নিশাৰ বাটে বাটে আশাৰ অন্বেষণ,ভবেন পগাগ

 
নিশাৰ বাটে বাটে আশাৰ অন্বেষণ,ভবেন পগাগ

নিশাৰ বাটে বাটে আশাৰ অন্বেষণ
                               ভবেন পগাগ


ঘৰৰ মানুহে বিদ্যালয়লৈ যোৱা বিদ্যালয়লৈ যোৱা শিক্ষা-দিক্ষা লোৱা ডাঙৰ মানুহ হোৱা বুলি আগতে মোক ঘৰৰ পৰা বিদ্যালয়লৈ পঠিয়াইছিল। মানুহে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি মধুৰ আচৰণ, সজ আৰু হিত চিন্তা, সজ পৰামৰ্শ, ঈৰ্ষা শূন্য ভাব, ধৈৰ্য, মৰম, স্নেহ, দয়া, সততা, নিষ্ঠা গুণসমূহ পৰ্যবেক্ষণ কৰিব নোৱাৰি বা শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। কেতিয়াবা ফোটপাত বজাৰত, কেতিয়াবা তিনি আলি-চাৰি আলিত, কেতিয়াবা বাছত আৰু কেতিয়াবা ৰে'লত ভ্ৰমণ কৰোঁতে সেই গুণসমূহ আহৰণ কৰিব পাৰোঁ।লক্ষীমপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছিলোঁ। স্বাস্থ্য মানুহৰ মৌলিক অধিকাৰ। সেইবাবে ৰে’ল ষ্টেচনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰলৈ গৈ ভাত খাই পুনৰ ষ্টেচনলৈ খোজ কাঢ়ি আহি আছিলোঁ। হাতত সময় আছিল বুলি ভাবিছিলোঁ।বাটত অটোৰিক্সাবোৰে বাৰে বাৰে সুধি আছিল—“ৰে’ল ষ্টেচন যাবা নেকি?” এটা পিছত এটা অটো আহি একেটা প্ৰশ্ন সোধাত অলপ আমনি লাগিছিল। সেয়েহে এজন চালকে আকৌ সোধাত মই অলপ বেলেগ ধৰণে ক’লোঁ—“ৰে’ল ষ্টেচনলৈকে গৈ আছোঁ"।চালকজনে একো নকৈ মিচিকিয়াই হাঁহি আঁতৰি গ’ল। মইয়ো মোৰ বাটেৰে গৈ থাকিলোঁ।কিন্তু অলপ পাছতেই বুজিলোঁ, সময়ৰ মূল্য কিমান!ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ যোৱা ৰে’লখন ১:৫০ বজাত আছিল। মই ষ্টেচনত উপস্থিত হওঁতেই ৰে’লখন ষ্টেচন এৰি গৈছিল । কৰ্মচাৰীক সুধিলোঁ—“যোৰহাটলৈ যোৱা আৰু  ৰে’ল আছে নেকি?”তেওঁ ক’লে—“দেৰি নকৰিবা। অনতিপলমে বাছত যোৱা। ২:৪০ বজাত তিনিচুকীয়াৰ পৰা যোৰহাট যোৱা ৰে'ল এখন আছে"।ৰে’ল ষ্টেচনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ অটোৰিক্সা এখনত উঠিলোঁ। চালকজনে ক’লে—“অলপ সময় ৰৈ দিয়া, দুই-এজন যাত্ৰী ওলাব পাৰে। একেলগে গ’লে ভাল হ’ব।” অন্যথা তুমি ৰিজাৰ্ভ  কৰিব লাগিব।মই ক’লোঁ—“২:৪০ বজাৰ ৰে’লখন ধৰিব লাগিব। মোৰ ওচৰত সময় নাই।”চালকজনে আন এজন অটোৰিক্সা চালকৰ লগত কথা পাতি মোক ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱাৰ সুবিধা কৰি দিলে। অনলাইনত ৫০ টকা ভাড়া দিলোঁ। কিন্তু চালকজনে সুধিলে—“কিমান টকা মাৰিলা?”মই ক’লোঁ—“৫০ টকা।”তেওঁ ক’লে—“৫০ টকা নহয়, তোমাক মই তেখেতৰ পৰা ৫০ টকা আনিছোঁ আৰু সি কৈছিল মোক ৮০ টকা দিব বুলি।মই ক’লোঁ—“কিন্তু মোৰ ভাড়া ৫০ টকাহে। মই ৫০ টকাহে দিব পাৰিম।” তেওঁ কিবা-কিবি কৈ আছিল--শেষত মই ক’লোঁ—আপুনি যাৰ লগত ৮০ পাব দিব বুলি কথা পাতিছে। তেওঁৰ পৰা ৩০ টকা লৈ ল’ব। মোৰ দেৰি হৈছে।”তাৰ পাছত মই বাছত উঠিলোঁ।

