শেষত মাথোঁ চকুলো ৰ’ল,শ্ৰীমতী কুঞ্জলতা টাইদ

কবিতা প্ৰেমৰ

শেষত মাথোঁ চকুলো ৰ’ল

শ্ৰীমতী কুঞ্জলতা টাইদ 

তুমি মোক ভালপোৱাৰ নামত

কিমান যে দুখ দিলা,

মোৰ হাঁহিৰ আঁৰত লুকাই থকা

কান্দোনবোৰ কেতিয়াও নেদেখিলা।

তোমাৰ প্ৰয়োজনত মই আপোন,

প্ৰয়োজন শেষ হ’লে অচিনাকি,

পেলনীয়া সামগ্ৰীৰ দৰে

ব্যৱহাৰ কৰিলা মোক বাৰে বাৰে-

তথাপিও মই তোমাকেই

সঁচা বুলি ভাবি ৰ’লোঁ নীৰৱে।

মোৰ সপোনবোৰ তোমাৰ হাতত

এদিন ফুলৰ দৰে আছিল,

আজি সেই ফুলবোৰেই যেন

অৱহেলাত শুকাই গ’ল।

ৰাতিৰ নিস্তব্ধতাত

তোমাৰ কথাবোৰ মনত পৰে,

চকুৰ কোণত জমা হোৱা পানীবোৰে

মোৰ বুকুৰ দুখবোৰ কৈ ফুৰে।

মই জানো-

VFA mock test-10 click now

ভালপোৱা মানে কষ্ট দিয়াটো নহয়,

ভালপোৱা মানে ভাঙি পেলোৱাটো নহয়,

ভালপোৱা মানে দুটা হৃদয়ক

আশ্ৰয় দি জীয়াই ৰখা।

সেয়ে আজি

তোমাৰ পৰা আঁতৰি আহিলেও

মই হাৰি যোৱা নাই;

মই মাথোঁ বুজি পালোঁ-

যিজনে মোক পেলনীয়া ভাবে,

তেওঁৰ জীৱনত

মোৰ মূল্য নাথাকিব পাৰে,

কিন্তু তাৰ অৰ্থ এইটো নহয়

যে মই মূল্যহীন।

এদিন মোৰ চকুৰ পানী শুকাব,

এদিন বুকুৰ দুখো আঁতৰি যাব,

আৰু সেইদিনা মই হাঁহি ক’ম-

“তোমাক ভাল পাইছিলোঁ,

কিন্তু নিজকে হেৰুৱাই

কেতিয়াও তোমাক ভালপাব নোৱাৰোঁ।”

মই পেলনীয়া নাছিলোঁ,

মই কেৱল ভুল মানুহজনৰ 

হাতত মোৰ হৃদয়খন

অতি সঁচাকৈ দি পেলাইছিলোঁ।।

Post a Comment

0 Comments