সপোনৰ ৰাজকুঁৱৰী,অজয় পগাগ

 


সপোনৰ ৰাজকুঁৱৰী
অজয়  পগাগ

সপোনবোৰৰো হয়তো নিজা এখন পৃথিৱী থাকে য’ত বাটৰ কোনো ঠিকনা নাথাকে, সময়ৰ কোনো হিচাপ নাথাকে, আৰু মানুহবোৰে নিজৰ পৰিচয় নোহোৱাকৈয়ে হৃদয়ত ঠাই লৈ যায়।


সেইদিনা মই সপোনত ডিব্ৰুগড়লৈ গৈ আছিলোঁ।

বাছখনৰ আগৰ চিটটোত, ঠিক চালকৰ কাষতে বহি আছিলোঁ। কিয় জানো, ভাগ্যই মোক তাতেই বহুৱাই দিছিল। খিৰিকীৰে বাহিৰলৈ চাই দেখিছিলোঁ—বাটবোৰ পিছলৈ দৌৰিছে, গছবোৰে যেন মোক বিদায় দিছে, আৰু অচিনাকি আকাশখনে মোৰ যাত্ৰাৰ গন্তব্যটো লুকুৱাই ৰাখিছে।


মোৰ হাতত টিকট নাছিল। নাছিল গন্তব্যৰ ঠিকনাও ।

মাত্ৰ এটা বিশ্বাস আছিল— 

মই ডিব্ৰুগড়লৈ গৈ আছোঁ। 

কিন্তু সপোনৰ বাটে কেতিয়াও মানুহৰ ইচ্ছা নামানে।


বাছখন কেতিয়া ডিব্ৰুগড়ৰ বাট এৰি আন এখন অচিনাকি পৃথিৱীত সোমাই পৰিল, মই গমেই নাপালোঁ। পথৰ দাঁতিত এখন বজাৰ। অচিনাকি মানুহৰ ভিৰ। মাছ বিক্ৰী কৰা এজন মানুহে মোৰ ফালে চাই এনে এটা কাহিনী কৈ আছিল, যাৰ অৰ্থ মই বুজি নাপালোঁ; তথাপিও কাহিনীটো শুনি কিবা এটা অনুভৱ হৈছিল।


বাছখন আগবাঢ়ি গৈ আছিল। মইও যেন বাছখনৰ সৈতে নহয়, চিলমিল টোপনিৰে নিজৰ সপোনৰ সৈতে আগবাঢ়ি গৈ আছিলোঁ।

হঠাৎ চকু মেলিলোঁ। বাছখন ৰৈ আছিল।


কোনোবাই ক’লে— 

“এইখন অল অসম টুৰিজমৰ বাছ।”

চালকজনে অলপ জিৰণি ল’ব। 

দুঘণ্টাৰ অৱকাশ।


দুঘণ্টা!

সপোনৰ সময়ত দুঘণ্টা কিমান দীঘল, সেই কথা হয়তো ঘড়ীৰ কাঁটাডাল নাজানে। বুকুৰ ধপদপনি বাঢ়ি গৈছিল। কিন্তু বাছৰ ভিতৰতে দেখিলোঁ, কিছুমান চিনাকি মুখ। পুৰণি লগৰ কেইজনমানো আছিল। অচিনাকি ঠাইখন হঠাৎ চিনাকি যেন লাগিল।


মোৰ পেটত তেতিয়া ভোকৰ জুই বাবে বাছৰ পৰা নামি আহোঁতে পিন্ধি থকা কাপোৰযোৰো কেনেকৈ বাছৰ ভিতৰতে ছিগি গৈছিল। মই নিজেই বুজি নাপালোঁ—সপোনত কাপোৰ কেনেকৈ ছিগে, কিয় ছিগে, তাৰ কোনো যুক্তি নাথাকে।


আৰু ঠিক সেই সময়তে— (এজনী) তাইক দেখিলোঁ।

সঁচাকৈ দেখিছিলোঁনে? 