দুৰ্ভাগ্যবশতঃমই বাছত উঠাৰ ঠিক সেইসময়তে স্কুল ছুটী দিয়াৰ সময় বাটত ছাত্ৰ-ছাত্ৰী উঠিছে-নামিছে।  এনেকৈ কৰি কৰি থাকোঁতে আঠা ৰাস্তাত ০২:৩০ বাজিলে। হিচাপ কৰি দেখিলোঁ, তিনিচুকীয়া পাবলৈ ৩:২০ বাজি যাব। সেয়েহে বাছৰ পৰা নামি পুনৰ ডিব্ৰুগড়লৈ যোৱা এখন বাছত উঠিলোঁ।সেই নিশা টোপনি নাহিল। মনটো চিন্তাত ভাঙি পৰিছিল। এটা কথাই মনত আছিল—“কাইলৈ যোৰহাট পাবই লাগিব।”ৰাতিপুৱা ৩:০০ বজাত ষ্টেচনৰ পৰা ওলাই ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ বাবে অপেক্ষা কৰি আছিলোঁ। তাত এগৰাকী মহিলাই মোক সুধিলে—“তুমি ক’লৈ যাবা?”মই ক’লোঁ—“যোৰহাট। আপুনি ক’লৈ যাব?”

তেওঁ ক’লে—“মই মাকুম যাম।”

নাইট চুপাৰ বাছ এখন আহিল আৰু তেওঁ গুচি গ’ল।মই অকলে ৰৈ থকা দেখি এজন ট্ৰাক চালকে সুধিলে—“তুমি ক’লৈ যাবা?”মই একেই উত্তৰ দিলোঁ—“যোৰহাট।”তেওঁ ক’লে—“ইয়াৰ পৰা যোৰহাটলৈ বাছ নাপাবা।”তাৰ পাছত তেওঁ এজন অটোৰিক্সা চালকৰ লগত কথা পাতি মোক বাছ ষ্টেণ্ডলৈ পঠিয়াই দিলে।আকৌ অপেক্ষা আৰম্ভ হ’ল।

কোনোবাই ক’লে—“আজি যোৰহাট যোৱা বাছবোৰ নিৰ্বাচনী সভালৈ গৈছে।” গতিকে যোৰহাটলৈ যোৱা বাছ পোৱাটো আশা নাই।চিন্তাত চকু ৰঙা হৈ পৰিছিল। কথা ক’বলৈও মন যোৱা নাছিল। নীৰৱে থিয় হৈ আছিলোঁ।

অৱশেষত এখন বাছ আহিল। বাছখন দেখি মনটো অলপ আনন্দিত হ’ল। বাছত বহি আমনি লাগি চালকজনক সুধিলোঁ—“কেতিয়া যাম?”

