অসমত ২০০টা Veternary Field Assistant পদত নিযুক্তি ২০২৬ যোগ্যতা, বয়স আৰু আবেদন প্ৰক্ৰিয়া

8134049473

অসমত ২০০টা Veterinary Field Assistant (VFA) পদত নিযুক্তি ২০২৬: যোগ্যতা, বয়স আৰু আবেদন প্ৰক্ৰিয়া

অসমৰ গ্ৰাম্য তথা কৃষিভিত্তিক সমাজত পশু পালন খণ্ডৰ গুৰুত্ব অসীম। চৰকাৰে এই খণ্ডটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ সুযোগ কঢ়ি আনিছে। অসম চৰকাৰৰ Animal Husbandry & Veterinary Department-ৰ অধীনত Directorate of Animal Husbandry and Veterinary, Assam-এ Veterinary Field Assistant (VFA) আৰু ইয়াৰ সহযোগী (allied) পদসমূহৰ বাবে মুঠ ২০০টা খালী পদত নিযুক্তিৰ বাবে অনলাইন আবেদন বিচাৰিছে।
যদি আপুনি বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছে আৰু এটা স্থায়ী চৰকাৰী চাকৰিৰ সন্ধানত আছে, তেন্তে এই খবৰটো আপোনাৰ বাবেই। আহক, এই নিযুক্তিৰ বিষয়ে প্ৰয়োজনীয় প্ৰতিটো কথা একেবাৰে সহজ ভাষা জানি লওঁ।

এক নজৰত VFA নিযুক্তি ২০২৬

  • নিযুক্তি বিভাগ: Animal Husbandry & Veterinary Department, Assam

  • পদৰ নাম: Veterinary Field Assistant (VFA) আৰু Allied Posts

  • মুঠ পদ: ২০০টা

  • আবেদন পদ্ধতি: কেৱল অনলাইন (Online)

  • আবেদন আৰম্ভ: ৩ ছেপ্টেম্বৰ ২০২৬

  • আবেদনৰ অন্তিম তাৰিখ: ২৩ ছেপ্টেম্বৰ ২০২৬

  • আবেদন মাছুল: কোনো মাছুল নাই (Free)

  • দৰমহাৰ স্কেল: ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা (Pay Band-2) আৰু গ্ৰেড পে ৬,২০০ টকা। ইয়াৰ লগতে নিয়মীয়া আন ভাট্টাসমূহো প্ৰযোজ্য হ’ব।

পদৰ বিভাজন আৰু সংৰক্ষণ

মুঠ ২০০টা পদৰ ভিতৰত বিভিন্ন সংৰক্ষিত শ্ৰেণীৰ বাবে নিয়ম অনুসৰি আসন সংৰক্ষিত আছে। বিশেষকৈ PwBD প্ৰাৰ্থীসকলৰ বাবে মুঠ ৮টা পদ সংৰক্ষিত ৰখা হৈছে, য’ত Deaf & HI, Locomotor Disability, Blindness & LV আৰু Autism আদি শ্ৰেণী অন্তৰ্ভুক্ত আছে।

আবেদন কৰিবলৈ কি কি অৰ্হতা লাগিব?

১. শিক্ষাগত অৰ্হতা:
এই পদৰ বাবে আবেদন কৰিবলৈ হ’লে প্ৰাৰ্থীয়ে কোনো ব’ৰ্ড বা পৰিষদৰ পৰা বিজ্ঞান শাখাত (Science Stream) পূৰ্ণকালীন HSSLC বা Class 12 পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। মন কৰিবগীয়া কথাটো হ’ল— আপোনাৰ উচ্চতৰ মাধ্যমিকৰ বিষয়সূচীত জীৱবিজ্ঞান (Biology) বাধ্যতামূলকভাৱে থাকিব লাগিব।

২. বয়সৰ সীমা:

  • প্ৰাৰ্থীৰ বয়স ০১ জানুৱাৰী ২০২৬ তাৰিখে কমেও ১৮ বছৰ আৰু সৰ্বাধিক ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

  • চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে বয়সৰ ৰেহাই পাব:

    • SC/ST প্ৰাৰ্থীয়ে ৫ বছৰ

    • OBC/MOBC প্ৰাৰ্থীয়ে ৩ বছৰ

    • PwBD প্ৰাৰ্থীয়ে ১০ বছৰ

    • Ex-Serviceman সকলে ২ বছৰ

৩. স্থায়ী বাসিন্দা:
আবেদনকাৰী ভাৰতীয় নাগগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু ইয়াৰ প্ৰমাণ স্বৰূপে Permanent Resident Certificate (PRC) আপলোড কৰিব লাগিব।

লিখিত পৰীক্ষাৰ ধৰণ (Exam Pattern)

নিৰ্বাচন প্ৰক্ৰিয় অংশটো হ’ল OMR-ভিত্তিক লিখিত পৰীক্ষা। পৰীক্ষাখনত মুঠ ১০০টা বহুবিকল্পী প্ৰশ্ন (MCQ) থাকিব আৰু মুঠ নম্বৰো ১০০ হ’ব। প্ৰশ্নকাকত সমাধান কৰিবলৈ ১২০ মিনিট (২ ঘণ্টা) সময় পোৱা যাব।

