.jpg)
অমিলতা টায়ে মিলি
ল’ৰালিৰ স্মৃতিয়ে নিসংগতাৰ জীৱনত হাঁহিৰ খোৰাক আনে
.jpg)
অমিলতা টায়ে মিলি
অমিলতা টায়ে মিলি
সময় গতিশীল
নতুন সিয়ো হয় যে
অতীত পুৰণি
সময়ৰ নিৰলস গতি ধাৱমান ৷সময়ৰ আহৱানক সৃষ্টিৰ সকলোৱে মানি লয় ৷দিনৰাতি ; সপ্তাহ মাহ ; বছৰ ঋৃতুৰ যুগ আদি পাৰ হৈ গৈয়েই আছে ৷ সকলো মাহৰে একো একোটা বৈশিষ্ট্য থাকে ৷নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ এক অনুপম অনুভৱৰ মিঠা স্মৃতি জড়িত হৈ থাকে ৷ কোনোবাই সোঁৱৰণ কৰিব প্ৰতিটো ঋৃতুৰ মনোমোহা পৰিবেশক লৈ আৰু কোনোবা মাহক লৈ ৷মানুহৰ বাবে প্ৰতিটো ক্ষণেই স্মৃতিৰ সোঁৱৰণি সফুঁৰা ৷ তথাপিও মানুহে বেছিকৈ আঘোণৰ সোণোৱালী কথাৰ ফুলজাৰি ছটিয়াই দিবলৈ বেছি ভাল পায় ৷শৈশৱত আঘোণৰ বাকৰিতে উছাহত লৰাৰ পৰা বুঢ়ালৈকে আমেজ ভৰা সময় কটায় ৷চাৰিও দিশে উভৈনদী হয় খোৱা বোৱাৰ পৰা আদিলৈকে ৷ উদৰ পুৰাই তৃপ্তিৰ হাঁহি মাৰে ৷
আঘোণ এক মাদকতা পূৰ্ণ মিঠা নাম ৷সেউজীয়াৰ পৰা সোণোৱালী হোৱালৈ এক দীঘলীয়া বাট ; য’ত চহাৰ অধীৰ অপেক্ষাক অন্ত পেলায় ৷আঘোণ মানেই শৈশৱৰ সোণসেৰীয়া স্মৃতিৰ সঁফুৰা ; ল’ৰালিৰ দুষ্টামি ; ধেমালিৰ বাকৰি ৷ক’ত অলিখিত কথা অনুভৱ বোৰ স্মৃতিৰ মানসপটত জলজলপটপট অগাদেৱা কৰি ৰয় ৷ পূৱদিশত বেলিটো ৰঙচুৱাকৈ দেখাৰ লগেলগে মা খুৰী নবৌহঁতৰ খদমদম ৷চোতাল সৰাই চোতাল সাৰে ; গঁড়াল হাঁহ কুকুৰা মেলি দিয়া ; গোহালিৰ গোবৰ চাফা কৰা ঢেঁকীৰ ঘনাই চাব্ ; সকলো কাম আজৰি কৰি পথাৰলৈ খৰখোজ ৷গাঁৱৰ অন্য তিৰোতাই ধাননি পোৱাৰ আগতে নিজে আগতীয়াকৈ হাজিৰ হোৱা এক গাৱঁৰ প্ৰতিযোগিতা মুলক বিজয়ৰ গাঁথা ৷ ল’ৰালিৰ অন্যতম স্মৃতি হ"ল সন্ধিয়াৰ ধূলিয়ৰি বাটত ঘৰমুৱা গৰখীয়া আৰু গৰুজাকৰ খোজ আৰু পাহোৱালডেকাৰ ছথৰীয়া ডাঙৰীৰ ভিৰিয়াপাটৰ হালিজালিত ধানৰ ঠোকবোৰৰ জিৰি্ক জিৰি্ক শব্দৰ ঝংকাৰ ৷এক অনন্য পৰিবেশৰ সৃষ্টি কৰে ৷লহিয়াবলৈ ধৰা বেলিৰ হেঙুলীয়া ৰহণে এক মায়াময় ছৱি অকংণ কৰে ৷ পুৱাৰ সূৰুযৰ পোহৰত ধানৰ আগটোত দুলি থকা নিয়ৰে এক অনন্য সৌন্দৰ্য সৃষ্টি কৰে ৷সন্ধিয়া নীলা আকাশৰ তলেদি শ’ৰালিজাকে ধেনুভিৰীয়াহৈ উৰি যোৱা দৃশ্য সেই দৃশ্যবোৰে চহাৰ জীৱনৰ আয়ুসৰেখা দীঘলীয়া কৰে যেন অনুমেয় ৷নীলা আকাশৰ তলত কোনো হিংসাহিংসি ভাৱনা চিন্তা নকৰাকৈ জীৱন উপভোগ কৰা আজি দুৰূহ হৈ পৰিছে ৷ লেচাৰি বুটলা ; নৰাৰ পেঁপা বজোৱা চকলা টেঙা খোৱা ; দুপৰীয়া আকাশৰ তলত দিনতে হাজাৰ জোনাকী পৰুৱাৰ বিচৰণ কৰা দেখা ; সন্ধিয়া ধানৰ কেঁচা পাতে কাটা ঠাইত ভৰি ধোঁওতে পানী লাগি চেক্চেকাই পোৰণি বোৰ এক সতেজ অনুভৱ ৷যাক সহজতে পাহৰিব নোৱাৰি ৷ জীৱনৰ ভাটি বয়সৰ হাঁহিৰ খোৰাক ৰৈ দেখা দিয়েহি ৷ দেহা নটনা সময়ত ল’ৰালিৰ স্মৃতি ৰোমন্থন কৰি চকুৰ ছশমাজোৰ সঘনাই মোহাৰি থকা সেইবোৰ আজি নিত্যনৈমিত্তিক ঘটনা হৈ পৰলক্ষিত হৈছে ৷আপোনজন কৰ্মসুত্ৰে বা বাৰ্ধক্য জনিত মৃত্যুৱে হওক দূৰৈত বা অকলশৰীয়া কৰি এৰি থৈ যোৱাত বহুতে উদাসীন হৈ জীৱন অতিবাহিত কৰিছে ৷ তেওঁলোকৰ বাবে স্মৃতিবোৰেই সংগ দিয়ে আৰু অজানিতে ওঁঠৰ ফাঁকেদি কাঁচিজোনৰ উদয় হয় ৷
0 Comments