চালকজনে ক’লে—“আজি যোৰহাটলৈ এইখনেই বাছ। অলপ ৰৈ দিওঁ, এজন-দুজন যাত্ৰী আহিব পাৰে।”অৱশেষত বাছখন ৰাওনা হ’ল। শিৱসাগৰ পালোঁ। চালকে ক’লে—“৩০ মিনিট ৰখিম। কোনোবাই খোৱা-বোৱা কৰিব বিচাৰিলে কৰি ল’ব পাৰে।”বাছৰ পৰা নামি ৰুটি অৰ্ডাৰ কৰিলোঁ। ঠিক সেই সময়তে এজন মগনীয়া আহি হোটেলৰ গৰাকীক ক’লে—“যোৱা কালিৰ পৰা একো খোৱা নাই। কিবা খাবলৈ দিয়ক।”হোটেলৰ গৰাকীয়ে “বহনি হোৱা নাই” বুলি কৈ তেওঁক ঘূৰাই পঠিয়ালে।মোৰ মনত এটা ভাব আহিল—দুটা ৰুটি আহিব, তাৰ এটা মই খাম আৰু আনটো তেওঁক দিম। তেওঁ যোৱা ৰাতিৰ পৰা খোৱা নাই, ময়ো ভালদৰে খোৱা নাই। গতিকে আমি দুয়োটাই ভোকাতুৰ।কিন্তু ৰুটি অহাৰ সময়ত তেওঁ আৰু তাত নাছিল। তেওঁ ৰে’লগাড়ীৰ দৰে সময়মতে ৰৈ নাথাকি গুচি গৈছিল। মোৰ মনৰ সেই সৰু ইচ্ছাটো মনতে থাকি গ’ল।যোৰহাট বাইপাছত বাছৰ এণ্ডিমেনক ক’লোঁ—“মোক প্ৰিয়া ভৱনত ৰখাই দিব।”

বাছৰ চালকজনে গম পাই সুধিলে—“তুমি RRB Group D পৰীক্ষা দিবলৈ আহিছা নেকি?”মুখেৰে একো ক’বলৈ মন যোৱা নাছিল। মাত্ৰ ক’লোঁ—“সম।”পৰীক্ষা আৰম্ভ হ’বলৈ এতিয়াও প্ৰায় এঘণ্টা সময় আছিল। কিন্তু মোৰ মোবাইলৰ চাৰ্জ শেষ হৈ আহিছিল। তাৰ ওপৰত এডমিট কাৰ্ড ডাউনলোড কৰি কম্পিউটাৰ দোকানত প্ৰিণ্ট উলিয়াব লাগিব।এখন কম্পিউটাৰ দোকানত গৈ সুধিলোঁ—“অলপ সময়ৰ বাবে ফোনটো চাৰ্জিং কৰি দিব পাৰিব নেকি?”তেওঁ ক’লে—“জেগা নাই।”আন এখন সৰু হোটেলতো সুধিলোঁ। উত্তৰ একেই—“ইয়াত কাৰেণ্টৰ কানেকচন নাই।”প্ৰায় দুই কিলোমিটাৰ দূৰত এখন হোটেলত চাৰ্জিং ব’ৰ্ড দেখি সোমালোঁ। ভোকো বিশেষ নাছিল, তথাপিও সুধিলোঁ—“পৰ্টা আছে নেকি?”থাকিলে দিবলৈ ক’লোঁ। লগতে ক’লোঁ—“মোৰ হাতত নগদ পইচা নাই, অনলাইন পেমেণ্ট কৰিব পাৰিম। তাৰ কাৰণে অলপ সময় ফোনটো চাৰ্জিংত লগাই দিব লাগিব।”বিশ মিনিটমানৰ পাছত দেখিলোঁ ফোনটো ৫০ শতাংশ চাৰ্জ হৈ গৈছে। ৪৫W চাৰ্জাৰ হোৱাৰ বাবে সোনকালে চাৰ্জ হৈছিল। সেই মুহূৰ্তত যেন মোৰ বাবে ফোনটো কেৱল এটা যন্ত্ৰ নহয়, আগবাঢ়ি যোৱাৰ এটা মিত্ৰ আছিল।ৰাতি হোটেল বা Homestay-ত থাকিবলৈ মোৰ হাতত পইচা নাছিল। ঘৰলৈ উভতি যাবলৈ মোৰ বাবে এটা সুবিধা আছিল—ST(P) হিচাপে ৰে’লত যাতায়াতৰ সুবিধা ফ্ৰী।


সেয়ে ৰাতি এন্ধাৰে-এন্ধাৰে Google Maps চাই ৰে’ল ষ্টেচনলৈ গৈ থাকিলোঁ। ষ্টেচনৰ সন্মুখত এখন হোটেলত গাহৰি মাংসৰ দাম ১৫০ টকা বুলি লিখা দেখি খাবলৈ মন গৈছিল। হোটেলৰ সন্মুখলৈকে গৈছিলোঁ, কিন্তু বেংক বেলেন্স মনত পৰাত পুনৰ ঘূৰি আহিলোঁ।


ৰাতি RPF-ৰ এজন Constable-এ সুধিলে—“ক’লৈ যাবা?”