আজিও নাজানো। তাই যেন সাধাৰণ ছোৱালী নহয়, সপোনৰ বুকুত হঠাৎ নামি অহা কোনোবা সৰগৰ পৰী।


তাই হাঁহিছিল।

সেই হাঁহিটোত এনে এটা নিশ্চিন্ততা আছিল, যেন পৃথিৱীত কোনো দুখেই কেতিয়াও তাইক স্পৰ্শ কৰা নাই।

মোৰ ছিগি যোৱা কাপোৰযোৰলৈ চাই তাই একো নুসুধিলে।


কেৱল মোক কাপোৰ দিছিল।

সেই মুহূৰ্তত কিয় জানো এনে লাগিল— সৰগৰ পৰা কোনোবাই মোক আশীৰ্বাদ পঠিয়াইছে।

তাৰ পিছত তাই ক’ত গ’ল, মই নাজানিলোঁ।

অলপ পিছতে দেখিলোঁ—পথৰ কাষৰ এখন খেলপথাৰত তাই ক্রিকেট খেলি আছে।


হাতত বেট। চাৰিওফালে বহুজন খেলুৱৈ।

কিন্তু মোৰ চকু কেৱল তাইৰ ওপৰত।

তাই বহুতৰ মাজতো যেন পৃথক খেলি আছিল।


মই হাঁহি ক’লোঁ—

“বেটিং কৰা, বলিং মই কৰিছোঁ।”


তাই বেট ঘূৰালে।

প্ৰতিটো বল যেন বতাহ ফালি আকাশলৈ উঠি গ’ল।


মই হাত চাপৰি বজালোঁ, খেলৰ শলাগ লৈছিলোঁ।

কিন্তু হঠাৎ তাইৰ মুখৰ হাঁহিটো হেৰাই গ’ল।

(কিয় গম নাপাওঁ সপোনত কেতিয়া কি হয় নাজানো)

এটা মুহূৰ্ততে যেন আকাশখন মেঘেৰে ঢাকি গ’ল।

মই তাইৰ ওচৰলৈ গৈ সুখিলো—


“কি হ’ল?”

তাই কিছু সময় মনে মনে থাকিল।


তাৰ পিছত ক’লে—


“মই গাঁৱৰ ছোৱালী।”

মাত্ৰ এই দুটা শব্দতেই যেন তাইৰ বহু বছৰৰ কাহিনী লুকাই আছিল।


তাই ক’লে—খেলৰ প্ৰতি তাইৰ ভালপোৱা আছিল। প্ৰতিভা আছিল। সপোন আছিল। কিন্তু জাতীয় পৰ্যায়লৈ যোৱাৰ বাটটো তাইৰ বাবে কোনোবাই খুলি দিয়া নাছিল। (হয়তো ঘৰৰ মানুহ)


সুযোগটো আহিছিল, কিন্তু হেৰাই গৈছিল।

মানুহে হয়তো তাইৰ খেল দেখিছিল, কিন্তু তাইৰ সপোনটো দেখা নাছিল, তথাপিও খেলি আছিল।


মই তাইৰ চকুলৈ চাই আছিলোঁ।

সেই চকুত মই দেখিলো— এটা হেৰুওৱা খেল, 

এটা ভাঙি যোৱা সপোন আৰু তাৰ মাজতো জীয়াই থকা এগৰাকী ছোৱালী।


আমি কথা পাতিবলৈ ধৰিলোঁ।

কেতিয়া কথা হাঁহিলৈ পৰিণত হ’ল, কেতিয়া হাঁহি চিনাকিত পৰিণত হ’ল—মই নাজানিলোঁ।

সপোনৰ মানুহবোৰৰ সৈতে চিনাকি হ’বলৈ সময় নালাগে।

এটা মুহূৰ্তই যথেষ্ট।


কথাৰ মাজতে তাই মোক ক’লে—“তুমি ডিব্ৰুগড়ত নাই।”

মই আচৰিত হৈ চাৰিওফালে চাই সুধিলোঁ—


“তেন্তে ক’ত?”


উত্তৰ আহিল— “দুধনৈ।”


দুধনৈ!

মই যেন হঠাৎ বুজি পালোঁ—মোৰ বাছখন কেৱল ডিব্ৰুগড়ৰ বাটৰ পৰা আঁতৰি যোৱা নাছিল; 