বিষয়ভিত্তিক নম্বৰৰ বিভাজন তলত দিয়া ধৰণৰ:

  • Biology: ৪০ নম্বৰ

  • Chemistry: ২০ নম্বৰ

  • Physics: ২০ নম্বৰ

  • General Awareness: ২০ নম্বৰ

  • মুঠ: ১০০ নম্বৰ

প্ৰশ্নবোৰ সাধাৰণতে উচ্চতৰ মাধ্যমিক (Science) পৰ্যায়ৰেই হ’ব। যিহেতু Biology-ত অকলে ৪০ নম্বৰ আছে, সেয়ে এই বিষয়টোত বিশেষ গুৰুত্ব দিলে সফলতা পোৱাৰ সম্ভাৱনা বেছি থাকে।

নিৰ্বাচিত হোৱাৰ পিছত ১ বছৰৰ বাধ্যতামূলক প্ৰশিক্ষণ

এই নিযুক্তিৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সুকীয়া দিশ হ’ল— নিৰ্বাচিত প্ৰাৰ্থীসকলে পোনচাটেই নিযুক্তি নাপায়। প্ৰথমে তেওঁলোকে Elementary Knowledge of Animal Husbandry & Veterinary Science বিষয়ত ১ বছৰীয়া প্ৰশিক্ষণ ল’ব লাগিব।

এই প্ৰশিক্ষণ অসমৰ শিলচৰৰ ঘূঙুৰস্থিত School of Veterinary Science and Animal Husbandry-ত বা ইয়াৰ কেম্পাছত অনুষ্ঠিত হ’ব। প্ৰশিক্ষণৰ অন্তত হোৱা পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰাৰ্থীয়ে সৰ্বমুঠ ৩টা সুযোগ পাব। এই প্ৰশিক্ষণ সফলভাৱে শেষ কৰাৰ পিছতহে তেওঁলোকে চৰকাৰীভাৱে চূড়ান্ত নিযুক্তি আৰু দৰমহা লাভ কৰিব।

আবেদন কৰোঁতে কি কি নথিপত্ৰ লাগিব?

অনলাইন আবেদন কৰাৰ সময়ত তলত উল্লেখ কৰা নথিপ্ৰতসমূহ স্কেন কৰি আপলোড কৰিব লাগিব (নথিৰ আকাৰ ৪ MB-তকৈ সৰু হ’ব লাগে):

  • বয়সৰ প্ৰমাণ পত্ৰ (HSLC Admit বা Certificate)

  • দশম আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীট আৰু প্ৰমাণ-পত্ৰ

  • স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ (PRC)

  • জাতিগত প্ৰমাণ-পত্ৰ (যিসকলৰ প্ৰযোজ্য)

  • PwBD চাৰ্টিফিকেট (যিসকলৰ প্ৰযোজ্য)

  • Small Family Norms-ৰ Prescribed Form-A

  • Employment Exchange-ৰ আপডেট কৰা কাৰ্ড

  • পাছপ’ৰ্ট আকাৰৰ ফটো (বগা বেকগ্ৰাউণ্ড, File Size: 200–500 KB)

  • চহী (বগা কাগজত ক’লা বা ডাঠ নীলা চিয়াফীৰে, File Size: 30–100 KB)

কেনেকৈ আবেদন কৰিব?

আবেদন প্ৰক্ৰিয়া কেৱল অনলাইন জৰিয়তেহে চলিব। কোনো অফলাইন বা কাগজৰ ফৰ্ম গ্ৰহণ কৰা নহ’ব।
১. প্ৰথমে বিভাগীয় অফিচিয়েল ৱেবছাইট animalhusbandry.assam.gov.in লৈ যাওক।
২. নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত (৩ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰ ২০২৬) ফৰ্মখন সাৱধানে পূৰণ কৰক।
৩. ফৰ্মটো একেবাৰে পেকেট বা ছাবমিট কৰাৰ আগতে নাম, বানান, ম’বাইল নম্বৰ আদি সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল’ব, কিয়নো ছাবমিট কৰাৰ পিছত ইয়াত কোনো ধৰণৰ সংশোধন (Correction) কৰাৰ সুযোগ নাথাকিব।
৪. সফলভাৱে আবেদন সম্পন্ন হোৱাৰ পিছত অহা Acknowledgement Slip বা Application Form খন প্ৰিন্ট কৰি লগত সুৰক্ষিতভাৱে ৰাখি থ’ব।

সামৰণি

আমাৰ ৰাজ্যৰ যিসকল যুৱক-যুৱতীয়ে বিজ্ঞান শাখাত পঢ়ি পশু চিকিৎসা বিজ্ঞানৰ দিশত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকৰ বাবে এই ২০০টা পদ এক সোণালী সুযোগ। কোনো ধৰণৰ আবেদন মাছুল নথকাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে শেষ তাৰিখলৈ অপেক্ষা নকৰি সময় থাকোতেই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ল’ব বুলি আমি আশা কৰিলোঁ। পৰীক্ষাৰ দিন আৰু এডমিট কাৰ্ডৰ আপডেটসমূহ অফিচিয়েল ৱেবছাইটতে প্ৰকাশ পাব, সেয়ে নিয়মীয়াকৈ তাতেই নজৰ ৰাখিব।


Post a Comment

0 Comments