তেতিয়া গন্তব্যস্থান সলনি হৈছিল -- ডিব্ৰুগড়।

মই ক’লোঁ—“ডিব্ৰুগড়লৈ।”


তেওঁ ক’লে—“এতিয়া ৰে’ল নাই। কাইলৈ পুৱা ৫:৫০ বজাত ৰে’ল আছে। আৰু ইয়াত ৰাতি মানুহক ষ্টেচনত শুই থাকিবলৈ দিয়া নহয়।”


সিফালে গভীৰ টোপনি আৰু ঠাণ্ডাই মোক এৰি দিয়া নাছিল। তথাপিও অপেক্ষা কৰি শুই থাকিলোঁ।


পুৱা হ’ল। মানুহবোৰ আহি টিকটৰ বাবে শাৰী পাতিবলৈ আৰম্ভ কৰিলে। মইয়ো কাউণ্টাৰত গৈ ক’লোঁ—“এটা টিকট লাগিছিল।”

নিশাৰ বাটে বাটে আশাৰ অন্বেষণ,ভবেন পগাগ


এডমিট কাৰ্ড দেখুৱালোঁ। কাউণ্টাৰৰ কৰ্মচাৰীজনে ক’লে—“তোমাক পাছত মাতিম। তুমি অলপ সময় বাহিৰত বহা।”অৱশেষত কৰ্মচাৰী ক'লে তুমি টিকটত নোহোৱাকৈ যাব লাগিব যদিও টিকট চোৱা কৰ্মচাৰী আহে তেতিয়া তোমাৰ এডমিট কাৰ্ড দেখুৱাই ল'ব ক'লে।ৰে’লত গৈ থকা সময়তে বহিঃক্ৰীড়া সম্পাদকৰ ফোন আহিল। আন্তঃমহাবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড়লৈ যাব লাগিছিল।মই ক’লোঁ—“বৰ্তমান মই ডিব্ৰুগড়লৈ গৈ আছোঁ। আজি ঘৰলৈ নাযাওঁ। ইয়াতেই থাকিম। কাইলৈ পুৱা তোমালোকে আহিবা। কিন্তু আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতালৈ যাবলৈ মহাবিদ্যালয়ৰ পৰা দিয়া গাড়ী ভাড়াখিনি মোক অনলাইনত দি দিবা।”পুৱা ৫:৫০ বজাত যোৰহাট টাউনৰ পৰা ৰে’লত উঠি প্ৰায় ১১:০০ বজাত ডিব্ৰুগড় পালোঁ। দিনটোৰ পৰা ৰাতিলৈকে ৰে’ল ষ্টেচনতেই সময় পাৰ কৰিলোঁ।পিছদিনা মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত উপস্থিত হৈ আন্তঃমহাবিদ্যালয় “দবা” প্ৰতিযোগিতাৰ বাবে পঞ্জীয়ন কৰিলোঁ। তাত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকৰ লগতো সাক্ষাৎ হ’ল। আবেলি তেওঁ মোক বাহিৰত ম’ম’ খুৱালে।দবা প্ৰতিযোগিতাত মই ৫খন খেলৰ ভিতৰত ৩খনত জয়লাভ কৰিবলৈ সক্ষম হ’লোঁ। আনহাতে, মহিলা দবা দলটোৱে লক্ষীমপুৰ বাণিজ্যিক মহাবিদ্যালয়ৰ হৈ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ল।জয়ৰ মুহূৰ্ত আনন্দময় আছিল, কিন্তু মনটো সম্পূৰ্ণ ভাল লগা নাছিল।