এতিয়াও শেষ হোৱা নাই শ্ৰীমতী কুঞ্জলতা টাইদ

 

এতিয়াও শেষ হোৱা নাই  শ্ৰীমতী কুঞ্জলতা টাইদ

এতিয়াও শেষ হোৱা নাই

শ্ৰীমতী কুঞ্জলতা টাইদ 


কিমানবাৰ যে আৰম্ভ কৰিলোঁ,

সপোনৰ পাতত নতুনকৈ নাম লিখিলোঁ,

নিজৰ হাতত নিজৰ ভৱিষ্যৎ গঢ়িম বুলি

নীৰৱে কিমান ৰাতি পাৰ কৰিলোঁ।

কেতিয়াবা পথ হেৰালোঁ,

কেতিয়াবা ভাগ্যই দুৱাৰ বন্ধ কৰিলে,

কেতিয়াবা নিজৰ ওপৰতেই

বিশ্বাসটো অলপ অলপকৈ কমি গ’ল।

তথাপি—

হাত দুখন আজিও খালী নহয়,

তাত আছে চেষ্টা কৰাৰ সাহস,

চকু দুটাত আজিও জ্বলি আছে

এটা সৰু পোহৰৰ আভাস।

সফল নহ’লোঁ বুলি

মই ব্যৰ্থ মানুহ নহওঁ,

পৰি গ’লোঁ বুলি

মোৰ যাত্ৰা শেষ নহয়।

হয়তো মোৰ সময়টো

আন কাৰোবাতকৈ অলপ পলমকৈ আহিব,

হয়তো মোৰ সপোনটোৱে

অলপ বেছি বাট খোজ কাঢ়িব।

সেইবাবেই আজি

নিজকে মাত্ৰ এটুকুৰা কথা কওঁ—

“অলপ ভাগৰি পৰিছোঁ, কিন্তু হাৰ নামানোঁ।”

কাৰণ জীৱনটো এখন কিতাপ,

এটা পৃষ্ঠা বেয়া হ’লেই

গোটেই কাহিনী শেষ নহয়।

এতিয়াও কিছুমান পৃষ্ঠা খালী আছে—

তাতেই হয়তো

মোৰ আটাইতকৈ সুন্দৰ অধ্যায়টো এদিন লিখা হ’ব।।

Post a Comment

0 Comments