মই হেৰাই যোৱা নাই,শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ

 

মই হেৰাই যোৱা নাই

শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ

আলিমুৰ বালি গাওঁ,বেবেজীয়া।


মোক হেৰাই যোৱা বুলি নাভাবিবা,

মই মাথোঁ অলপ আঁতৰি আহিছোঁ

নিজক বিচাৰিবলৈ,

নিজৰ ভিতৰত লুকাই থকা

এজনী নতুন ছোৱালীক চিনি পাবলৈ।


এসময়ত

আনৰ কথাতেই মোৰ আকাশৰ সীমা আছিল,

আনৰ হাঁহিত,মোৰ হাঁহি,

আনৰ অভিমতত

মোৰ নিজৰ মূল্য বিচাৰিছিলোঁ।


তাৰ পিছত এদিন

জীৱনে মোক এখন দাপোণ দেখুৱালে—

তাত কোনো পৰিচিত মুখ নাছিল,

আছিল কেৱল

এজনী ক্লান্ত ছোৱালী

যিয়ে বহুদিন নিজৰ বাবে

এষাৰ কথাও কোৱা নাছিল।


সেইদিনাই সিদ্ধান্ত ল’লোঁ—

এতিয়াৰে পৰা

মোৰ নীৰৱতাও মোৰ হ’ব,

মোৰ সিদ্ধান্তও মোৰ হ’ব,

ভুল হ’লেও

সেই ভুলৰ দায়িত্বও মোৰেই হ’ব।


মই বুজিলোঁ—

সকলোৰে মন জয় কৰিব পাৰি নোৱাৰি,

সকলোৰে প্ৰিয় হৈ থাকিবও নোৱাৰি;

কিন্তু নিজৰ বিবেকৰ ওচৰত

সঁচা হৈ থকাটো

সকলোতকৈ ডাঙৰ জয়।


সেয়ে এতিয়া

কোনোবাই মোক বুজিলেনে নাই

তাৰ হিচাপ নকৰোঁ।

মোৰ খোজ লেহেমীয়া হ’লেও

মোৰ দিশটো এতিয়া মোৰ নিজৰ।


যিসকলে কৈছিল

“তুমি নোৱাৰিবা,”

তেওঁলোকৰ কথাবোৰ

মই বুকুত শিল কৰি নাৰাখিলোঁ।

সেই শিলবোৰেই

মই মোৰ সপোনৰ

ভেটিটো গঢ়ি ল’লোঁ।


আজি মই জানোঁ

ভাঙি যোৱাটো দুৰ্বলতা নহয়,

ভাঙি যোৱাৰ পিছতো

নিজকে আকৌ গঢ়ি তোলাটোহে

প্ৰকৃত সাহস।


সেয়ে মোক হেৰাই যোৱা বুলি নাভাবিবা,

মই কোনো বাটত হেৰাই নাই।

মই মাথোঁ

আনৰ দেখুওৱা বাট এৰি

নিজৰ আকাশৰ তলত

নিজৰ বাটটো বিচাৰি পাইছোঁ।


আৰু যদি কেতিয়াবা

মোক আকৌ দেখা পোৱা,

চিনি পাবলৈ চেষ্টা নকৰিবা আগৰ দৰে।

কাৰণ মই এতিয়া

সেইজনী ছোৱালী নহয়

যিয়ে আনৰ পোহৰত জিলিকিব বিচাৰিছিল।


মই এতিয়া নিজেই

এটা সৰু পোহৰ,

যিয়ে আন্ধাৰতো

নিজৰ বাট চিনিব জানে।

Post a Comment

0 Comments