মোৰ কলম, মোৰ সপোন ,শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ। এম,এ(অসমীয়া বিভাগ)

মোৰ কলম, মোৰ সপোন  ✍️শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ।  এম,এ(অসমীয়া বিভাগ)


 মোৰ কলম, মোৰ সপোন

✍️শ্ৰীমতী ৰশ্মিজ্যোতি নৰহ।

এম,এ(অসমীয়া বিভাগ)


কলমটো হাতত লওঁ যেতিয়া,

শব্দবোৰে কথা কয়,

মনৰ গোপন অনুভৱবোৰ

কবিতাৰ ৰূপত সজায়।


কেতিয়াবা সুখৰ মিচিকীয়া হাঁহি,

কেতিয়াবা দুখৰ ছাঁ,

কলমৰ আবেগৰে বৈ যায়

জীৱনৰ অলেখ কাহিনী।


জীৱনৰ বাট মসৃণ নহয়,

কাঁইটেৰে ভৰা পথ,

সপোন বুকুত জীয়াই ৰাখি

আগুৱাই যাওঁ অবিৰত।


বিফলতাই বাধা দিলেও,

নকৰোঁ কেতিয়াও ভয়,

এবাৰ পৰিলেও আকৌ উঠি

নতুন আশাৰে ৰৈ।


মোৰ কলমে বিচাৰে মাথোঁ

মানুহৰ মন চুবলৈ,

এটি সৰু শব্দৰ মাজেৰে

এটি হৃদয় জগাবলৈ।


সময় বাগৰি গ’লেও এদিন

থাকিব মোৰ চিন,

কাগজৰ বুকুত জীয়াই থাকিব

মোৰ সুখ,দুখৰ শব্দবোৰ ।


কলম মোৰ সপোনৰ সখী,

কলম মোৰ প্ৰাণ,

শব্দৰ মাজেৰে বিচাৰি ফুৰোঁ

জীৱনৰ নতুন কবিতা।

Post a Comment

0 Comments