ই মোক মোৰ গন্তব্যৰ পৰা নহয়, মোৰ সপোনৰ মাজলৈ লৈ আহিছিল।


মই আকৌ তাইৰ ফালে চালোঁ। তাই হাঁহি আছিল।

বৰ মৰম লগা মুখখনি কেতিয়াও জীৱনত দেখা নাই যে একেসময়তে মই তাইৰ প্ৰেমত পৰিলোঁ।

কিন্তু মই তাইৰ নামটো সুধিবলৈ পাহৰি গ’লোঁ।

সপোনে হয়তো ইচ্ছাকৃতভাৱেই মোক সেইটো পাহৰাই দিলে।


কিছু সময় পিছত বাছখন যাবলৈ সাজু হ’ল।

মই উঠিলোঁ। 

খিৰিকীৰে বাহিৰলৈ চালোঁ।

তাই খেলপথাৰত থিয় হৈ আছিল। 

মই হাত জোকাৰিলোঁ।


তাইও হাঁহিলে। 

বাছখন চলিবলৈ ধৰিলে।


আৰু ঠিক সেই মুহূৰ্ততে— চকু মেলিলোঁ।

সাৰ পালোঁ আৰু সকলো শেষ।

না মই ডিব্ৰুগড়ত আছিলোঁ। না মই দুধনৈত।

আৰু না মই অল অসম টুৰিজম বাছখনত।


পথৰ কাষৰ বজাৰখন আৰু সেই খেল পথাৰখন

লগত সেই ছোৱালীজনীও নাছিল।

মোৰ হাতত আছিল কেৱল এটা সপোনৰ স্মৃতি।


কিন্তু অদ্ভুত কথাটো হ’ল—

সপোন শেষ হোৱাৰ পিছতো তাইৰ মুখখন মোৰ মনত স্পষ্ট হৈ আছিল। সপোন শেষ হ'ল, কিন্তু তাইৰ চেহেৰাটো মনত ৰৈ গ'ল।


দুৰ্ভাগ্য তাইৰ নাম নাজানিছিলোঁ। ঠিকনা বুলিবলৈ মাথোঁ দুধনৈ। নাজানিলোঁ তাইৰ সন্ধানৰ কোনো পথ।

কেৱল জানিছিলোঁ—এজনী ছোৱালী আছিল, যিয়ে নিজৰ হেৰুওৱা সপোনৰ কথা কৈও হাঁহিব পাৰিছিল।

যাৰ বাবে আজিও মই সপোনত আকৌ লগ পোৱাৰ আশংকাই নিতৌ ৰাতি বিচনাত তাইৰ কথা সোৱঁৰাই থাকোঁ।


আজিকালি কেতিয়াবা সেউজীয়া পথাৰৰ মাজেৰে বতাহ পাৰ হৈ যায়, মোৰ মনটো আকৌ সেই সপোনৰ বাছখনত উঠি যাব মন। 

সপোনৰ বাছখন বিচাৰি কেতিয়াবা ধেমাজি। কেতিয়াবা ডিব্ৰুগড়। কেতিয়াবা তিনিচুকীয়া।

আৰু কেতিয়াবা সেই পথটোৱে মোক লৈ যায় শদিয়ালৈকে।


মই জানো—এই যাত্ৰাৰ কোনো মানচিত্ৰ নাই।

তথাপিও আজি মই তাইক দিঠকতো বিচাৰি ফুৰোঁ।

হয়তো কোনোবা জোনাকী নিশাত, কোনোবা অচিনাকি খেলপথাৰত, আকৌ সেই হাঁহিটো দেখা পাম।


হয়তো তাইৰ হাতত আকৌ বেটখন থাকিব।

হয়তো এইবাৰ মই প্ৰথমেই সুধিম—

“তোমাৰ নামটো কি?”


কিন্তু হয়তো সপোনৰ আটাইতকৈ নিষ্ঠুৰ নিয়মটো এইটোৱেই— যাক সপোনত হৃদয়ে বিচাৰি পাওঁ,

দিঠকত তাক বিচাৰি পোৱাৰ কোনো ঠিকনা নাথাকে।


তথাপিও মই অপেক্ষা কৰিম। কাৰণ কিছুমান মানুহক আমি দিঠকত লগ নাপালেও, তেওঁলোক সপোনৰ পৃথিৱীত এনেদৰে সোমাই যায়—

যে সপোন ভাঙি যোৱাৰ পাছতো তেওঁলোকক হেৰুৱাই পেলোৱাৰ দুখ সঁচা হৈ থাকে।


যেনেকৈ সেইদিনা দুধনৈৰ খেলপথাৰত মই যাৰ নাম নজনাকৈ হেৰুৱাইছিলোঁ— তাই হয়তো কোনো মানুহেই নাছিল। 

হয়তো তাই আছিল—

মোৰ নিজৰ সপোনে আঁকি থোৱা এজনী কুঁৱৰী।

মোৰ সপোনৰ ৰাজকুঁৱৰী।

মোৰ সপোনৰ ৰাজকুমাৰী।

Post a Comment

0 Comments