মই আকাশ হৈ থাকিম
শ্ৰীমতী কুঞ্জলতা টাইদ
মোৰ বিষয়ে বেয়াকৈ কয় বহুতে,
বতাহৰ দৰে উৰি ফুৰে কথা।
কাৰোবাৰ হাঁহিৰ আঁৰত লুকাই থাকে
অসত্যৰ ক'লা ব্যথা।
মই কিন্তু থমকি নাথাকোঁ,
সপোনবোৰ জীয়াই ৰাখোঁ মনে।
কাৰণ সঁচা মানুহৰ পথ
এদিন জিলিকিব নিজ গুণে।
যিয়ে আঙুলিয়াই দেখুৱাই মোক,
তেওঁৰো আছে নিজৰ দুখ।
মানুহে বুজে নে বুজে,
সময়েই দিয়ে সকলো সুখ।
বেয়া কথাৰে আঘাত দিলেও
মই নকৰোঁ কাকো ঘৃণা।
ফুল যেন সুবাস বিলাওঁ,
এইটোৱেই মোৰ চিনা।
এদিন সিহঁতে বুজিব নিশ্চয়,
মই কিমান সৰল আছিলোঁ।
অন্ধকাৰৰ মাজতো হাঁহি লৈ
নিজৰ পথত আগবাঢ়িছিলোঁ।
মই আকাশ হৈ থাকিম সদায়,
মেঘে ঢাকিলেও নোহোৱা।
মানুহৰ কথাত নহয়,
নিজৰ মতে জীয়াই থাকিম।

0 Comments