কাৰণ আমাৰ মহাবিদ্যালয়ৰ বহিঃক্ৰীড়াৰ তত্বাৱধায়ক বা মহাবিদ্যালয়ৰ ফালৰ পৰা প্ৰতিযোগিতাখনৰ জয়ী আৰু ঘৰলৈ অহাৰ সময়ত বিশেষ খবৰ লোৱা হোৱা নাছিল। অন্য মহাবিদ্যালয়ৰ অধ্যাপকসকলে নিজে ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ আহিছিল। কোনো কোনো মহাবিদ্যালয়ে ছয়গৰাকীলৈকে খেলুৱৈ লগত লৈ আহিছিল। আমাৰ মহাবিদ্যালয়ৰ পৰা মাত্ৰ এজন ল’ৰা আৰু এগৰাকী ছোৱালীক পঠিওৱা হৈছিল।বঁটা বিতৰণী অনুষ্ঠানত মোক '"দবা" খেলত অংশগ্ৰহণ কৰি কেনেকুৱা অনুভৱ? আৰু নৱ প্ৰজন্মৰ বাবে তুমি কি বাৰ্তা দিব"।মই কলোঁ-- দবা কেৱল জয়-পৰাজয়ৰ খেল নহয়; ই ধৈৰ্য, একাগ্ৰতা, কৌশল আৰু সঠিক সিদ্ধান্ত লোৱাৰ শিক্ষা দিয়ে। নৱ প্ৰজন্মই দবাৰ দৰে বৌদ্ধিক খেলৰ প্ৰতি আগ্ৰহী হোৱা উচিত। মোবাইল আৰু সামাজিক মাধ্যমত অধিক সময় ব্যয় নকৰি নিজৰ মেধা আৰু সৃষ্টিশীলতা বিকাশৰ বাবে সময় দিব লাগে।জয়ৰ সময়ত অহংকাৰ নকৰিবা, পৰাজয়ৰ সময়ত হতাশ নহ’বা। প্ৰতিটো পৰাজয়ৰ পৰা শিক্ষা লৈ পুনৰ চেষ্টা কৰাটোৱেই প্ৰকৃত সফলতা। জীৱনতো দবাৰ দৰেই প্ৰতিটো খোজ চিন্তা-চৰ্চা কৰি আগবঢ়াব লাগে।তথাপিও এই সমগ্ৰ যাত্ৰাই মোক এটা কথা শিকালে—সফলতা কেৱল পুৰস্কাৰ বা ফলাফলৰ নাম নহয়। সফলতা হৈছে বাধাৰ মাজতো আগবাঢ়ি যোৱাৰ সাহস। আৰু জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কেতিয়াবা কিতাপৰ পৰা নহয়, বাটত লগ পোৱা অচিনাকি মানুহৰ সৰু সৰু আচৰণৰ পৰাই আহে।কোনোবাই অটোৰিক্সাৰে বাট দেখুৱাই দিয়ে, কোনোবাই সময়ৰ কথা ভাবি সহায় কৰে, কোনোবাই ট্ৰাক চালকজনে ৰখাই পথ দেখুৱাই দিয়ে। আকৌ কোনোবাই সহায় বিচাৰিও খালী হাতে উভতি যায়।এই যাত্ৰাত মই বহু মানুহ লগ পালোঁ, বহু পৰিস্থিতিৰ সন্মুখীন হ’লোঁ, বহু ৰাতি নোশোৱাকৈ পাৰ কৰিলোঁ। কিন্তু শেষত যোৰহাটত পৰীক্ষা দিব পাৰিলোঁ, ডিব্ৰুগড়ত আন্তঃমহাবিদ্যালয় দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিলোঁ আৰু জয়ৰ সোৱাদো লাভ কৰিলোঁ।

জীৱন এখন বিদ্যালয়—য’ত বাটেই শিক্ষক, মানুহবোৰেই পাঠ আৰু অভিজ্ঞতাবোৰেই শিক্ষা।

Post a Comment

0 Comments