰবন্ধ হৈছিল। যিবোৰ গোটেই জীৱন থাকি যায়।
তাইৰ লগত আৰোহী আছিল। তাইৰ আটাইতকৈ মৰমৰ।
এদিন আৰোহী খঙ কৰি আঁতৰি গ'ল। তাই ক'লে - "আঁতৰি যা।"
নীহাৰিকা আঁতৰি নগ'ল, কিন্তু মনে মনে ভাঙি পৰিল। তাই ৰাতি বহীত লিখিলে - "তাই আঁতৰি গ'ল, মই ৰৈ গ'লো।"
বহু দিন পিছত আৰোহী ঘূৰি আহিল।
তাই আহি নীহাৰিকাৰ বহীখন খুলিলে। তাত তাইৰ নাম, তাইৰ পছন্দ, তাইৰ মৰম - সকলো লিখা আছে।
আৰোহীয়ে বুজিলে - নীহাৰিকাই তাইক কেতিয়াও পাহৰা নাছিল। তাই strong হোৱাৰ অভিনয় কৰি আছিল মাথো।
আৰোহীয়ে ক'লে - "নীহাৰিকা, তই strong নহয়, তই মোৰ দৰে। মুখেৰে ক'ব নোৱাৰা ছোৱালী।" নীহাৰিকাই হাঁহিলে। তাইৰ চকুত চকুলো আছিল।
আৰু সেই চকুলোৰ পৰা আকৌ এটা নতুন কবিতা জন্ম হ'ল।
নিজৰা কলিতা
দৰং

0 Comments