ভালপোৱা ,নিজৰা কলিতা

 " ভালপোৱা " 

" ভালপোৱা "    বহুদিন হ'ল তোমাক নেদেখা  বহুদিন হ'ল তোমাক লগ নোপোৱা।। মইও জানো , মোক এদিন নেদেখিলে ,  তোমাৰো হয়তো উকা উকা লাগে।।  চকুৰ ভাষাৰে আৰম্ভণি হ'ল  আমাৰ সম্পৰ্ক।। নীৰৱতাৰে আৰম্ভণি হ'ল  ইজনে- সিজনক বুজি পোৱা।।  নাজানো কেনেকৈ হ'লা ইমান আপোন  মৰমেৰে আৱৰি ৰাখিলা মোক।। সপোনতো ভবা নাছিলোঁ , তোমাক লগ পাম বুলি , ভগৱানে মোক দিয়া সচাঁ উপহাৰ হ'লা  একমাত্ৰ তুমি।।  এৰি নিদিওঁ তোমাৰ হাত  তোমাৰ হৃদয়ত ৰাখিবা  জীয়াই মোক।। নিবিচাৰোঁ তোমাৰ পৰা একো নালাগে মোক আন কাকো।। তুমিয়েই সাৰথি ,  তুমিয়েই সংগী।। পাহৰিব‌ নোৱাৰোঁ কেতিয়াও তোমাক মোৰ হৃদয়ৰ পৃষ্ঠাত ৰাখিম জীয়াই তোমাক।।  ✍️নিজৰা কলিতা



বহুদিন হ'ল তোমাক নেদেখা 

বহুদিন হ'ল তোমাক লগ নোপোৱা।।

মইও জানো , মোক এদিন নেদেখিলে , 

তোমাৰো হয়তো উকা উকা লাগে।।


চকুৰ ভাষাৰে আৰম্ভণি হ'ল 

আমাৰ সম্পৰ্ক।।

নীৰৱতাৰে আৰম্ভণি হ'ল 

ইজনে- সিজনক বুজি পোৱা।।


নাজানো কেনেকৈ হ'লা ইমান আপোন 

মৰমেৰে আৱৰি ৰাখিলা মোক।।

সপোনতো ভবা নাছিলোঁ ,

তোমাক লগ পাম বুলি ,

ভগৱানে মোক দিয়া সচাঁ উপহাৰ হ'লা 

একমাত্ৰ তুমি।।


এৰি নিদিওঁ তোমাৰ হাত 

তোমাৰ হৃদয়ত ৰাখিবা 

জীয়াই মোক।।

নিবিচাৰোঁ তোমাৰ পৰা একো

নালাগে মোক আন কাকো।।

তুমিয়েই সাৰথি , 

তুমিয়েই সংগী।।

পাহৰিব‌ নোৱাৰোঁ কেতিয়াও তোমাক

মোৰ হৃদয়ৰ পৃষ্ঠাত ৰাখিম জীয়াই তোমাক।।


✍️নিজৰা কলিতা

Post a Comment

0 Comments