ল’ৰালিৰ স্মৃতিয়ে নিসংগতাৰ জীৱনত হাঁহিৰ খোৰাক আনে ৷অমিলতা টায়ে মিলি ৷


অমিলতা টায়ে মিলি 


ল’ৰালিৰ স্মৃতিয়ে  নিসংগতাৰ জীৱনত হাঁহিৰ খোৰাক আনে 

অমিলতা টায়ে মিলি 

জয়ন্ত হাজৰিকাদেৱৰ গীতৰ দৰে ------

সময় গতিশীল 

নতুন সিয়ো হয় যে

অতীত পুৰণি

সময়ৰ নিৰলস গতি ধাৱমান  ৷সময়ৰ  আহৱানক  সৃষ্টিৰ সকলোৱে মানি লয় ৷দিনৰাতি ; সপ্তাহ মাহ ; বছৰ ঋৃতুৰ যুগ আদি পাৰ হৈ গৈয়েই আছে ৷ সকলো মাহৰে একো একোটা বৈশিষ্ট্য থাকে ৷নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ এক অনুপম অনুভৱৰ মিঠা স্মৃতি জড়িত হৈ থাকে  ৷ কোনোবাই সোঁৱৰণ কৰিব প্ৰতিটো ঋৃতুৰ মনোমোহা পৰিবেশক লৈ আৰু কোনোবা মাহক লৈ ৷মানুহৰ বাবে প্ৰতিটো ক্ষণেই স্মৃতিৰ  সোঁৱৰণি সফুঁৰা ৷ তথাপিও মানুহে বেছিকৈ  আঘোণৰ সোণোৱালী কথাৰ ফুলজাৰি ছটিয়াই দিবলৈ বেছি ভাল পায় ৷শৈশৱত আঘোণৰ বাকৰিতে উছাহত লৰাৰ পৰা বুঢ়ালৈকে আমেজ ভৰা সময় কটায় ৷চাৰিও দিশে উভৈনদী হয় খোৱা বোৱাৰ পৰা আদিলৈকে ৷ উদৰ পুৰাই তৃপ্তিৰ হাঁহি মাৰে ৷

আঘোণ এক মাদকতা পূৰ্ণ মিঠা নাম ৷সেউজীয়াৰ পৰা সোণোৱালী হোৱালৈ এক দীঘলীয়া বাট  ;  য’ত চহাৰ  অধীৰ অপেক্ষাক অন্ত পেলায় ৷আঘোণ মানেই শৈশৱৰ সোণসেৰীয়া স্মৃতিৰ সঁফুৰা ; ল’ৰালিৰ দুষ্টামি ; ধেমালিৰ বাকৰি ৷ক’ত অলিখিত কথা অনুভৱ বোৰ স্মৃতিৰ মানসপটত জলজলপটপট অগাদেৱা কৰি ৰয় ৷  পূৱদিশত বেলিটো ৰঙচুৱাকৈ দেখাৰ লগেলগে  মা খুৰী নবৌহঁতৰ খদমদম ৷চোতাল সৰাই চোতাল সাৰে ; গঁড়াল হাঁহ কুকুৰা মেলি দিয়া ; গোহালিৰ গোবৰ চাফা কৰা  ঢেঁকীৰ ঘনাই চাব্‌ ;  সকলো কাম আজৰি কৰি পথাৰলৈ খৰখোজ ৷গাঁৱৰ অন্য তিৰোতাই ধাননি পোৱাৰ আগতে নিজে আগতীয়াকৈ হাজিৰ হোৱা এক গাৱঁৰ প্ৰতিযোগিতা মুলক  বিজয়ৰ গাঁথা ৷ ল’ৰালিৰ অন্যতম  স্মৃতি হ"ল  সন্ধিয়াৰ  ধূলিয়ৰি বাটত ঘৰমুৱা গৰখীয়া আৰু গৰুজাকৰ খোজ আৰু পাহোৱালডেকাৰ ছথৰীয়া ডাঙৰীৰ ভিৰিয়াপাটৰ  হালিজালিত ধানৰ ঠোকবোৰৰ জিৰি্‌ক জিৰি্‌ক শব্দৰ ঝংকাৰ ৷এক অনন্য পৰিবেশৰ সৃষ্টি কৰে ৷লহিয়াবলৈ ধৰা বেলিৰ হেঙুলীয়া ৰহণে এক মায়াময়  ছৱি অকংণ কৰে ৷  পুৱাৰ সূৰুযৰ পোহৰত  ধানৰ আগটোত দুলি থকা নিয়ৰে  এক অনন্য সৌন্দৰ্য সৃষ্টি কৰে ৷সন্ধিয়া নীলা আকাশৰ তলেদি শ’ৰালিজাকে ধেনুভিৰীয়াহৈ উৰি যোৱা দৃশ্য সেই দৃশ্যবোৰে চহাৰ জীৱনৰ আয়ুসৰেখা দীঘলীয়া কৰে যেন অনুমেয় ৷নীলা আকাশৰ তলত কোনো হিংসাহিংসি ভাৱনা চিন্তা নকৰাকৈ জীৱন উপভোগ কৰা আজি দুৰূহ হৈ পৰিছে ৷  লেচাৰি বুটলা  ; নৰাৰ পেঁপা বজোৱা  চকলা টেঙা খোৱা ; দুপৰীয়া আকাশৰ তলত দিনতে হাজাৰ জোনাকী পৰুৱাৰ বিচৰণ কৰা দেখা ;  সন্ধিয়া ধানৰ কেঁচা পাতে  কাটা ঠাইত  ভৰি ধোঁওতে পানী লাগি চেক্‌চেকাই   পোৰণি বোৰ  এক সতেজ অনুভৱ ৷যাক সহজতে পাহৰিব নোৱাৰি ৷ জীৱনৰ ভাটি বয়সৰ হাঁহিৰ খোৰাক ৰৈ দেখা দিয়েহি ৷ দেহা নটনা সময়ত  ল’ৰালিৰ স্মৃতি ৰোমন্থন কৰি চকুৰ ছশমাজোৰ সঘনাই মোহাৰি থকা সেইবোৰ আজি নিত্যনৈমিত্তিক ঘটনা হৈ পৰলক্ষিত হৈছে ৷আপোনজন  কৰ্মসুত্ৰে বা বাৰ্ধক্য জনিত মৃত্যুৱে হওক দূৰৈত বা অকলশৰীয়া কৰি এৰি থৈ যোৱাত বহুতে উদাসীন হৈ  জীৱন অতিবাহিত কৰিছে  ৷ তেওঁলোকৰ বাবে স্মৃতিবোৰেই সংগ দিয়ে আৰু  অজানিতে  ওঁঠৰ ফাঁকেদি  কাঁচিজোনৰ উদয় হয় ৷

Post a Comment

0 Comments